--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিতৰ্কিত তিনি কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে কৃষক বিদ্ৰোহ। ইয়াৰ অংশ হিচাপে আজি দেশৰ কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে৷ এই ভাৰত বন্ধৰ ফলত দিল্লীৰ যাতায়াতত ব্যাপক প্ৰভাৱ পৰাৰ লগতে উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ উপৰি অসমতো ভাৰত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷


আজি পুৱা ৬বজাৰ পৰা বিয়লি ৪বজালৈ সংযুক্ত কিষাণ মৰ্চা চমুকৈ এছকেএমৰ নেতৃত্বত প্ৰায় ৪০টা কৃষক সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ দীৰ্ঘদিনে অব্যাহত থকা কৃষক বিদ্ৰোহে দেশৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি ৰাখিছে। বহু সময়ত চৰকাৰৰ সৈতে আন্দোলনকাৰী কৃষকসলকল আলোচনালৈ আহিছিল যদিও সমগ্ৰ বিষয় অমীমাংসিত হৈ ৰৈছে৷ ইয়াৰ ফলতে আজি প্ৰতিবাদী কৃষকে ভাৰত বন্ধৰ আহ্বান জনাই অৱৰোধ কৰিলে ৰাজধানী দিল্লীৰ ৰাজপথ৷


এছকেএমে জনোৱা মতে দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, শিক্ষা তথা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ আদি সকলো এই প্ৰতিবাদী কাৰ্যসূচীত বন্ধ আছে৷ প্ৰতিবাদকাৰী কৃষকে পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্ত বন্ধ কৰাৰ উপৰি বহু স্থানত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে বিতৰ্কিত তিনি কৃষি আইনৰ বিৰোধিতাৰে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই দেশজুৰি চলিছে কৃষক বিদ্ৰোহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু