--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আসন্ন জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী ৰবীন্দ্ৰ ৰাইনাই৷বৃহস্পতিবাৰে ৰাজৌৰী জিলাৰ নৌশ্বেৰা বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে ৰবীন্দ্ৰ ৰাইনাই। জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিগৰাকী চৰ্চালৈ অহিছে তেওঁ নিৰ্বাচন আয়োগক দাখিল কৰা সম্পত্তিৰ তালিকাৰ বাবে৷এই আসনৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী নেতাগৰাকীয়ে৷

উল্লেখযোগ্য যে ২০১৪ চনত নেতাগৰাকীয়ে নিৰ্বাচন আয়োগক দিয়া শপতনামাত তেওঁৰ হাতত বিশ হাজাৰ আৰু চেভিংছ একাউণ্টত এহেজাৰ টকাৰ ধন জমা থকা বুলি প্ৰকাশ কৰিছিল, ২০২৪ চনতো জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী নেতাগৰাকীয়ে ৰিটাৰ্নিং অফিচাৰৰ সন্মুখত দাখিল কৰা শপতনামাটো তেওঁৰ হাতত মাত্ৰ ১০০০ আছে বুলি প্ৰকাশ কৰিছে।

নগদ ১০০০ টকাৰ বাহিৰে কোনো বাহন, গহনা, কৃষিভূমি, উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তি, অকৃষিভূমি, বাণিজ্যিক ভৱন,আৱাসিক ভৱন নাই বিজেপিৰ মুৰব্বী নেতাগৰাকীৰ হাতত। ২০১৪ চনত তেওঁ বিধায়ক হোৱাৰ সময়ত আবণ্টন দিয়া  জম্মুৰ ১৩এ গান্ধী নগৰত তেওঁৰ চৰকাৰী বাসগৃহ আছে৷ বিদ্যুৎ, টেলিফোন আৰু পানীৰ বাবদ কোনো মাছুল দিব লগীয়া নাই বুলি শপতনামাত উল্লেখ কৰিছে৷
 
যি সময়ত বহু ৰাজনীতিবিদৰ সম্পত্তি দুগুণ বৃদ্ধি পাইছে সেই সময়তে জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী নেতাগৰাকীয়ৰ ২০১৪ ৰ পৰা ২০২৪ লৈকে সম্পত্তিৰ স্থিৰতাই শপতনামাত দাখিল কৰা তথ্যৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে৷ নিৰ্বাচন সমাগত হৈ অহাৰ লগে লগে সম্প্ৰতি জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়া তথা বিজেপিৰ জম্মু-কাশ্মীৰ নিৰ্বাচনী প্ৰচৰাক ৰাম মাধৱৰ সৈতে নৌশ্বেৰাত ৰাইনাই এক ৰোড শ্ব’ অনুষ্ঠিত কৰিছে। 

উল্লেখযোগ্যযে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন৷ ১৮ ছেপ্টেম্বৰত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ২৫ ছেপ্টেম্বৰত হ’ব দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ অক্টোবৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ