--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃত্ব নাৰী জীৱনৰ এক অন্যতম সুন্দৰ অনুভৱ। প্ৰতিগৰাকী নাৰীয়েই বিবাহৰ পাছত এগৰাকী মাতৃ হোৱাৰ সপোন দেখে। যেতিয়া এগৰাকী মহিলা প্ৰথমবাৰৰ বাবে মাতৃ হয় সেই সময়খিনি তেওঁৰ জীৱনৰ আটাইতকৈ ধুনীয়া মুহূৰ্ত বুলি গণ্য কৰা হয়। প্ৰথমবাৰৰ বাবে মাতৃ হোৱা মহিলাসকলৰ সুখ অবৰ্ণনীয়। কেৰালাত ৫৫ বছৰীয়া এগৰাকী মহিলাই বিয়াৰ ৩৫ বছৰৰ পাছত জন্ম দিলে ৩টিকৈ সন্তান কেৰালাৰ মুভাতুপুঝা চহৰত এগৰাকী ৫৫ বছৰীয়া মহিলাই ৩টিকৈ সন্তান জন্ম দিছে৷ বিয়াৰ ৩৫ বছৰ হৈ যোৱাৰ পাছতো তেওঁৰ কোনো সন্তান নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা টো হ'ল ইমান দীঘলীয়া সময়ৰ পিছত মহিলাগৰাকীয়ে একেসময়তে জন্ম দিলে তিনিটা সন্তান৷ ৫৫ বছৰীয়া চিচি আৰু তেওঁৰ স্বামী ৫৯ বছৰীয়া জৰ্জ এণ্টেনাই তেওঁলোকৰ তিনিটা সন্তানৰ জন্মত আনন্দিত হৈ পৰিছে। চিচিয়ে কয় যে তেওঁ ঈশ্বৰৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিছিল আৰু অৱশেষত তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিছিল। চিচিয়ে কৈছিল যে ঈশ্বৰক ধন্যবাদ জনোৱাৰ বাবে তেওঁৰ ওচৰত শব্দৰ অভাৱ। তেওঁ লগতে কয় যে ''আমি বহু বছৰ ধৰি এটা শিশুৰ আকাংক্ষাত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছিলো, অৱশেষত ঈশ্বৰে মোৰ কোলা ৩টা সন্তানেৰে শুৱনি কৰি তুলিলে। ঈশ্বৰে আমাক তিনিটা সন্তান দিছে আৰু তিনিওটা শিশু স্বাস্থ্যৱান।'' চিচিয়ে দুটা পুত্ৰ আৰু এজনী কন্যা সন্তান জন্ম দিছে। চিচিৰ স্বামী জৰ্জে কয় যে ''আমি ঈশ্বৰৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিছিলোঁ। কেৰালাৰ উপৰিও আমি বিদেশতো চিকিৎসা গ্ৰহণ কৰিছিলো কিন্তু চিকিৎসাৰ কোনো ফলাফল পোৱা নাছিলো। আমাৰ ধৈৰ্য্যৰ বান্ধ ছিঙি গৈছিল অৱশেষত আমাৰ মাজলৈ সেই ভাল খবৰটো আহিল। এতিয়া আমাৰ সংসাৰখন সম্পূৰ্ণ হ'ল। আমি বৰ্তমান বহুত সুখী।'' ১৯৮৭ চনত চিচি আৰু জৰ্জৰ বিবাহ সম্পন্ন হৈছিল। বিয়াৰ ২ বছৰ পাছৰে পৰা দুয়ো সন্তান কামনা কৰিছিল কিন্তু সেই সুখ অৰ্জন কৰিবৰ বাবে চিচি আৰু জৰ্জে সুদীৰ্ঘ ৩৫ বছৰ অপেক্ষা কৰিব লগা হ'ল। আৰু পঢ়কঃ অ’মিক্ৰণৰ ত্ৰাস! নিজৰ বিয়া বাতিল কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে      

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ