--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰাৰ বাবে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক লৈ সৰৱ হৈ উঠিছে দল-সংগঠন৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই শুক্ৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে যে ‘অসম চুক্তিৰ ১৩নং দফাত স্পষ্টভাৱে কোৱা হৈছে যে অসম চুক্তি ৰূপায়ণৰ নডেল এজেন্সি হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়৷ গৃহ মন্ত্ৰ্যালয়ে কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰি স্বাক্ষৰ কৰা পাছতহে প্ৰতিবেদনখনে সাংবিধানিক মৰ্যাদা লাভ কৰিব ৷’ 

ইয়াৰ কিছু সময়ৰ পাছতে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই তেওঁৰ ফেচবুকত প্ৰচাৰ কৰা এটা পষ্টত সদৰি কৰিছে যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰাৰ বাবে বৃহস্পতিবাৰে কেবিনেটত গ্ৰহণ   কৰা সিদ্ধান্ত সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।মুখ্যমন্ত্ৰীয়ে  সেই পৰামৰ্শাৱলী ভালকৈ চালে আৰু ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা কাৰ্যকৰী কৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে।মুখ্যমন্ত্ৰীয়ে সদৰি কৰা গুৰুত্বপূৰ্ণ দিশ সমূহৰ কেইটামান কথা বুজিবলৈ চেষ্টা কৰিও বুজিব পৰা নাই৷

প্ৰথম কথাঅসম চুক্তি ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। অসম চুক্তি ৰূপায়ণৰ নডেল বিভাগ হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰালয় আৰু যাৰ বাবে এই বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কিন্তু প্ৰতিবেদনখন এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাই নাই ।
তেনেস্থলত মুখ্যমন্ত্ৰাীয়ে এই কথা ঘোষণা কৰিব পাৰে নে?

দ্বিতীয়তে, প্ৰতিবেদনত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰা নাই অৰ্থাত কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত উক্ত প্ৰতিবেদনক   মান্যতা প্ৰদান কৰা নাই।

তৃতিয়তে, এই প্ৰতিবেদন অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক সমন্বিত পৰিকল্পনা তেনেস্থলত অসম কেবিনেটে এই পৰামৰ্শ ৫৭ টা আৰু ১০ টাত কিদৰে খণ্ডিত কৰিলে?

এই পৰামৰ্শ সমূহত মূলত - অসমীয়াৰ সংজ্ঞা, সমষ্টি পূনৰনিৰ্ধাৰণ, নিগম নিকায়ৰ পৰা লোকসভালৈ সকলোতে অসমীয়াৰ বাবে ৮০% সংৰক্ষণ (আছু ৰ মতে ১০০%), কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত সংৰক্ষণ, ৰাজ্যৰ সকলো চাকৰিত ১০০% সংৰক্ষণ।, ইনাৰলাইন পাৰ্মিট।, অসম চুক্তিৰ পূৰ্ণ ৰূপায়ন।, অসমীয়া মানুহৰ ভূমিৰ অধিকাৰ।, উচ্চসদন(বিধান পৰিষদ) গঠন আদি৷

এই পৰামৰ্শ সমূহৰ প্ৰায় সকলোবোৰেই কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ ভিতৰত, তেনেস্থলত এই সমূহ ৰাজ্য চৰকাৰে কি দৰে ৰূপায়ন কৰিব ?
আৰু এই মূল পৰামৰ্শ সমূহ বাদ দি ৰাজ্য চৰকাৰে কি কি দফা ৰূপায়ন কৰিব সেইটো ৰাজহুৱা ভাবে স্পষ্ট কৰি দিলে বুজি পোৱাত সুবিধা হ’ব বুলি কেবিনেটৰ সিদ্ধান্তৰ এপৰত সৰৱ হৈ পৰে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞা৷ লগতে তেওঁ কটাক্ষ কৰি কয় ‘মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথমে কেন্দ্ৰীয় চৰকাৰক এই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সৈমান কৰক আৰু পাছত ৰূপায়ণ কৰিবলৈ মান্তি কৰাওক।’ লগতে কয়
কেন্দ্ৰীয় চৰকাৰে নিজৰ আওতাত থকা বিষয় সমূহ ৰূপায়ণ কৰক আৰু ৰাজ্যচৰকাৰৰ কৰণীয় সমূহ ৰূপায়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰক, এইটোহে প্ৰক্ৰিয়া হ’ব লাগে। জাতিৰ অস্তিত্বৰ লগত জড়িত ইমান ডাঙৰ বিষয় এটাক ইমানো লঘু কৰি নিদিব।’

প্ৰসংগ ক্ৰমে অপ অসমেও কেবিনেটৰ এই সিদ্ধান্তৰ সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰি কয় ‘মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৫৭ টা পৰামৰ্শ ৰাজ্য চৰকাৰে ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰি বাকী ১০ টা কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি কৈ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো পুনৰ এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিব নোৱাৰে’
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান