--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে টুইটাৰত অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে এখন ছবি পোষ্ট কৰি ‘নতুন জীৱন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। টুইটাৰত তেওঁ লিখিছে, ‘নতুন জীৱন আৰম্ভ হৈছে, চলি আছে ডেটিং।’

সুস্মিতা সেন বিবাহ পাশত আৱদ্ধ হ’ল নেকি? প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতাৰ সৈতে ললিত মোদীৰ ক্ল’জ আপ ফটো আৰু কেপচন দেখি এনে প্ৰশ্নকে কৰা দেখিবলৈ পোৱা গৈছে নেটিজেনে। সুস্মিতাৰ সৈতে কেইবাখনো ছবিৰে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি লিখিছে, ‘মোৰ অৰ্ধাংগিণী’। ললিত মোদীৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত লাভ কৰাৰ পাছতে স্তম্ভিত হৈ পৰিছে অনুৰাগী। সকলোৰে মনত এটা প্ৰশ্নৰে অগাদেৱা-অৱশেষত, ললিত মোদীকে জীৱনৰ প্ৰিয় পুৰুষৰ স্থান দিলে নেকি সুস্মিতাই? এই কথাষাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে ললিত মোদীয়ে বিষয়টো সন্দৰ্ভত মন্তব্য কৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। ললিতে কয়, ‘বিয়া হোৱা নাই। মাত্ৰ এটা নতুন জীৱনৰ আৰম্ভণি কৰিছো।’

স্বাভা‌ৱিকতে, ললিত মোদীৰ শেহতীয়া পোষ্টত থৰকাছুটী হেৰুৱাইছে নেটিজেনে। অৱশ্যে, দীৰ্ঘদিনীয়া প্ৰেম-প্ৰণয়কে যেন শেষ পৰিণতি দিয়াৰ মন মেলিছে দুয়ো। দুয়োৰে নীৰৱ, নিসংগ নিশাবোৰ জোনাকৰ আলোকমালাৰে উপচি পৰক তাৰেই যেন কামনা শুভাকাংক্ষীৰ...!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?