--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত বিবাহপাশত আবদ্ধ হয় সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে। দুয়োপক্ষৰ পৰিয়ালৰ বাহিৰেও বিবাহ উপলক্ষে বলিউডৰ তাৰকাসকল উপস্থিত আছিল।

বিবাহ অনুষ্ঠানত উপহাৰৰ অভাৱ নাছিল। অতিথিসকলে উপহাৰেৰে নৱবিবাহিত দম্পতীসকলৰ ওপৰত মৰম আৰু আশীৰ্বাদৰ বৰষুণ দিলে। কিন্তু ইয়াৰ ভিতৰত আটাইতকৈ বেছি চৰ্চা কৰা হৈছে কৰ্ণ জোহৰ আৰু ঈশা আম্বানীক লৈ।

কৰণৰ 'শ্বেৰশ্বাহ’ত সিদ্ধাৰ্থ আৰু কিয়াৰাই যুটি হিচাপে অভিনয় কৰিছিল। ডাঙৰ পৰ্দাত এই তাৰকা যুটিটোৰ কেমিষ্ট্ৰী দৰ্শকে ভাল পাইছিল। এই ছবিখনো হিট হৈছিল। সেই কথা মনত ৰাখি কৰণে নৱবিবাহিনীক নিজৰ এটা বিশেষ উপহাৰ দিলে।

কৰণে সিদ্ধাৰ্থ আৰু কিয়াৰাক তেওঁৰ পৰৱৰ্তী তিনিখন ছবিত মুখ্য চৰিত্ৰৰ প্ৰস্তাৱ দিছে। অৰ্থাৎ তাৰকা যুটিটোৱে কৰণৰ পৰৱৰ্তী তিনিখন ছবিত একেলগে অভিনয় কৰা দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়াত কৰণে এই উপহাৰ দিয়ে। অৱশ্যে কৰণ বা তেওঁৰ প্ৰডাকচন কোম্পানীয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

তিনিওখন ছবি ৰোমান্টিক কমেডী হ’ব বুলি গুজৱৰ সৃষ্টি হৈছে। কৰণৰ ‘হাম্পটি শৰ্মা কি দুলহনীয়া’, ‘বদ্ৰীনাথ কি দুলহনীয়া’ আদি ছবিত অভিনয় কৰা বৰুণ ধাৱন আৰু আলিয়া ভাটৰ দৰে চিদ-কিয়াৰাকো এনে তিনিখন ছবিত দেখা যাব।

বলীউডৰ এটা অংশই দাবী কৰিছে যে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ প্ৰথমখন ৰোমান্টিক কমেডী ছবিৰ নাম হ’ব পাৰে ‘আদাল বাদল’। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

কৰণৰ ছবিত অভিনয় কৰি সিদ্ধাৰ্থই বলিউডত খোজ দিছিল। ইয়াৰ উপৰিও কিয়াৰাইও কৰণৰ সৈতে ‘লাষ্ট ষ্ট’ৰীজ’ নামৰ ৱেব ছিৰিজৰ এটা খণ্ডত কাম কৰিছিল।

কৰণৰ ৰিয়েলিটি শ্ব’তো দুয়োগৰাকী তাৰকাই পৃথকে পৃথকে অতিথি হিচাপে ভাগ লৈছিল। কৰণৰ শ্ব’লৈ আহি সিদ্ধাৰ্থই তেওঁৰ আৰু কিয়াৰাৰ বিবাহৰ আভাস দিছিল।

আনহাতে আম্বানী পৰিয়ালে সিদ-কিয়াৰাত দিয়া উপহাৰক লৈও চৰ্চা চলিছে। কিয়াৰাৰ ঘনিষ্ঠ বান্ধৱী ঈশা আম্বানী। বিবাহ উপলক্ষে ঈশাই নিজৰ কোম্পানীৰ স’তে যোগ কৰিছে কিয়াৰাক। আম্বানী পৰিয়ালে সিদ্ধাৰ্থ আৰু কিয়াৰাক ৰিলায়েন্স ট্ৰেণ্ড ফুটৱেয়াৰ কোম্পানীৰ বিজ্ঞাপন অভিযানৰ মূল মুখ হিচাপে লোৱাৰ সিদ্ধান্ত লয়।

ৰিলায়েন্স ৰিটেইল ফেশ্বন এণ্ড লাইফষ্টাইলৰ চিইঅ’ অখিলেশ প্ৰসাদে কয়- ''সিদ্ধাৰ্থ আৰু কিয়াৰা দুয়োজনেই বলীউডৰ বিখ্যাত তাৰকা। তেওঁলোকৰ জনপ্ৰিয়তাও বৰ বেছি। সিদ্ধাৰ্থ আৰু কিয়াৰাক বিজ্ঞাপনৰ মুখ হিচাপে লৈ তেওঁলোকৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সৈতে আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক