--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। ঠায়ে ঠায়ে লকডাউনো ঘোষণা হৈছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব মাঘ মেলা। ১৪ জানুৱাৰীৰ পৰা ১ মাৰ্চলৈকে প্ৰয়াগৰাজত মাঘ মেলা অনুষ্ঠিত হ'ব। এই মাঘ মেলাত দেশৰ ভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ লোকে ভিৰ কৰেহি। মহাভাৰতত উল্লেখ থকা অনুসৰি এশ বছৰ ধৰি খাদ্য গ্ৰহণ নকৰাকৈ তপস্যা কৰাৰ ফল মাঘ মাহত কল্পৱাস নামৰ ব্ৰত পালন কৰি ফল পাব পাৰি। সেয়েহে দেশৰ সকলো কোণৰ শৈৱ, বৈষ্ণৱ, শাক্তকে ধৰি সকলো পৰম্পৰাৰ সাধুসকলৰ সৈতে ভক্তসকলে এই ধৰ্মীয় মেলাত উপস্থিত থাকে। ইফালে দেশত চলি আছে কৰনাৰ তৃতীয় ঢৌ। তাৰমাজতে মাঘ মেলা অনুষ্ঠিত কৰা কথাটোৱে চিন্তিত কৰি তুলিছে সচেতন লোকক।

মাঘ মেলাত ইতিমধ্যেই প্ৰৱেশ কৰিছে কৰ'না ভাইৰাছ। মেলাখনত কৰ্তব্যৰত সাতজন আৰক্ষী কৰনা পজিটিভ বুলি পোহৰলৈ আহিছে। সাতজন আৰক্ষী কৰ'না সংক্ৰমিত হোৱাৰ তথ্যক লৈ হাহাকাৰ লাগিছে। মেলাখনত কৰ্তব্যৰত সকলো লোকৰে কৰ'না পৰীক্ষা কৰা হৈছে। এতিয়া সকলো আৰক্ষীকে পৰীক্ষা কৰা হ'ব। মেলাত কৰ্তব্যৰত সাতজন সংক্ৰমিত আৰক্ষীক পৃথককৈ ৰখা হৈছে। প্ৰয়াগৰাজত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। সোমবাৰে ইয়াত ২২০ টা নতুন কৰ'না কেছ ধৰা পৰিছিল। ইয়াৰ সৈতে সক্ৰিয় সংক্ৰমিত লোকৰ সংখ্যাও ৯২০ লৈ বৃদ্ধি পাইছে। ইয়াৰ বাবে এইবাৰ মাঘ মেলাত সকলো ভক্তৰ বাবে কৰ'না টিকাকৰণৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হৈ পৰিছে৷

প্ৰতিজন লোকৰে কৰ'না টিকাকৰণৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰিব মেলা কৰ্তৃপক্ষই। সকলো ভক্তই তেওঁলোকৰ সৈতে কৰ'না টিকাকৰণ প্ৰমাণপত্ৰ লগত ৰাখিব লাগিব৷ দুপালি ভেকচিন লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মাঘ মেলাত। উল্লেখ্য যে ডাবল ভেকছিন লোৱা লোকো পুনৰ আক্ৰান্ত হৈছে কৰ'নাত। তেনেস্থলত কৰ'না টিকাকৰণ প্ৰমাণপত্ৰ লগত ৰাখিলেই কোনো লোক মাঘ মেলাত প্ৰৱেশ কৰিব পৰা কথাটোত কিবা যুক্তি আছে জানো বুলি প্ৰশ্ন কৰিছে সচেতন লোকসকলেহে। লাখ লাখ মানুহ গোট খাবলগীয়া এই মাঘ মেলাত কৰ'নাই পুনৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে একাংশই। হয়তো প্ৰয়াগৰাজৰ মাঘ মেলা হৈ পৰিব পাৰে কৰ'নাৰ হটস্পট।

আৰু পঢ়কঃ মগজু থাকিলেই নহ’ব; স্বাস্থ্যৱানো হৈ থাকিব লাগিব! জানো আহক মগজু সুস্থ ৰখাৰ টিপছ


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি