--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিভাবা জাদেজাৰ পিছত এতিয়া তেওঁৰ স্বামী তথা ক্ৰিকেট জগতৰ তাৰকা ৰবীন্দ্ৰ জাদেজাও ৰাজনীতিত প্ৰৱেশ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰি ৰাজনৈতিক দিশত খোজ দিয়ে । তেওঁৰ পত্নী ৰিভাবাই এই তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে, য’ত তেওঁ ৰবীন্দ্ৰৰ সৈতে বিজেপিৰ সদস্যপদ কাৰ্ডৰ ছবি আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিছে। শেহতীয়াকৈ ৰবীন্দ্ৰ জাডেজাই টি-২০ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদত যোগদান কৰিছে। জামনগৰৰ বিজেপি বিধায়ক তথা তেওঁৰ পত্নী ৰিভাবা জাদেজাই এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ৰিভাবাই ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰিছে, য’ত ৰবীন্দ্ৰ জাদেজাক নতুন সদস্য হিচাপে বিজেপিৰ সদস্যপদৰ কাৰ্ড হাতত লৈ থকা দেখা গৈছে।


২০১৯ চনত বিজেপিত যোগদান কৰা ৰিভাবাই ২০২২ চনত জামনগৰ বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এই নিৰ্বাচনত তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী কৰ্ষণভাই কৰ্মুৰক পৰাস্ত কৰি জয়লাভ কৰে। উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰবীন্দ্ৰ জাদেজাকো পত্নীৰ সমৰ্থনত প্ৰচাৰ চলোৱা দেখা গৈছিল।

ভাৰতৰ ঐতিহাসিক টি-২০ বিশ্বকাপ ২০২৪ৰ জয়লাভৰ পাছতে ৩৫ বছৰীয়া ৰবীন্দ্ৰ জাদেজাই টি-২০ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ইফালে সংবাদ মাধ্যমত ৰিভাবাই কয় যে, "মই ঘৰৰ পৰাই সদস্যপদ অভিযান আৰম্ভ কৰিছো। কালি বিজেপিয়ে এখন সংবাদমেল আয়োজন কৰে, যি বিজেপিয়ে চহৰ আৰু জিলা পৰ্যায়ত চলোৱা সদস্যপদ অভিযানৰ অংশ আছিল।"


শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নড্ডাই দলটোৰ সদস্যপদ অভিযান আৰম্ভ কৰে, য’ত তেওঁ ২ ছেপ্টেম্বৰত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদস্যপদ নবীকৰণ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু