--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰচণ্ড শীতৰ বাবে দেশৰ বিভিন্ন ঠাইত ঘন কুঁৱলীয়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছে। ইয়াৰ ফলত দেশৰ বিমান চলাচলত বাধাৰ সৃষ্টি হৈছে। ইতিমধ্যে ৰাজধানী চহৰ দিল্লীৰ বিমানবন্দৰত কেইবাখনো বিমান অৱতৰণৰ মুহূৰ্তত বাধাৰ সন্মুখীন হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


দিল্লী বিমানবন্দৰৰ আশে-পাশে প্ৰচণ্ড শীতৰ বাবে ঘন কুঁৱলীয়ে ঢাকি ধৰিছে। ইয়াৰ বাবে বিমানবন্দৰটোৰ পৰা ভালেমান বিমানৰ উৰণ আৰু অৱতৰণৰ বাধাগ্ৰস্ত হৈছে। কুঁৱলীৰ বাবে দিল্লীৰ আকাশত ধূসৰ পৰিৱেশৰ সৃষ্টি হৈছে যাৰ বাবে দূৰ দৃশ্যমানতা হ্ৰাস পাইছে। ইতিমধ্যে একাধিক বিমান ৫ ৰ পৰা ১৫ মিনিট পৰ্যন্ত পলম হৈছে বুলি জানিব পৰা গৈছে। বিমানবন্দৰটোৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা সদৰি কৰিছে। ইতিমধ্যে কোনো বিমান বাতিল কৰা বা সূচী সাল-সলনি কৰা খবৰ লাভ কৰা নাই যদিও ইয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়ে যাত্ৰীসকলক তেওঁলোকৰ সময়সূচীৰ তথ্যৰ বাবে সংশ্লিষ্ট বিমানসেৱা প্ৰতিস্থানৰ সৈতে যোগাযোগ কৰি থাকিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই।


ইতিমধ্যে, দিল্লী বিমানবন্দৰৰ তৰফৰ পৰা টুইটাযোগে এক বাৰ্তা প্ৰেৰণ কৰা হৈছে। সমগ্ৰ ঘটনা সম্পৰ্কত দিল্লী বিমানবন্দৰৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা। টুইটটোত উল্লেখ কৰা হৈছে যে, ‘দিল্লী বিমানবন্দৰত দৃশ্যমানতা কম হোৱা পৰিলক্ষিত হৈছে। সকলো বিমান পৰিচালনা বৰ্তমান স্বাভাৱিক অৱস্থাতেই আছে। যাত্ৰীসকলক বিমানৰ শেহতীয়া তথ্যৰ বাবে সংশ্লিষ্ট এয়াৰলাইনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।’


দিল্লী বিমানবন্দৰৰ বিশেষ টুইটটো –

https://twitter.com/DelhiAirport/status/1480728717873725440?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1480728717873725440%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.india.com%2Fnews%2Fdelhi%2Fdelhi-airport-flights-delayed-cancelled-due-to-dense-fog-low-visibility-5180423%2F
দিল্লী বিমানবন্দৰৰ বিশেষ টুইটটো



উল্লেখযোগ্য যে কেৱলমাত্ৰ দিল্লী বিমানবন্দৰেই নহয়, শীতৰ প্ৰকোপ বৃদ্ধি পোৱা বাবে দেশৰ বিভিন্ন ঠাইত ঘন কুঁৱলীয়ে ধূসৰ পৰিস্থিতি সৃষ্টি কৰা দেখা গৈছে। দেশৰ আন আন বিমানবন্দৰৰ কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা এনে পৰিস্থিতিয়ে স্বাভাৱিকতে বিমানসেৱ ব্যাহত কৰি তোলাৰ আশংকা গাঢ় কৰি তুলিছে। কিন্তু এতিয়ালৈ দিল্লী বিমানবন্দৰ বা আন বিমানবন্দৰ তথা এয়াৰলাইন সন্থাবোৰৰ পৰা কোনো বিমান বাতিল হোৱা বা সময়সূচী পৰিৱৰ্তন কৰা কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক