--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ্বষ এখন ধৰ্ম নিৰপেক্ষ দেশ য’ত নানা জাতি, উপজাতি, বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বসবাস কৰে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত স্বতন্ত্ৰভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এখন সংবিধানৰ প্ৰয়োজনবোধ কৰিলে, যাৰ দ্বাৰা সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে৷ সেই পৰিকল্পনাৰে ভাৰতীয় সংবিধান প্ৰস্তুত কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হয়। ভাৰতৰ মূল সংবিধানখন প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদায়ে সুন্দৰ লেখাৰে ইটালিক্স আখৰৰে ৬ মাহৰ ভিতৰত সংবিধানখন লিখি উলিয়াইছিল৷ আনহাতে নন্দলাল বচে শান্তিনিকেতনৰ কলা কুশলীৰ সহায়ত সংবিধানৰ প্ৰতিটো পৃষ্ঠাত চিত্ৰাংকণ কৰিছিল৷

১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা সংবিধান সভাই গ্ৰহণ কৰিছিল ভাৰতৰ সংবিধান আৰু প্ৰতিবছৰে সেই দিনটোতে ভাৰতীয় সংবিধান দিৱস বা ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে পালন কৰা হয়৷ সংবিধান দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে ভাৰতীয় সংবিধানৰ ওপৰত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পাঠ্যক্ৰম বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ দ্বাৰা আৰম্ভ কৰা হয়। অনলাইন পাঠ্যক্ৰমটো গ্ৰহণ কৰিব বিচৰা ইচ্ছুক শিক্ষাৰ্থী/ব্যক্তিসকলে বিনামূলীয়াকৈ তেওঁলোকৰ নাম পঞ্জীয়ন কৰি এই অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰে।

কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে কয় যে, এই পাঠ্যক্ৰমে জনসাধাৰণক ভাৰতীয় সংবিধানৰ মূলমন্ত্ৰ আৰু সংবিধানৰ ধাৰণা বিষয়ে বিস্তৃত ৰূপত বুজাবলৈ সক্ষম হ’ব। ৰিজিজুৱে লগতে কয় যে ইয়াৰ ফলত দেশৰ নাগৰিকসকলৰ মাজত সংবিধানৰ মূল্যবোধৰ বিষয়ে ভালদৰে বুজি পোৱাত সহায় কৰিব। অনলাইন পাঠ্যক্ৰমটোত মুঠ ১৫টা শৈক্ষিক ভিডিঅ’ অন্তৰ্ভুক্ত হ’ব। এই পাঠ্যক্ৰমটো নেচনেল একাডেমী অব লিগাল ষ্টাডিজ এণ্ড ৰিচাৰ্ছ, নালচাৰ আইন বিশ্ববিদ্যালয়ৰ সহযোগত আৰম্ভ কৰা হৈছে।

যিসকল লোকে এই পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰিব তেওঁলোকে ভাৰতীয় সংবিধান আৰু ইয়াৰ সৈতে জড়িত আনুসংগিক বিষয়বোৰৰ বিষয়ে এক সাম্যক ধাৰণা দিবলৈ সক্ষম হ’ব। এই পাঠ্যক্ৰমে সকলো নাগৰিকৰ মৌলিক দায়িত্বৰ বিষয়ে বিস্তৃত ৰূপত বুজি পোৱাত সহায় কৰিব, তদুপৰি স্বাধীনতাৰ পাছৰ পৰা সংবিধানলৈ অহা পৰিৱৰ্তনসমূহো এই অনলাইন শিক্ষাৰ দ্বাৰা জনসাধাৰণক বুজাবলৈ চেষ্টা কৰা হ’ব৷ সংবিধানৰ এই অনলাইন শিক্ষাগ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰৰ legalaffairs.nalsar.ac.in ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক