--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিতৰ্কিত তিনি কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে কৃষক বিদ্ৰোহ। ইয়াৰ অংশ হিচাপে আজি দেশৰ কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে৷ এই ভাৰত বন্ধৰ ফলত দিল্লীৰ যাতায়াতত ব্যাপক প্ৰভাৱ পৰাৰ লগতে উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ উপৰি অসমতো ভাৰত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷


আজি পুৱা ৬বজাৰ পৰা বিয়লি ৪বজালৈ সংযুক্ত কিষাণ মৰ্চা চমুকৈ এছকেএমৰ নেতৃত্বত প্ৰায় ৪০টা কৃষক সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ দীৰ্ঘদিনে অব্যাহত থকা কৃষক বিদ্ৰোহে দেশৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি ৰাখিছে। বহু সময়ত চৰকাৰৰ সৈতে আন্দোলনকাৰী কৃষকসলকল আলোচনালৈ আহিছিল যদিও সমগ্ৰ বিষয় অমীমাংসিত হৈ ৰৈছে৷ ইয়াৰ ফলতে আজি প্ৰতিবাদী কৃষকে ভাৰত বন্ধৰ আহ্বান জনাই অৱৰোধ কৰিলে ৰাজধানী দিল্লীৰ ৰাজপথ৷


এছকেএমে জনোৱা মতে দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, শিক্ষা তথা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ আদি সকলো এই প্ৰতিবাদী কাৰ্যসূচীত বন্ধ আছে৷ প্ৰতিবাদকাৰী কৃষকে পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্ত বন্ধ কৰাৰ উপৰি বহু স্থানত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে বিতৰ্কিত তিনি কৃষি আইনৰ বিৰোধিতাৰে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই দেশজুৰি চলিছে কৃষক বিদ্ৰোহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ