--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ মেগাষ্টাৰ শ্বাহৰূখ খানৰ মুম্বাইৰ ঘৰ মান্নাতক উৰুৱাই দিয়াৰ ভাবুকি! এই ভাবুকি প্ৰদান কৰাৰ অপৰাধত জবলপুৰৰ পৰা মধ্য প্ৰদেশ আৰক্ষীয়ে এজনক আটক কৰে। অভিযোগ অনুসৰি অভিযুক্ত জিতেশ ঠাকুৰে ৬ জানুৱাৰীত মহাৰাষ্ট্ৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি বান্দ্ৰাত অৱস্থিত মান্নাতকে ধৰি মুম্বাইৰ কেইবাটাও স্থান উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে এজন অজ্ঞাত ব্যক্তিয়ে ফোন কৰি এই ভাবুকি প্ৰদান কৰিছে৷ ইয়াৰ উপৰি তেওঁ কয় যে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস (চিএছএমটি), কুৰ্লা ৰেল ষ্টেচন আৰু চুবুৰীয়া নৱী মুম্বাইৰ খাৰঘৰৰ এটা গুৰুদ্বাৰাকে ধৰি চহৰখনৰ কেইবাটাও অঞ্চল পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। জানিব পৰা মতে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ১৮২, ৫০৫ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

লোকজনক আটক কৰি আৰক্ষীয়ে কয় যে ‘তেওঁৰ কোনো তেনে উদ্দেশ্য নাই। তেওঁ প্ৰায়ে সুৰাপান কৰে আৰু তাৰ পাছত এই ফোনবোৰ কৰে। আমি গম পাইছিলো যে তেওঁৰ বিবাহিত জীৱন মসৃণ হোৱা নাই যাৰ বাবে তেওঁ শেহতীয়াকৈ বিচলিত হৈছে৷’ জবলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গোপাল খাণ্ডেলে পিটিআইক জনায় যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এটা মোবাইল নম্বৰ শ্বেয়াৰ কৰিছে, যাৰ ভিত্তিত তেওঁলোকে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা