--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত দোপতদোপে আগবাঢ়ি গৈছে মানৱসভ্যতা। নিত্য নতুন আৱিষ্কাৰে সমাজখনক নতুন গতি দিছে। বিজ্ঞানৰ জয়ঢোল বজাৰ সময়তে কেতবোৰ আৱিষ্কাৰে অৱশ্যে জীৱশ্ৰেষ্ঠক হতচকিত নকৰাও নহয়। দৰ্শকৰ ৰুচি, প্ৰয়োজনীয়তাৰ ওপৰত দৃষ্টি ৰাখি তথা চলচ্চিত্ৰত বৈচিত্ৰ্য অনাৰ উদ্দেশ্যে এইবাৰ মহাকাশতো কৰা হ’ব চলচ্চি়ত্ৰৰ দৃশ্যগ্ৰহণ।

অৱশ্যে আপুনি মই ভবাৰ দৰে এয়া কোনো মনোৰঞ্জনধৰ্মী ছবিৰ শ্বুটিং নহয়। হাতত সাৰে ভৰিত সাৰে চলিছে এই নতুন ছবিৰ আখৰা। এইবাৰ পৰ্ণ ছবিৰ শ্বুটিঙৰ বাবে মহাকাশলৈ উৰা মাৰিব গোটাচেৰেক কলা-কুশলীয়ে। এই চলচ্চিত্ৰৰ দৰ্শনৰ বাবে ইলন মাস্কৰ স্পেচএক্স ৰকেট ব্যৱহাৰ কৰা হ’ব বুলিও জানিব পোৱা গৈছে।
পৰ্ণ ছবিক নতুন মাত্ৰা দিয়াৰ বাবে মহাকাশত শ্বুটিঙৰ এই পদক্ষেপ গ্ৰহণ কৰিছে এটা কোম্পানীয়ে। লেক্সি লুনা নামৰ এগৰাকী অভিনেত্ৰীক ইতিমধ্যে এই অভিযানটোৰ বাবে বাছনি কৰা হৈছে। উল্লেখ্য যে, লেক্সি এগৰাকী অভিনেত্ৰীৰ লগতে কোম্পানীটোৰ এম্বেছেডৰো। কোম্পানীটোৱে সদৰী কৰা অনুসৰি, লেক্সিৰ মহাকাশলৈ যোৱাৰ দীৰ্ঘদিনীয়া এটা সপোন আছিল। এইবাৰ লেক্সিৰ সপোনো পূৰণ হ’ব আৰু তাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণো কৰা হ’ব, যিটোৱে পৰ্ণ ছবিক বিশ্বত এটা নতুন মাত্ৰা দিব বুলি দাবী কৰিছে কোম্পানীটোৰ। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ৰ’ব কেমিনেফিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, ‘সাধাৰণ মানুহে মহাকাশলৈ যোৱাৰ বাবে এটা বিকল্প উপায়ৰ যিহেতু সৃষ্টি হৈছে তেনেস্থলত আমিও মহাকাশলৈ যাব বিচাৰোঁ। ইয়াৰ বাবে আমি লেক্সি লুনাক মহাকাশলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছো।’ কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে, কিহৰ বাবে এনে এক অত্যুৎসাহ কৰিবলগীয়া হ’ল? ইয়াক সমালোচনাৰ সুৰেৰে অনেকে প্ৰশ্ন কৰিছে মহাকাশত পৰ্ণ ছবিৰ শ্বুটিং কৰাতকৈ অধিক প্ৰয়োজনীয় কাম নাইকিয়া হৈ পৰিল নেকি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু