--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰচণ্ড শীতৰ বাবে দেশৰ বিভিন্ন ঠাইত ঘন কুঁৱলীয়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছে। ইয়াৰ ফলত দেশৰ বিমান চলাচলত বাধাৰ সৃষ্টি হৈছে। ইতিমধ্যে ৰাজধানী চহৰ দিল্লীৰ বিমানবন্দৰত কেইবাখনো বিমান অৱতৰণৰ মুহূৰ্তত বাধাৰ সন্মুখীন হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


দিল্লী বিমানবন্দৰৰ আশে-পাশে প্ৰচণ্ড শীতৰ বাবে ঘন কুঁৱলীয়ে ঢাকি ধৰিছে। ইয়াৰ বাবে বিমানবন্দৰটোৰ পৰা ভালেমান বিমানৰ উৰণ আৰু অৱতৰণৰ বাধাগ্ৰস্ত হৈছে। কুঁৱলীৰ বাবে দিল্লীৰ আকাশত ধূসৰ পৰিৱেশৰ সৃষ্টি হৈছে যাৰ বাবে দূৰ দৃশ্যমানতা হ্ৰাস পাইছে। ইতিমধ্যে একাধিক বিমান ৫ ৰ পৰা ১৫ মিনিট পৰ্যন্ত পলম হৈছে বুলি জানিব পৰা গৈছে। বিমানবন্দৰটোৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা সদৰি কৰিছে। ইতিমধ্যে কোনো বিমান বাতিল কৰা বা সূচী সাল-সলনি কৰা খবৰ লাভ কৰা নাই যদিও ইয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়ে যাত্ৰীসকলক তেওঁলোকৰ সময়সূচীৰ তথ্যৰ বাবে সংশ্লিষ্ট বিমানসেৱা প্ৰতিস্থানৰ সৈতে যোগাযোগ কৰি থাকিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই।


ইতিমধ্যে, দিল্লী বিমানবন্দৰৰ তৰফৰ পৰা টুইটাযোগে এক বাৰ্তা প্ৰেৰণ কৰা হৈছে। সমগ্ৰ ঘটনা সম্পৰ্কত দিল্লী বিমানবন্দৰৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা। টুইটটোত উল্লেখ কৰা হৈছে যে, ‘দিল্লী বিমানবন্দৰত দৃশ্যমানতা কম হোৱা পৰিলক্ষিত হৈছে। সকলো বিমান পৰিচালনা বৰ্তমান স্বাভাৱিক অৱস্থাতেই আছে। যাত্ৰীসকলক বিমানৰ শেহতীয়া তথ্যৰ বাবে সংশ্লিষ্ট এয়াৰলাইনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।’


দিল্লী বিমানবন্দৰৰ বিশেষ টুইটটো –

https://twitter.com/DelhiAirport/status/1480728717873725440?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1480728717873725440%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.india.com%2Fnews%2Fdelhi%2Fdelhi-airport-flights-delayed-cancelled-due-to-dense-fog-low-visibility-5180423%2F
দিল্লী বিমানবন্দৰৰ বিশেষ টুইটটো



উল্লেখযোগ্য যে কেৱলমাত্ৰ দিল্লী বিমানবন্দৰেই নহয়, শীতৰ প্ৰকোপ বৃদ্ধি পোৱা বাবে দেশৰ বিভিন্ন ঠাইত ঘন কুঁৱলীয়ে ধূসৰ পৰিস্থিতি সৃষ্টি কৰা দেখা গৈছে। দেশৰ আন আন বিমানবন্দৰৰ কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা এনে পৰিস্থিতিয়ে স্বাভাৱিকতে বিমানসেৱ ব্যাহত কৰি তোলাৰ আশংকা গাঢ় কৰি তুলিছে। কিন্তু এতিয়ালৈ দিল্লী বিমানবন্দৰ বা আন বিমানবন্দৰ তথা এয়াৰলাইন সন্থাবোৰৰ পৰা কোনো বিমান বাতিল হোৱা বা সময়সূচী পৰিৱৰ্তন কৰা কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি