--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ্বষ এখন ধৰ্ম নিৰপেক্ষ দেশ য’ত নানা জাতি, উপজাতি, বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বসবাস কৰে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত স্বতন্ত্ৰভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এখন সংবিধানৰ প্ৰয়োজনবোধ কৰিলে, যাৰ দ্বাৰা সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে৷ সেই পৰিকল্পনাৰে ভাৰতীয় সংবিধান প্ৰস্তুত কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হয়। ভাৰতৰ মূল সংবিধানখন প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদায়ে সুন্দৰ লেখাৰে ইটালিক্স আখৰৰে ৬ মাহৰ ভিতৰত সংবিধানখন লিখি উলিয়াইছিল৷ আনহাতে নন্দলাল বচে শান্তিনিকেতনৰ কলা কুশলীৰ সহায়ত সংবিধানৰ প্ৰতিটো পৃষ্ঠাত চিত্ৰাংকণ কৰিছিল৷

১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা সংবিধান সভাই গ্ৰহণ কৰিছিল ভাৰতৰ সংবিধান আৰু প্ৰতিবছৰে সেই দিনটোতে ভাৰতীয় সংবিধান দিৱস বা ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে পালন কৰা হয়৷ সংবিধান দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে ভাৰতীয় সংবিধানৰ ওপৰত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পাঠ্যক্ৰম বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ দ্বাৰা আৰম্ভ কৰা হয়। অনলাইন পাঠ্যক্ৰমটো গ্ৰহণ কৰিব বিচৰা ইচ্ছুক শিক্ষাৰ্থী/ব্যক্তিসকলে বিনামূলীয়াকৈ তেওঁলোকৰ নাম পঞ্জীয়ন কৰি এই অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰে।

কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে কয় যে, এই পাঠ্যক্ৰমে জনসাধাৰণক ভাৰতীয় সংবিধানৰ মূলমন্ত্ৰ আৰু সংবিধানৰ ধাৰণা বিষয়ে বিস্তৃত ৰূপত বুজাবলৈ সক্ষম হ’ব। ৰিজিজুৱে লগতে কয় যে ইয়াৰ ফলত দেশৰ নাগৰিকসকলৰ মাজত সংবিধানৰ মূল্যবোধৰ বিষয়ে ভালদৰে বুজি পোৱাত সহায় কৰিব। অনলাইন পাঠ্যক্ৰমটোত মুঠ ১৫টা শৈক্ষিক ভিডিঅ’ অন্তৰ্ভুক্ত হ’ব। এই পাঠ্যক্ৰমটো নেচনেল একাডেমী অব লিগাল ষ্টাডিজ এণ্ড ৰিচাৰ্ছ, নালচাৰ আইন বিশ্ববিদ্যালয়ৰ সহযোগত আৰম্ভ কৰা হৈছে।

যিসকল লোকে এই পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰিব তেওঁলোকে ভাৰতীয় সংবিধান আৰু ইয়াৰ সৈতে জড়িত আনুসংগিক বিষয়বোৰৰ বিষয়ে এক সাম্যক ধাৰণা দিবলৈ সক্ষম হ’ব। এই পাঠ্যক্ৰমে সকলো নাগৰিকৰ মৌলিক দায়িত্বৰ বিষয়ে বিস্তৃত ৰূপত বুজি পোৱাত সহায় কৰিব, তদুপৰি স্বাধীনতাৰ পাছৰ পৰা সংবিধানলৈ অহা পৰিৱৰ্তনসমূহো এই অনলাইন শিক্ষাৰ দ্বাৰা জনসাধাৰণক বুজাবলৈ চেষ্টা কৰা হ’ব৷ সংবিধানৰ এই অনলাইন শিক্ষাগ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰৰ legalaffairs.nalsar.ac.in ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক