--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন এখন শিহৰণকাৰী চলচ্চিত্ৰৰ কাহিনীহে চলিছে। বলীউডৰ ক্ৰাইম ড্ৰামাৰ দৰেই ভিলেইন বন্দী হৈ আছে হাই ছিকিউৰিটী জে’লত। তাৰ পৰাই চলাই আছে তেওঁৰ অপৰাধ জগত। হাতত মোবাইল, সোঁৱে-বাৱে সাংগো-পাংগক লৈ তেওঁ বীৰৰ ভংগিমাত বহি ৰৈছে। সন্মুখত হয়তো একপ্লেট তণ্ডুৰী চিকেন, বা বিৰিয়ানী। জে’লৰ সুৰক্ষিত কোঠাৰ পৰা তেওঁ ৰচিছে গেংৱাৰৰ পৰিকল্পনা। তেওঁলৈ খবৰ আহিছে অমুক সময়ত, অমুক পথেৰে তেওঁৰ শত্ৰুক লৈ যোৱা আদালতলৈ। লগত কেইজনমান নিৰাপত্তাৰক্ষী থাকিব যদিও, কাম হৈ যাব। সেইমতে তেওঁ জে’লৰ পৰাই সাজু কৰিলে শ্বুটাৰ। এজন, দুজন নহয়, তিনিজন। অন্য এজনে তিনিওকে অনা-নিয়া কৰিব। গাড়ী সাজু। অধিবক্তাৰ বেজ, পোছাক, গাড়ীক লগোৱা ষ্টিকাৰ সাজু। অধিবক্তাৰ বেশেৰ তিনিও প্ৰৱেশ কৰিব আদালতৰ চৌহদত। সন্তৰ্পনে আগ্নেয়াস্ত্ৰ লৈ আদালতত বহি থাকিব আৰু সুযোগ বুজি কাম সমাধা কৰিব। এজনে গাড়ী ষ্টাৰ্ট কৰি ৰৈ থাকিব পাৰ্কিং প্লেচত। যেতিয়াই কোৰ্ট ৰূমত প্ৰৱেশ কৰিব শত্ৰু, গুলীবৰ্ষণেৰে কৰি পেলোৱা হ’ব ধৰাশায়ী। একপ্ৰকাৰ খাল্লাচ!

....কোৰ্ট ৰূমত প্ৰৱেশ কৰিব শত্ৰু, গুলীবৰ্ষণেৰে কৰি পেলোৱা হ’ব ধৰাশায়ী। একপ্ৰকাৰ খাল্লাচ!.....


এয়া মুঠেও কল্পিত কাহিনী নহয়। সাইলাখ এনে ঘটনাই সংঘটিত হৈছে দিল্লীৰ আদালতৰ ভিতৰত। দিল্লীৰ ৰোহিণী কোৰ্টত হোৱা শ্বুট আউটত নিহত হৈছিল গেংষ্টাৰ জিতেন্দ্ৰ গোগী। অধিবক্তাৰ বেশেৰ অহা দুই শ্বুটাৰে কোৰ্ট ৰূমৰ ভিতৰতে হত্যা কৰিছিল কাৰাবন্দী গেংষ্টাৰজনক। এই গেংৱাৰত আহত হৈছিল কেইবাজনো লোক। নিৰাপত্তৰক্ষীয়ে আক্ৰমণকাৰী দুয়োজন গেং মেম্বাৰক গুলীয়াই হত্যা কৰিছিল। কিন্তু তৃতীয়জনে নিৰ্বিঘ্নে আঁতৰি গৈছিল। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, মণ্ডোলী কাৰাগাৰত বন্দী হৈ থকা আন এজন গেংষ্টাৰ সুনীল ওৰফে তিল্লু তাজপুৰীয়াৰ পৰিকল্পনা আৰু নিৰ্দেশনাতে সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা। কাৰাগাৰৰ ভিতৰৰ পৰাই শ্বুটাৰ প্ৰতি মুহূৰ্ততে নিৰ্দেশনা দি আছিল তিল্লু তাজপুৰীয়াই। তৃতীয়জন শ্বুটাৰক পৰিকল্পনা সফল হোৱাৰ পূ্ৰ্বেই নিৰ্দেশ দিছিল সেই স্থান এৰিবলৈ। কিয়নো তেওঁৰ হাতত আছিল প্লেন বি। এসময়ৰ পাৰ্টনাৰ জিতেন্দ্ৰ গোগীৰ বিৰু্দ্ধে তিল্লুৰ এই আক্ৰমণৰ নিত্য নতুন তথ্য পোহৰলৈ আহিছে। মাণ্ডোলী জে’লৰ হাই ৰিস্ক চেলত বন্দী তিল্লুৱে এনে লাইভ অপাৰেচন চলোৱাৰ তথ্য সদৰি হোৱাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

...মাণ্ডোলী জে’লৰ হাই ৰিস্ক চেলত বন্দী তিল্লুৱে এনে লাইভ অপাৰেচন চলোৱাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে...

চিনেমাত দেখুওৱাৰ দৰে সঁচাকৈয়ে এইসকল দুৰ্ধৰ্ষ অপৰাধীৰ বাবে জে’ল নিৰাপদ আশ্ৰয় হৈ পৰে নেকি? ধন, প্ৰভাৱ, প্ৰতিপত্তি, আতংকৰ বলত তেওঁলোকে সকলোকে বশ কৰিবলৈ সক্ষম নেকি? দুৰ্নীতিগ্ৰস্ত কাৰাগাৰ কৰ্তৃপক্ষৰ প্ৰশ্ৰয় আৰু সন্মতিতে এনেদৰে অপৰাধৰ সাম্ৰাজ্য চলাই যোৱাৰ সুযোগ পায় নেকি তিল্লুৰ দৰে গেংষ্টাৰে? ৰোহিণী কাণ্ডৰ পাছত এই কাহিনীয়ে এতিয়া বহু প্ৰশ্নৰে উদয় ঘটাইছে।এই ঘটনাৰে জড়িত থকা উমংগ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উমংগৰ স্বীকাৰোক্তিয়ে এনে চাঞ্চল্যকৰ তথ্যবোৰ পোহৰলৈ আনিছে। এই উমংগেই দুজন শ্বুটাৰক আদালতলৈ লৈ গৈছিল। তাত ইতিমধ্যে তিল্লুৰ নিৰ্দেশ মতে মজুত আছিল আন এজন নেপালী মূলৰ শ্বুটাৰ। তিনি লগ গৈ প্ৰৱেশ কৰিছিল আদালত চৌহদত। উমংগে গাড়ী লৈ ৰৈ আছিল পাৰ্কিং প্লেচত।

...দুৰ্নীতিগ্ৰস্ত কাৰাগাৰ কৰ্তৃপক্ষৰ প্ৰশ্ৰয় আৰু সন্মতিতে এনেদৰে অপৰাধৰ সাম্ৰাজ্য চলাই যোৱাৰ সুযোগ পায় নেকি তিল্লুৰ দৰে গেংষ্টাৰে?...

অলপ পাছতে নেপালী মূলৰ শ্বুটাৰজন উভতি আহে কিয়নো তেওঁ জিনছ পেণ্ট পিন্ধি থকা বাবে উকীলৰ ৰূপ ধাৰণ কৰাত অসুবিধা হৈছিল। আন দুজন শ্বুটাক ৰাহুল আৰু জয়দীপ প্ৰৱেশ কৰে আদালতৰ মজিয়াত। অলপ পাছতে নেপালী মূলৰ শ্বুটাৰজনলৈ তিল্লুৰ ফোন আহিছিল আৰু নিৰ্দেশ আহিছিল যে, সেই স্থান ত্যাগ কৰিব লাগে। কিয়নো তেওঁলোকৰ প্লেন কাৰ্যকৰী নহ’ব পাৰে। বা শ্বুটাৰ দুজন আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হ’ব পাৰে। অৰ্থাৎ তিল্লুৱে প্ৰতি মুহূৰ্ততে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আছিল আৰু তেওঁ সকলো প্ৰতি মুহূৰ্তৰ খবৰ পাই আছিল। এই তথ্যই কাৰাগাৰৰ ভিতৰৰ তথা আদালতৰ সুৰক্ষাৰ দিশত থকা বেমেজালি বা দুৰ্বলতা উদঙাই দিছে। উমংগে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি ৰোহনী আদালতৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ এটা ফ্লেটত এই শ্বুটাৰকেইজনে বাহৰ পাতিছিল আৰু তাতেই এই শ্বুট আউটৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। সমগ্ৰ দেশতে আলোড়ন সৃষ্টি কৰা এই ঘটনাৰ আঁৰৰ এনে চাঞ্চল্যকৰ তথ্যই দেশৰ অপৰাধ জগত বা আণ্ডাৰ ৱৰ্ল্ডৰ ভয়ংকৰ হাঁতোৰা কিদৰে এতিয়াও প্ৰসাৰিত হৈ আছে সেইকথাকে যেন প্ৰমাণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি