--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চনু সুদ ৷ ৰীল লাইফৰ খলনায়ক ৰিয়েল লাইফৰ হিৰ'৷ বলীউডৰ খলনায়ক হিচাপে খ্যাত চনুৰ আছে এখনি বহল অন্তৰ ৷ চনু সুদ কেৱল তেওঁৰ মচলা চৰিত্ৰৰ বাবেই নহয়, সমাজলৈ তেওঁৰ অৱদানৰ বাবেও দৰ্শকৰ মাজত সুপৰিচিত, এজন সমাজহিতৈষী হিচাপে। অভিনেতাজনে প্ৰায়ে লোকসকলক সহায় কৰিছিল বিশেষকৈ ক'ভিড ১৯ মহামাৰীৰ সময়ত। এক শেহতীয়া প্ৰতিবেদন অনুসৰি, চনু সুদ আৰু অভিনেতা ধনুষ আগবাঢ়ি আহিছিল প্ৰখ্যাত নৃত্য পৰিচালক শিৱশংকৰক সহায় কৰিবলৈ৷ কিয়নো তেওঁক ক'ভিডত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, শিৱশংকৰ এজন জনপ্ৰিয় দক্ষিণ ভাৰতীয় নৃত্য পৰিচালক৷ তেওঁ বিগত কেইবছৰমানত বিভিন্ন চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ মাগাধিৰাৰ 'ধীৰা ধীৰা ধীৰা' গানত কৰা কামৰ বাবে ২০০৮ চনত শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। চলচ্চিত্ৰখনত ৰাম চৰণ আৰু কাজল আগৰৱালে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু বাহুবলী খ্যাত এছ এছ ৰাজামৌলীয়ে পৰিচালনা কৰিছিল। শিৱশংকৰে একাধিক তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনেতা হিচাপেও কাম কৰিছে, যাৰ কিছুমানে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে।

বিগত ২৪ নৱেম্বৰত পাব্লিচিষ্ট ভামচি কাকাই শিৱশংকৰৰ স্বাস্থ্যঅৱস্থাৰ বিষয়ে টুইটাৰত পোষ্ট কৰে আৰু পৰিয়ালটোক হাস্পতালৰ বিল পৰিশোধ কৰিবলৈ সহায়ৰ আহ্বান জনায় সকলোকে। খবৰ অনুসৰি শিল্পীজনক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ক'ভিডৰ ফলত তেওঁৰ হাঁওফাঁও যথেষ্ট ক্ষতি হৈছিল আৰু তেওঁৰ পৰিয়ালৰ কেইজনমান সদস্যও কৰ'না ভাইৰাছত আক্ৰান্ত হৈছিল। উল্লেখ্য যে, তেওঁৰ পত্নী ঘৰত আছুতীয়াকৈ থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিছে আৰু তাৰ বিপৰীতে তেওঁৰ ডাঙৰ পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অভিনেতা চনু সুদে টুইটাৰ যোগে এই খবৰ লাভ কৰাৰ পাছত শিৱশংকৰ আৰু তেওঁৰ পৰিয়ালক সমৰ্থন কৰিবলৈ ওলাই আহিছিল। তেওঁ ভামচীৰ টুইটৰ এটা উত্তৰ বাদ দিছিল য'ত তেওঁ উল্লেখ কৰিছিল যে, তেওঁ পৰিয়ালটোৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁৰ সামৰ্থ অনুসৰি পৰিযালটোক সহায় কৰিব ।

ইয়াৰ পাছতেই ভামচিয়ে টুইটাৰ যোগে চনু সুদক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে অভিনেতা ধনুষক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ টুইটাৰটোত তেওঁ লিখে যে, চনু আৰু ধনুষে পৰিয়ালটোৰ কাষত দেৱদূত হিচাপে থিয় দিছে৷ ধন্যবাদ চনু ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু