--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত দোপতদোপে আগবাঢ়ি গৈছে মানৱসভ্যতা। নিত্য নতুন আৱিষ্কাৰে সমাজখনক নতুন গতি দিছে। বিজ্ঞানৰ জয়ঢোল বজাৰ সময়তে কেতবোৰ আৱিষ্কাৰে অৱশ্যে জীৱশ্ৰেষ্ঠক হতচকিত নকৰাও নহয়। দৰ্শকৰ ৰুচি, প্ৰয়োজনীয়তাৰ ওপৰত দৃষ্টি ৰাখি তথা চলচ্চিত্ৰত বৈচিত্ৰ্য অনাৰ উদ্দেশ্যে এইবাৰ মহাকাশতো কৰা হ’ব চলচ্চি়ত্ৰৰ দৃশ্যগ্ৰহণ।

অৱশ্যে আপুনি মই ভবাৰ দৰে এয়া কোনো মনোৰঞ্জনধৰ্মী ছবিৰ শ্বুটিং নহয়। হাতত সাৰে ভৰিত সাৰে চলিছে এই নতুন ছবিৰ আখৰা। এইবাৰ পৰ্ণ ছবিৰ শ্বুটিঙৰ বাবে মহাকাশলৈ উৰা মাৰিব গোটাচেৰেক কলা-কুশলীয়ে। এই চলচ্চিত্ৰৰ দৰ্শনৰ বাবে ইলন মাস্কৰ স্পেচএক্স ৰকেট ব্যৱহাৰ কৰা হ’ব বুলিও জানিব পোৱা গৈছে।
পৰ্ণ ছবিক নতুন মাত্ৰা দিয়াৰ বাবে মহাকাশত শ্বুটিঙৰ এই পদক্ষেপ গ্ৰহণ কৰিছে এটা কোম্পানীয়ে। লেক্সি লুনা নামৰ এগৰাকী অভিনেত্ৰীক ইতিমধ্যে এই অভিযানটোৰ বাবে বাছনি কৰা হৈছে। উল্লেখ্য যে, লেক্সি এগৰাকী অভিনেত্ৰীৰ লগতে কোম্পানীটোৰ এম্বেছেডৰো। কোম্পানীটোৱে সদৰী কৰা অনুসৰি, লেক্সিৰ মহাকাশলৈ যোৱাৰ দীৰ্ঘদিনীয়া এটা সপোন আছিল। এইবাৰ লেক্সিৰ সপোনো পূৰণ হ’ব আৰু তাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণো কৰা হ’ব, যিটোৱে পৰ্ণ ছবিক বিশ্বত এটা নতুন মাত্ৰা দিব বুলি দাবী কৰিছে কোম্পানীটোৰ। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ৰ’ব কেমিনেফিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, ‘সাধাৰণ মানুহে মহাকাশলৈ যোৱাৰ বাবে এটা বিকল্প উপায়ৰ যিহেতু সৃষ্টি হৈছে তেনেস্থলত আমিও মহাকাশলৈ যাব বিচাৰোঁ। ইয়াৰ বাবে আমি লেক্সি লুনাক মহাকাশলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছো।’ কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে, কিহৰ বাবে এনে এক অত্যুৎসাহ কৰিবলগীয়া হ’ল? ইয়াক সমালোচনাৰ সুৰেৰে অনেকে প্ৰশ্ন কৰিছে মহাকাশত পৰ্ণ ছবিৰ শ্বুটিং কৰাতকৈ অধিক প্ৰয়োজনীয় কাম নাইকিয়া হৈ পৰিল নেকি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ