--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃত্ব নাৰী জীৱনৰ এক অন্যতম সুন্দৰ অনুভৱ। প্ৰতিগৰাকী নাৰীয়েই বিবাহৰ পাছত এগৰাকী মাতৃ হোৱাৰ সপোন দেখে। যেতিয়া এগৰাকী মহিলা প্ৰথমবাৰৰ বাবে মাতৃ হয় সেই সময়খিনি তেওঁৰ জীৱনৰ আটাইতকৈ ধুনীয়া মুহূৰ্ত বুলি গণ্য কৰা হয়। প্ৰথমবাৰৰ বাবে মাতৃ হোৱা মহিলাসকলৰ সুখ অবৰ্ণনীয়। কেৰালাত ৫৫ বছৰীয়া এগৰাকী মহিলাই বিয়াৰ ৩৫ বছৰৰ পাছত জন্ম দিলে ৩টিকৈ সন্তান কেৰালাৰ মুভাতুপুঝা চহৰত এগৰাকী ৫৫ বছৰীয়া মহিলাই ৩টিকৈ সন্তান জন্ম দিছে৷ বিয়াৰ ৩৫ বছৰ হৈ যোৱাৰ পাছতো তেওঁৰ কোনো সন্তান নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা টো হ'ল ইমান দীঘলীয়া সময়ৰ পিছত মহিলাগৰাকীয়ে একেসময়তে জন্ম দিলে তিনিটা সন্তান৷ ৫৫ বছৰীয়া চিচি আৰু তেওঁৰ স্বামী ৫৯ বছৰীয়া জৰ্জ এণ্টেনাই তেওঁলোকৰ তিনিটা সন্তানৰ জন্মত আনন্দিত হৈ পৰিছে। চিচিয়ে কয় যে তেওঁ ঈশ্বৰৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিছিল আৰু অৱশেষত তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিছিল। চিচিয়ে কৈছিল যে ঈশ্বৰক ধন্যবাদ জনোৱাৰ বাবে তেওঁৰ ওচৰত শব্দৰ অভাৱ। তেওঁ লগতে কয় যে ''আমি বহু বছৰ ধৰি এটা শিশুৰ আকাংক্ষাত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছিলো, অৱশেষত ঈশ্বৰে মোৰ কোলা ৩টা সন্তানেৰে শুৱনি কৰি তুলিলে। ঈশ্বৰে আমাক তিনিটা সন্তান দিছে আৰু তিনিওটা শিশু স্বাস্থ্যৱান।'' চিচিয়ে দুটা পুত্ৰ আৰু এজনী কন্যা সন্তান জন্ম দিছে। চিচিৰ স্বামী জৰ্জে কয় যে ''আমি ঈশ্বৰৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিছিলোঁ। কেৰালাৰ উপৰিও আমি বিদেশতো চিকিৎসা গ্ৰহণ কৰিছিলো কিন্তু চিকিৎসাৰ কোনো ফলাফল পোৱা নাছিলো। আমাৰ ধৈৰ্য্যৰ বান্ধ ছিঙি গৈছিল অৱশেষত আমাৰ মাজলৈ সেই ভাল খবৰটো আহিল। এতিয়া আমাৰ সংসাৰখন সম্পূৰ্ণ হ'ল। আমি বৰ্তমান বহুত সুখী।'' ১৯৮৭ চনত চিচি আৰু জৰ্জৰ বিবাহ সম্পন্ন হৈছিল। বিয়াৰ ২ বছৰ পাছৰে পৰা দুয়ো সন্তান কামনা কৰিছিল কিন্তু সেই সুখ অৰ্জন কৰিবৰ বাবে চিচি আৰু জৰ্জে সুদীৰ্ঘ ৩৫ বছৰ অপেক্ষা কৰিব লগা হ'ল। আৰু পঢ়কঃ অ’মিক্ৰণৰ ত্ৰাস! নিজৰ বিয়া বাতিল কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে      

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ