--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধৰ্মনিৰপেক্ষ দেশতে সদায় ধৰ্মক লৈ অৰিয়াঅঁৰি। ক্ষমতাৰ লোভতে যেন দেশত চলাইছে ধৰ্মৰ ৰাজনীতি। ভোটবেংকৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণৰ চেষ্টা চলোৱা হৈছে ভাৰতবৰ্ষত। একতাৰ ডোলেৰে বান্ধ খোৱা ভাৰতীয় নাগৰিকৰ মন-মগজুত সুমুৱাই দিয়া হৈছে ধৰ্মীয় বিভাজনৰ পোক। এইখন ধৰ্মনিৰপেক্ষ দেশতেই নামাজ পঢ়া সময়ত দিয়া হ'ল জয় শ্ৰীৰাম ধ্বনি।


গুৰুগ্ৰামত পুনৰবাৰ নামাজ আদায় কৰাক লৈ বিবাদৰ সূত্ৰপাত হৈছে। গুৰুগ্ৰামৰ ছেক্টৰ ৩৭ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ আদায় কৰিবলৈ একত্ৰিত হৈছিল। ইয়াৰ মাজতে কিছুসংখ্যক হিন্দু ধৰ্মীয় লোকৰদ্বাৰা ব্যৱধান অনাৰ চেষ্টা চলোৱা হয়। পৰিস্থিতিয়ে গুৰুতৰ ৰূপ লয় যেতিয়া হিন্দু ধৰ্মীয় লোকসকলে তাত এক প্ৰাৰ্থনাৰ আয়োজন কৰে। সেই প্ৰাৰ্থনা তেওঁলোকে ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা লোকসকৰ বাবে কৰা বুলি জনায়। তাত একত্ৰিত হোৱা মুছলমান লোকসকলে প্ৰথমতে তাৰপৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয় যদিও তেওঁলোকৰ মাজৰে কিছুসংখ্যকে উক্ত স্থানতে নামাজ পঢ়িবলৈ স্থিৰ কৰে। প্ৰায় ২৫জন ইছলাম ধৰ্মাৱলম্বী লোকে 'জয় শ্ৰীৰাম' আৰু 'ভাৰত মাতা কি জয়' ধ্বনিৰ মাজতে নামাজ আদায় কৰে। সেই সময়ত দুইপক্ষৰ মাজত ৩০ মিটাৰতকৈও কম ব্যৱধান আছিল।

ঘটনাকালত সেই স্থানত প্ৰায় ডেৰশ আৰক্ষীৰ লোক উপস্থিত আছিল যদিও মাত্ৰ ৩০ জন আৰক্ষীৰ লোকেহে দুইপক্ষৰ মাজত অৱস্থান লয়। প্ৰায় ২০ মিনিট পাছত নামাজ শেষ হোৱাৰ সময়ত একত্ৰিত হোৱা হিন্দু লোকসকলৰ মাজৰ দুজনে দুইপক্ষৰ মাজৰ ব্যৱধান পাৰ কৰি নামাজস্থলীলৈ গৈ 'জয় শ্ৰীৰাম' আৰু 'ভাৰত মাতা কি জয়' ধ্বনি দিয়ে। ইয়াৰ পাছতে মুছলমান সম্প্ৰাদায়ৰ লোককেইগৰাকী সেই স্থানৰপৰা আঁতৰি যায়।
উল্লেখ্য যে, গুৰুগ্ৰামৰ শিখ ধৰ্মাৱলম্বী লোকসকলে একতাৰ নিদৰ্শন দাঙি ধৰি মুছলমান লোকসকলক নামাজ আদায় কৰিবলৈ গুৰুদ্বাৰৰ বাট মুকলি ৰখাৰ সিদ্ধান্ত লয়। কিন্তু শুকুৰবাৰে মুছলমান সম্প্ৰদায়ৰ লোকসকলে গুৰুদ্বাৰত নামাজ পঢ়া নাছিল। চহৰখনৰ গুৰুদ্বাৰ সিং সভা সমিতিয়ে জনায় যে, ইছলামধৰ্মী লোকসকলে নামাজ পঢ়িবলৈ ঠাই বিচৰা নাছিল যদিও তেওঁলোকে সংখ্যালঘু সম্প্ৰদায়টোৰ সৈতে সহযোগ কৰাৰ সংকল্পৰ কথা স্পষ্ট কৰে। আনহাতে, মুছলমান লোকসকলে কোনোধৰণৰ সংঘৰ্ষৰ সৃষ্টি নহ'বৰ বাবেই গুৰুদ্বাৰত নামাজ আদায় নকৰাৰ সিদ্ধান্ত লোৱা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক