--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধৰ্মনিৰপেক্ষ দেশতে সদায় ধৰ্মক লৈ অৰিয়াঅঁৰি। ক্ষমতাৰ লোভতে যেন দেশত চলাইছে ধৰ্মৰ ৰাজনীতি। ভোটবেংকৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণৰ চেষ্টা চলোৱা হৈছে ভাৰতবৰ্ষত। একতাৰ ডোলেৰে বান্ধ খোৱা ভাৰতীয় নাগৰিকৰ মন-মগজুত সুমুৱাই দিয়া হৈছে ধৰ্মীয় বিভাজনৰ পোক। এইখন ধৰ্মনিৰপেক্ষ দেশতেই নামাজ পঢ়া সময়ত দিয়া হ'ল জয় শ্ৰীৰাম ধ্বনি।


গুৰুগ্ৰামত পুনৰবাৰ নামাজ আদায় কৰাক লৈ বিবাদৰ সূত্ৰপাত হৈছে। গুৰুগ্ৰামৰ ছেক্টৰ ৩৭ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ আদায় কৰিবলৈ একত্ৰিত হৈছিল। ইয়াৰ মাজতে কিছুসংখ্যক হিন্দু ধৰ্মীয় লোকৰদ্বাৰা ব্যৱধান অনাৰ চেষ্টা চলোৱা হয়। পৰিস্থিতিয়ে গুৰুতৰ ৰূপ লয় যেতিয়া হিন্দু ধৰ্মীয় লোকসকলে তাত এক প্ৰাৰ্থনাৰ আয়োজন কৰে। সেই প্ৰাৰ্থনা তেওঁলোকে ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা লোকসকৰ বাবে কৰা বুলি জনায়। তাত একত্ৰিত হোৱা মুছলমান লোকসকলে প্ৰথমতে তাৰপৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয় যদিও তেওঁলোকৰ মাজৰে কিছুসংখ্যকে উক্ত স্থানতে নামাজ পঢ়িবলৈ স্থিৰ কৰে। প্ৰায় ২৫জন ইছলাম ধৰ্মাৱলম্বী লোকে 'জয় শ্ৰীৰাম' আৰু 'ভাৰত মাতা কি জয়' ধ্বনিৰ মাজতে নামাজ আদায় কৰে। সেই সময়ত দুইপক্ষৰ মাজত ৩০ মিটাৰতকৈও কম ব্যৱধান আছিল।

ঘটনাকালত সেই স্থানত প্ৰায় ডেৰশ আৰক্ষীৰ লোক উপস্থিত আছিল যদিও মাত্ৰ ৩০ জন আৰক্ষীৰ লোকেহে দুইপক্ষৰ মাজত অৱস্থান লয়। প্ৰায় ২০ মিনিট পাছত নামাজ শেষ হোৱাৰ সময়ত একত্ৰিত হোৱা হিন্দু লোকসকলৰ মাজৰ দুজনে দুইপক্ষৰ মাজৰ ব্যৱধান পাৰ কৰি নামাজস্থলীলৈ গৈ 'জয় শ্ৰীৰাম' আৰু 'ভাৰত মাতা কি জয়' ধ্বনি দিয়ে। ইয়াৰ পাছতে মুছলমান সম্প্ৰাদায়ৰ লোককেইগৰাকী সেই স্থানৰপৰা আঁতৰি যায়।
উল্লেখ্য যে, গুৰুগ্ৰামৰ শিখ ধৰ্মাৱলম্বী লোকসকলে একতাৰ নিদৰ্শন দাঙি ধৰি মুছলমান লোকসকলক নামাজ আদায় কৰিবলৈ গুৰুদ্বাৰৰ বাট মুকলি ৰখাৰ সিদ্ধান্ত লয়। কিন্তু শুকুৰবাৰে মুছলমান সম্প্ৰদায়ৰ লোকসকলে গুৰুদ্বাৰত নামাজ পঢ়া নাছিল। চহৰখনৰ গুৰুদ্বাৰ সিং সভা সমিতিয়ে জনায় যে, ইছলামধৰ্মী লোকসকলে নামাজ পঢ়িবলৈ ঠাই বিচৰা নাছিল যদিও তেওঁলোকে সংখ্যালঘু সম্প্ৰদায়টোৰ সৈতে সহযোগ কৰাৰ সংকল্পৰ কথা স্পষ্ট কৰে। আনহাতে, মুছলমান লোকসকলে কোনোধৰণৰ সংঘৰ্ষৰ সৃষ্টি নহ'বৰ বাবেই গুৰুদ্বাৰত নামাজ আদায় নকৰাৰ সিদ্ধান্ত লোৱা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক