ডিজিটেল ডেস্ক: দেশৰ ৰাজনৈতিক জগতৰ এগৰাকী বিচক্ষণ ব্যক্তি শশী থাৰুৰ। কংগ্ৰেছৰ এইগৰাকীৰ সাংসদ ৰাজনীতিতকৈয়ো অধিক চৰ্চাত থাকে বৌদ্ধিক চিন্তা-চৰ্চা, তেওঁৰ ইংৰাজী ভাষাজ্ঞান, ক্ৰিকেট প্ৰেম আৰু চৌখিন জীৱনশৈলীৰ বাবে। কৃষি আইন বাতিল বিধেয়কক লৈ সংসদ উত্তাল হৈ থকাৰ সময়তে এখন বিশেষ ফটোৰ বাবে চৰ্চালৈ আহিছিল শশী থাৰুৰ। সংসদত প্ৰৱল হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাজ্যসভাৰ পৰা বিৰোধীৰ ১০গৰাকীকৈ সাংসদ বহিষ্কৃতও হৈছিল। কিন্তু তাৰ মাজতো কংগ্ৰেছৰ এইগৰাকী সাংসদ শশী থাৰুৰ আছিল ব্যতিক্ৰম। আন আন জনপ্ৰতিনিধিয়ে প্ৰতিবাদেৰে সংসদত তোলপাৰ লগোৱাৰ সময়ত শশী থাৰুৰে একাংশ মহিলা সাংসদৰ সৈতে ছেলফী লোৱাত ব্যস্ত হৈ পৰিছিল। সেই ছেলফীক লৈ তুমুল চৰ্চা চলিছিল ছ’চিয়েল মিডিয়াত। বহুতেই সাংসদগৰাকীক ইয়াকে লৈ তীব্ৰ কটাক্ষ কৰাও দেখা গৈছিল। পুনৰবাৰ এখন ফটোক লৈ চৰ্চিত হৈছে শশী থাৰুৰ।

মিছ ইউনিভাৰ্ছ ২০২১ৰ খিতাপ দখল কৰা ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৰ সৈতে শশী থাৰুৰৰ এখন ফটো ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে। মিছ ইউনিভাৰ্ছ হৰনাজ সান্ধুক শুভেচ্ছা জনাবলৈ গৈ সুন্দৰীগৰাকীৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিছিল সাংসদ শশী থাৰুৰে। ইয়াৰ পাছতে ফটোখনক লৈ আৰম্ভ হয় চৰ্চা। কিছুসংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সাংসদগৰাকীক ট্ৰ’ল কৰাও দেখা যায়।
নিজৰ ৰাজনৈতিক তথা বৌদ্ধিক বিচক্ষণতাৰ বাবে পৰিচিত ৰাজনীতিবিদ শশী থাৰুৰ নিজ দলতে অৱহেলিত হৈছে নেকি! বিৰোধীৰ ভূমিকাত সফল হ'ব নোৱাৰা কংগ্ৰেছ দলে দলীয় ৰণনীতিত কি স্থান দিছে শশী থাৰুৰক? এনে বিচক্ষণ ৰাজনীতিবিদ দলত থকা সত্ত্বেও কংগ্ৰেছৰ অৱনতিৰ কাৰণ কি!