--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ ৰাজনৈতিক জগতৰ এগৰাকী বিচক্ষণ ব্যক্তি শশী থাৰুৰ। কংগ্ৰেছৰ এইগৰাকীৰ সাংসদ ৰাজনীতিতকৈয়ো অধিক চৰ্চাত থাকে বৌদ্ধিক চিন্তা-চৰ্চা, তেওঁৰ ইংৰাজী ভাষাজ্ঞান, ক্ৰিকেট প্ৰেম আৰু চৌখিন জীৱনশৈলীৰ বাবে। কৃষি আইন বাতিল বিধেয়কক লৈ সংসদ উত্তাল হৈ থকাৰ সময়তে এখন বিশেষ ফটোৰ বাবে চৰ্চালৈ আহিছিল শশী থাৰুৰ। সংসদত প্ৰৱল হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাজ্যসভাৰ পৰা বিৰোধীৰ ১০গৰাকীকৈ সাংসদ বহিষ্কৃতও হৈছিল। কিন্তু তাৰ মাজতো কংগ্ৰেছৰ এইগৰাকী সাংসদ শশী থাৰুৰ আছিল ব্যতিক্ৰম। আন আন জনপ্ৰতিনিধিয়ে প্ৰতিবাদেৰে সংসদত তোলপাৰ লগোৱাৰ সময়ত শশী থাৰুৰে একাংশ মহিলা সাংসদৰ সৈতে ছেলফী লোৱাত ব্যস্ত হৈ পৰিছিল। সেই ছেলফীক লৈ তুমুল চৰ্চা চলিছিল ছ’চিয়েল মিডিয়াত। বহুতেই সাংসদগৰাকীক ইয়াকে লৈ তীব্ৰ কটাক্ষ কৰাও দেখা গৈছিল। পুনৰবাৰ এখন ফটোক লৈ চৰ্চিত হৈছে শশী থাৰুৰ।

মিছ ইউনিভাৰ্ছ ২০২১ৰ খিতাপ দখল কৰা ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৰ সৈতে শশী থাৰুৰৰ এখন ফটো ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে। মিছ ইউনিভাৰ্ছ হৰনাজ সান্ধুক শুভেচ্ছা জনাবলৈ গৈ সুন্দৰীগৰাকীৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিছিল সাংসদ শশী থাৰুৰে। ইয়াৰ পাছতে ফটোখনক লৈ আৰম্ভ হয় চৰ্চা। কিছুসংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সাংসদগৰাকীক ট্ৰ’ল কৰাও দেখা যায়।

নিজৰ ৰাজনৈতিক তথা বৌদ্ধিক বিচক্ষণতাৰ বাবে পৰিচিত ৰাজনীতিবিদ শশী থাৰুৰ নিজ দলতে অৱহেলিত হৈছে নেকি! বিৰোধীৰ ভূমিকাত সফল হ'ব নোৱাৰা কংগ্ৰেছ দলে দলীয় ৰণনীতিত কি স্থান দিছে শশী থাৰুৰক? এনে বিচক্ষণ ৰাজনীতিবিদ দলত থকা সত্ত্বেও কংগ্ৰেছৰ অৱনতিৰ কাৰণ কি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি