--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ মেগাষ্টাৰ শ্বাহৰূখ খানৰ মুম্বাইৰ ঘৰ মান্নাতক উৰুৱাই দিয়াৰ ভাবুকি! এই ভাবুকি প্ৰদান কৰাৰ অপৰাধত জবলপুৰৰ পৰা মধ্য প্ৰদেশ আৰক্ষীয়ে এজনক আটক কৰে। অভিযোগ অনুসৰি অভিযুক্ত জিতেশ ঠাকুৰে ৬ জানুৱাৰীত মহাৰাষ্ট্ৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি বান্দ্ৰাত অৱস্থিত মান্নাতকে ধৰি মুম্বাইৰ কেইবাটাও স্থান উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে এজন অজ্ঞাত ব্যক্তিয়ে ফোন কৰি এই ভাবুকি প্ৰদান কৰিছে৷ ইয়াৰ উপৰি তেওঁ কয় যে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস (চিএছএমটি), কুৰ্লা ৰেল ষ্টেচন আৰু চুবুৰীয়া নৱী মুম্বাইৰ খাৰঘৰৰ এটা গুৰুদ্বাৰাকে ধৰি চহৰখনৰ কেইবাটাও অঞ্চল পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। জানিব পৰা মতে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ১৮২, ৫০৫ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

লোকজনক আটক কৰি আৰক্ষীয়ে কয় যে ‘তেওঁৰ কোনো তেনে উদ্দেশ্য নাই। তেওঁ প্ৰায়ে সুৰাপান কৰে আৰু তাৰ পাছত এই ফোনবোৰ কৰে। আমি গম পাইছিলো যে তেওঁৰ বিবাহিত জীৱন মসৃণ হোৱা নাই যাৰ বাবে তেওঁ শেহতীয়াকৈ বিচলিত হৈছে৷’ জবলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গোপাল খাণ্ডেলে পিটিআইক জনায় যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এটা মোবাইল নম্বৰ শ্বেয়াৰ কৰিছে, যাৰ ভিত্তিত তেওঁলোকে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি