--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চনু সুদ ৷ ৰীল লাইফৰ খলনায়ক ৰিয়েল লাইফৰ হিৰ'৷ বলীউডৰ খলনায়ক হিচাপে খ্যাত চনুৰ আছে এখনি বহল অন্তৰ ৷ চনু সুদ কেৱল তেওঁৰ মচলা চৰিত্ৰৰ বাবেই নহয়, সমাজলৈ তেওঁৰ অৱদানৰ বাবেও দৰ্শকৰ মাজত সুপৰিচিত, এজন সমাজহিতৈষী হিচাপে। অভিনেতাজনে প্ৰায়ে লোকসকলক সহায় কৰিছিল বিশেষকৈ ক'ভিড ১৯ মহামাৰীৰ সময়ত। এক শেহতীয়া প্ৰতিবেদন অনুসৰি, চনু সুদ আৰু অভিনেতা ধনুষ আগবাঢ়ি আহিছিল প্ৰখ্যাত নৃত্য পৰিচালক শিৱশংকৰক সহায় কৰিবলৈ৷ কিয়নো তেওঁক ক'ভিডত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, শিৱশংকৰ এজন জনপ্ৰিয় দক্ষিণ ভাৰতীয় নৃত্য পৰিচালক৷ তেওঁ বিগত কেইবছৰমানত বিভিন্ন চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ মাগাধিৰাৰ 'ধীৰা ধীৰা ধীৰা' গানত কৰা কামৰ বাবে ২০০৮ চনত শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। চলচ্চিত্ৰখনত ৰাম চৰণ আৰু কাজল আগৰৱালে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু বাহুবলী খ্যাত এছ এছ ৰাজামৌলীয়ে পৰিচালনা কৰিছিল। শিৱশংকৰে একাধিক তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনেতা হিচাপেও কাম কৰিছে, যাৰ কিছুমানে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে।

বিগত ২৪ নৱেম্বৰত পাব্লিচিষ্ট ভামচি কাকাই শিৱশংকৰৰ স্বাস্থ্যঅৱস্থাৰ বিষয়ে টুইটাৰত পোষ্ট কৰে আৰু পৰিয়ালটোক হাস্পতালৰ বিল পৰিশোধ কৰিবলৈ সহায়ৰ আহ্বান জনায় সকলোকে। খবৰ অনুসৰি শিল্পীজনক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ক'ভিডৰ ফলত তেওঁৰ হাঁওফাঁও যথেষ্ট ক্ষতি হৈছিল আৰু তেওঁৰ পৰিয়ালৰ কেইজনমান সদস্যও কৰ'না ভাইৰাছত আক্ৰান্ত হৈছিল। উল্লেখ্য যে, তেওঁৰ পত্নী ঘৰত আছুতীয়াকৈ থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিছে আৰু তাৰ বিপৰীতে তেওঁৰ ডাঙৰ পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অভিনেতা চনু সুদে টুইটাৰ যোগে এই খবৰ লাভ কৰাৰ পাছত শিৱশংকৰ আৰু তেওঁৰ পৰিয়ালক সমৰ্থন কৰিবলৈ ওলাই আহিছিল। তেওঁ ভামচীৰ টুইটৰ এটা উত্তৰ বাদ দিছিল য'ত তেওঁ উল্লেখ কৰিছিল যে, তেওঁ পৰিয়ালটোৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁৰ সামৰ্থ অনুসৰি পৰিযালটোক সহায় কৰিব ।

ইয়াৰ পাছতেই ভামচিয়ে টুইটাৰ যোগে চনু সুদক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে অভিনেতা ধনুষক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ টুইটাৰটোত তেওঁ লিখে যে, চনু আৰু ধনুষে পৰিয়ালটোৰ কাষত দেৱদূত হিচাপে থিয় দিছে৷ ধন্যবাদ চনু ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ