--°C
Loading...
Listen to Article
2 min read
80%
বিপাকত জনপ্ৰিয় কণ্ঠশিল্পী দলেৰ মেহেন্দী । ১৫ বছৰীয়া মানৱ সৰবৰাহ গোচৰত দুবছৰ কাৰাদণ্ড বিহা হৈছিল কণ্ঠশিল্পী গৰাকীক। বৃহস্পতিবাৰে পাটিয়ালা আদালতত এই গোচৰৰ শুনানি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যায়। পঞ্জাৱৰ পাটিয়ালা আদালতে দল মেহেন্দীৰ দুবছৰৰ কাৰাদণ্ড বাহাল ৰাখিছে। গোচৰৰ শুনানিৰ সময়ত পাটিয়ালা আদালতে দলেৰ মেহেন্দীক দোষী সাব্যস্ত কৰাৰ লগতে ২বছৰৰ সস্ৰম কাৰাদণ্ডও বিহে।। ঘটনাটো সংঘটিত হৈছিল ২০০৩ চনত।  দলেৰ মেহেন্দী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে মুঠ ৩১টা গোচৰ ৰুজু কৰা হৈছিল তেতিয়াই। পাটিয়ালা আদালতৰ ৰায়দানৰ পিছতে দলেৰ মেহেন্দীক  কৰা হৈছিল গ্ৰেপ্তাৰ ।

উল্লেখ্য যে, ২০০৩ চনত দলৰ মেহেন্দীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে অবৈধ মানৱ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছিল। জানিবলৈ পোৱা মতে, দলেৰ মেহেন্দীয়ে এই কামটো কৰিবলৈ ৰাইজৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। ১৯৯৮ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত দলেৰ মেহেন্দীয়ে কমেও ১০ জন লোকক ছান ফ্ৰান্সিস্কো আৰু নিউ জাৰ্ছীলৈ চোৰাংভাৱে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে মেহেন্দী আৰু তেওঁৰ ভাতৃ শমশ্বেৰ সিঙৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ। গোচৰ ৰুজু হোৱাৰ পিছত দুয়োজন ভাতৃৰ বিৰুদ্ধে প্ৰায় ৩৫টা অভিযোগ উত্থাপন হৈছিল।


২০০৩চনৰ ২৭ আগষ্ট FIR নং ৪৯৮ u/s ৪০৬,৪২০,১২০বি, ৪৬৫,৪৬৮,৪৭১ আইপিচি আৰু ভাৰতীয় পাছপ’ৰ্ট আইনত এইচ এছ গ্ৰেৱালৰ আদালতে অভিযুক্ত কণ্ঠশিল্পীগৰাকীক ২ বছৰৰ কাৰাবাস ঘোষণা কৰিছিল। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও ২০১৮ চনৰ ১৬ মাৰ্চত জেএমআইচি পাটিয়ালাই ২ বছৰৰ কাৰাদণ্ড বিহিছিল দলেৰ মেহেন্দীক। এতিয়া পঞ্জাৱৰ পাটিয়ালা চেচন আদালতে মানৱ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰিছে।


প্ৰসংগক্ৰমে, ২ মাহ পূৰ্বে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে মেটাভাৰ্ছত অজ্ঞাত পৰিমাণত ভূমি ক্ৰয় কৰিছিল। মেটাভাৰ্ছত ভূমি অধিগ্ৰহণ কৰা তেওঁ প্ৰথম ভাৰতীয়। ইয়াৰ নাম ‘বাল্লে বাল্লে লেণ্ড’। কণ্ঠশিল্পীগৰাকীয়ে অনুৰাগীসকলক লৈ গৈছিল মেটাভাৰ্ছ লেণ্ডৰ ভাৰ্চুৱেল ভ্ৰমণলৈ। বাল্লে বাল্লে লেণ্ডত বলীউডৰ চলচ্চিত্ৰ আৰু সংগীত কনচাৰ্ট আয়োজন কৰিব। পাৰ্টীনাইটৰ জৰিয়তে তেওঁ তাত ভূমি ক্ৰয় কৰিছিল বুলি খবৰ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ