--°C
Loading...
Listen to Article
2 min read
80%
বিপাকত জনপ্ৰিয় কণ্ঠশিল্পী দলেৰ মেহেন্দী । ১৫ বছৰীয়া মানৱ সৰবৰাহ গোচৰত দুবছৰ কাৰাদণ্ড বিহা হৈছিল কণ্ঠশিল্পী গৰাকীক। বৃহস্পতিবাৰে পাটিয়ালা আদালতত এই গোচৰৰ শুনানি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যায়। পঞ্জাৱৰ পাটিয়ালা আদালতে দল মেহেন্দীৰ দুবছৰৰ কাৰাদণ্ড বাহাল ৰাখিছে। গোচৰৰ শুনানিৰ সময়ত পাটিয়ালা আদালতে দলেৰ মেহেন্দীক দোষী সাব্যস্ত কৰাৰ লগতে ২বছৰৰ সস্ৰম কাৰাদণ্ডও বিহে।। ঘটনাটো সংঘটিত হৈছিল ২০০৩ চনত।  দলেৰ মেহেন্দী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে মুঠ ৩১টা গোচৰ ৰুজু কৰা হৈছিল তেতিয়াই। পাটিয়ালা আদালতৰ ৰায়দানৰ পিছতে দলেৰ মেহেন্দীক  কৰা হৈছিল গ্ৰেপ্তাৰ ।

উল্লেখ্য যে, ২০০৩ চনত দলৰ মেহেন্দীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে অবৈধ মানৱ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছিল। জানিবলৈ পোৱা মতে, দলেৰ মেহেন্দীয়ে এই কামটো কৰিবলৈ ৰাইজৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। ১৯৯৮ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত দলেৰ মেহেন্দীয়ে কমেও ১০ জন লোকক ছান ফ্ৰান্সিস্কো আৰু নিউ জাৰ্ছীলৈ চোৰাংভাৱে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে মেহেন্দী আৰু তেওঁৰ ভাতৃ শমশ্বেৰ সিঙৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ। গোচৰ ৰুজু হোৱাৰ পিছত দুয়োজন ভাতৃৰ বিৰুদ্ধে প্ৰায় ৩৫টা অভিযোগ উত্থাপন হৈছিল।


২০০৩চনৰ ২৭ আগষ্ট FIR নং ৪৯৮ u/s ৪০৬,৪২০,১২০বি, ৪৬৫,৪৬৮,৪৭১ আইপিচি আৰু ভাৰতীয় পাছপ’ৰ্ট আইনত এইচ এছ গ্ৰেৱালৰ আদালতে অভিযুক্ত কণ্ঠশিল্পীগৰাকীক ২ বছৰৰ কাৰাবাস ঘোষণা কৰিছিল। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও ২০১৮ চনৰ ১৬ মাৰ্চত জেএমআইচি পাটিয়ালাই ২ বছৰৰ কাৰাদণ্ড বিহিছিল দলেৰ মেহেন্দীক। এতিয়া পঞ্জাৱৰ পাটিয়ালা চেচন আদালতে মানৱ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰিছে।


প্ৰসংগক্ৰমে, ২ মাহ পূৰ্বে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে মেটাভাৰ্ছত অজ্ঞাত পৰিমাণত ভূমি ক্ৰয় কৰিছিল। মেটাভাৰ্ছত ভূমি অধিগ্ৰহণ কৰা তেওঁ প্ৰথম ভাৰতীয়। ইয়াৰ নাম ‘বাল্লে বাল্লে লেণ্ড’। কণ্ঠশিল্পীগৰাকীয়ে অনুৰাগীসকলক লৈ গৈছিল মেটাভাৰ্ছ লেণ্ডৰ ভাৰ্চুৱেল ভ্ৰমণলৈ। বাল্লে বাল্লে লেণ্ডত বলীউডৰ চলচ্চিত্ৰ আৰু সংগীত কনচাৰ্ট আয়োজন কৰিব। পাৰ্টীনাইটৰ জৰিয়তে তেওঁ তাত ভূমি ক্ৰয় কৰিছিল বুলি খবৰ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু