--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিভাবা জাদেজাৰ পিছত এতিয়া তেওঁৰ স্বামী তথা ক্ৰিকেট জগতৰ তাৰকা ৰবীন্দ্ৰ জাদেজাও ৰাজনীতিত প্ৰৱেশ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰি ৰাজনৈতিক দিশত খোজ দিয়ে । তেওঁৰ পত্নী ৰিভাবাই এই তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে, য’ত তেওঁ ৰবীন্দ্ৰৰ সৈতে বিজেপিৰ সদস্যপদ কাৰ্ডৰ ছবি আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিছে। শেহতীয়াকৈ ৰবীন্দ্ৰ জাডেজাই টি-২০ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদত যোগদান কৰিছে। জামনগৰৰ বিজেপি বিধায়ক তথা তেওঁৰ পত্নী ৰিভাবা জাদেজাই এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ৰিভাবাই ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰিছে, য’ত ৰবীন্দ্ৰ জাদেজাক নতুন সদস্য হিচাপে বিজেপিৰ সদস্যপদৰ কাৰ্ড হাতত লৈ থকা দেখা গৈছে।


২০১৯ চনত বিজেপিত যোগদান কৰা ৰিভাবাই ২০২২ চনত জামনগৰ বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এই নিৰ্বাচনত তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী কৰ্ষণভাই কৰ্মুৰক পৰাস্ত কৰি জয়লাভ কৰে। উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰবীন্দ্ৰ জাদেজাকো পত্নীৰ সমৰ্থনত প্ৰচাৰ চলোৱা দেখা গৈছিল।

ভাৰতৰ ঐতিহাসিক টি-২০ বিশ্বকাপ ২০২৪ৰ জয়লাভৰ পাছতে ৩৫ বছৰীয়া ৰবীন্দ্ৰ জাদেজাই টি-২০ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ইফালে সংবাদ মাধ্যমত ৰিভাবাই কয় যে, "মই ঘৰৰ পৰাই সদস্যপদ অভিযান আৰম্ভ কৰিছো। কালি বিজেপিয়ে এখন সংবাদমেল আয়োজন কৰে, যি বিজেপিয়ে চহৰ আৰু জিলা পৰ্যায়ত চলোৱা সদস্যপদ অভিযানৰ অংশ আছিল।"


শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নড্ডাই দলটোৰ সদস্যপদ অভিযান আৰম্ভ কৰে, য’ত তেওঁ ২ ছেপ্টেম্বৰত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদস্যপদ নবীকৰণ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ