--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। ঠায়ে ঠায়ে লকডাউনো ঘোষণা হৈছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব মাঘ মেলা। ১৪ জানুৱাৰীৰ পৰা ১ মাৰ্চলৈকে প্ৰয়াগৰাজত মাঘ মেলা অনুষ্ঠিত হ'ব। এই মাঘ মেলাত দেশৰ ভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ লোকে ভিৰ কৰেহি। মহাভাৰতত উল্লেখ থকা অনুসৰি এশ বছৰ ধৰি খাদ্য গ্ৰহণ নকৰাকৈ তপস্যা কৰাৰ ফল মাঘ মাহত কল্পৱাস নামৰ ব্ৰত পালন কৰি ফল পাব পাৰি। সেয়েহে দেশৰ সকলো কোণৰ শৈৱ, বৈষ্ণৱ, শাক্তকে ধৰি সকলো পৰম্পৰাৰ সাধুসকলৰ সৈতে ভক্তসকলে এই ধৰ্মীয় মেলাত উপস্থিত থাকে। ইফালে দেশত চলি আছে কৰনাৰ তৃতীয় ঢৌ। তাৰমাজতে মাঘ মেলা অনুষ্ঠিত কৰা কথাটোৱে চিন্তিত কৰি তুলিছে সচেতন লোকক।

মাঘ মেলাত ইতিমধ্যেই প্ৰৱেশ কৰিছে কৰ'না ভাইৰাছ। মেলাখনত কৰ্তব্যৰত সাতজন আৰক্ষী কৰনা পজিটিভ বুলি পোহৰলৈ আহিছে। সাতজন আৰক্ষী কৰ'না সংক্ৰমিত হোৱাৰ তথ্যক লৈ হাহাকাৰ লাগিছে। মেলাখনত কৰ্তব্যৰত সকলো লোকৰে কৰ'না পৰীক্ষা কৰা হৈছে। এতিয়া সকলো আৰক্ষীকে পৰীক্ষা কৰা হ'ব। মেলাত কৰ্তব্যৰত সাতজন সংক্ৰমিত আৰক্ষীক পৃথককৈ ৰখা হৈছে। প্ৰয়াগৰাজত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। সোমবাৰে ইয়াত ২২০ টা নতুন কৰ'না কেছ ধৰা পৰিছিল। ইয়াৰ সৈতে সক্ৰিয় সংক্ৰমিত লোকৰ সংখ্যাও ৯২০ লৈ বৃদ্ধি পাইছে। ইয়াৰ বাবে এইবাৰ মাঘ মেলাত সকলো ভক্তৰ বাবে কৰ'না টিকাকৰণৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হৈ পৰিছে৷

প্ৰতিজন লোকৰে কৰ'না টিকাকৰণৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰিব মেলা কৰ্তৃপক্ষই। সকলো ভক্তই তেওঁলোকৰ সৈতে কৰ'না টিকাকৰণ প্ৰমাণপত্ৰ লগত ৰাখিব লাগিব৷ দুপালি ভেকচিন লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মাঘ মেলাত। উল্লেখ্য যে ডাবল ভেকছিন লোৱা লোকো পুনৰ আক্ৰান্ত হৈছে কৰ'নাত। তেনেস্থলত কৰ'না টিকাকৰণ প্ৰমাণপত্ৰ লগত ৰাখিলেই কোনো লোক মাঘ মেলাত প্ৰৱেশ কৰিব পৰা কথাটোত কিবা যুক্তি আছে জানো বুলি প্ৰশ্ন কৰিছে সচেতন লোকসকলেহে। লাখ লাখ মানুহ গোট খাবলগীয়া এই মাঘ মেলাত কৰ'নাই পুনৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে একাংশই। হয়তো প্ৰয়াগৰাজৰ মাঘ মেলা হৈ পৰিব পাৰে কৰ'নাৰ হটস্পট।

আৰু পঢ়কঃ মগজু থাকিলেই নহ’ব; স্বাস্থ্যৱানো হৈ থাকিব লাগিব! জানো আহক মগজু সুস্থ ৰখাৰ টিপছ


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ