--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অৰ্থনৈতিক বৈষম্য এতিয়া সমগ্ৰ বিশ্বৰ বাবেই এক বৃহৎ সমস্যাত পৰিণত হৈছে। প্ৰায় চাৰি দশক পূৰ্বেই আৰম্ভ হোৱা এই সমস্যাই কোভিডোত্তৰ কালছোৱাত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই সম্পৰ্কত বিতং প্ৰতিবেদন প্ৰকাশ কৰিছে পেৰিছৰ ‘ৱৰ্ল্ড ইনইকুৱেলিটী লেব’-এ। তেওঁলোকে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত বিশ্বজুৰি আয় আৰু সম্পত্তিৰ অসাম্যৰ ভয়াৱহ ছবিখন পৰিস্ফূত হৈ পৰিছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো এই অসাম্যৰ ৰূপ অতি স্পষ্ট আৰু তীব্ৰতৰ হৈ পৰিছে। আয় আৰু সম্পত্তিৰ অসমতাৰ দিশৰ পৰা শীৰ্ষস্থানত থকা দেশবোৰৰ ভিতৰত ভাৰত অন্যতম হিচাপে চিহ্নিত হৈছে আৰু ভাৰতত আয় আৰু অসমতা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰত চৰাকাৰে দেশত বৃদ্ধি পোৱা এই অৰ্থনৈতিক অসাম্যৰ তথ্যক গাপ দিয়াৰ আপ্ৰাণ চেষ্টা কৰি গৈছে যদিও এয়া ঢাকি ৰখাটো সম্ভৱ হোৱা নাই। ২০২০ চনৰ ভিতৰত দেশৰ আধা সংখ্যক লোকৰ আয়ৰ অনুপাত মাত্ৰ ১৩শতাশলৈ হ্ৰাস পাইছিল। তাৰ বিপৰীতে ১০ শতাংশ উচ্চ স্থানত অধিষ্ঠিত লোকে অধিকাৰ কৰিছিল ৰাষ্ট্ৰীয় আয়ৰ ৫৭শতাংশ। আৰু শীৰ্ষতম স্থানত থকা ১ শতাংশ লোকে ৰাষ্ট্ৰীয় আয়ৰ ২২শতাংশ অকলে অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে সম্পত্তিৰ অসাম্যৰ দিশটোলৈ লক্ষ্য কৰিলেও দেখা যায় যে, এই অসমতা অতি স্পষ্টৰূপত বৃদ্ধি পাইছে। কেৱল ভাৰততে নহয় বিশ্বজুৰি সম্পত্তিৰ অসাম্য বৃদ্ধি পাইছে। বিশ্বৰ ১ শতাংশ মানুহৰ হাতত বিশ্বৰ সৰ্বমুঠ সম্পত্তিৰ পাঁচভাগৰ ২ অংশ পুঞ্জীভূত হৈছে। বিশ্বৰ ৫২জন পুঁজিপতিয়ে ১৯৯৫চনৰ পৰা ২০০১চনলৈ প্ৰতিবছৰে তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ শতাংশ বৃদ্ধি কৰিছে। এইসকল পুঁজিপতিৰ মাজতে আছে ভাৰতৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰ দৰে পুঁজিপতিও। ভাৰতত ব্যক্তিগত সম্পত্তি বৃদ্ধি তথা ই শীৰ্ষতম কেইজনমানৰ হাতত পুঞ্জীভূত হোৱাৰ হাৰ অধিক দ্ৰুততৰ। দেশৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীটোৰ হাতত দেশৰ সম্পদৰ ৬ শতাংশৰো কম আছে। ১ শতাংশ ধনাঢ্যই দখল কৰিছে তিনিভাগৰ এভাগ আৰু শীৰ্ষ ১০শতাংশই দখল কৰিছে প্ৰায় তিনিভাগৰ দুভাগ। এই অসাম্যঅ প্ৰমাণ কৰিছে কিদৰে দেশৰ বৃহৎ সংখ্যক লোক এচাম মাত্ৰ ধনীৰ সম্পত্তিৰ বোজাত একপ্ৰকাৰ পিষ্ট হৈ পৰাৰ উপক্ৰম ঘটিছে। উল্লেখ্য যে, অলপতে অক্সাফাম ইণ্টাৰনেচেনেলে প্ৰকাশ কৰা আন এটা প্ৰতিবেদনত প্ৰকাশ পাইছে যে, কিদৰে ক’ভিড মহামাৰী অতি ধনী একাংশ লোকৰ বাবে আশীৰ্বাদৰ ৰূপত আহিছে। মহামাৰী কালত বিশ্বৰ ১০জন সৰ্বাধিক ধনী লোকৰ সম্পত্তি দুগুণ বৃদ্ধি পাইছে আৰু ৯৯শতাংশ লোকৰ অৱস্থা হৈ পৰিছে শোচনীয়। ভাৰতৰ গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ এই মহামাৰী কালত সৰ্বাধিক বৃদ্ধি পাইছে। মহামাৰীৰ সময়ছোৱাত তেওঁৰ সম্পত্তিৰ পৰিমাণ আঠগুণ বৃদ্ধি পোৱা বুলিও প্ৰকাশ পাইছে অক্সফামৰ প্ৰতিবেদনত। ইফালে, ব্যক্তিগত সম্পত্তি বৃদ্ধিৰ এই দ্ৰুত হাৰৰ তুলনাত ৰাজহুৱা সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে। এই তথ্য প্ৰমাণ কৰিছে যে, দেশত এতিয়া কেৱল পুঁজিপতিসকলৰ বাবেহে যেন নীতি প্ৰস্তুত হৈছে। তেওঁলোকৰ খেয়াল খুঁচি মতে দেশ পৰিচালিত হোৱাৰ ফলতেই দেশত এতিয়া দেশৰ বৃহৎসংখ্যক লোকৰ অৱস্থা শোচনীয় হৈ পৰিছে আৰু তাৰ বিপৰীতে কেইগৰাকীমান ধনাঢ্যৰ সম্পত্তিৰ পাহাৰ দিনে দিনে ওখ হৈ গৈ আছে। ক’ভিডৰ দৰে মহামাৰীয়েও একাংশ লোকৰ স্বাৰ্থ পূৰণ কৰাটো প্ৰমাণিত হোৱাৰ পাছত ইয়াৰ আঁৰতো কোনো বিশেষ কৌশল লুকাই থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন