--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহে সন্মান কৰা লোকসকলৰ আচৰণকো ইতিবাচক দৃষ্টিৰে চায়। এনে লোকৰ কিছুমান বৈশিষ্ট্য আনৰ বাবে প্ৰেৰণাদায়ক হ’ব পাৰে। সহজেই আনৰ প্ৰশংসাৰ বস্তু হৈ পৰে। সন্মানীয় লোকসকল সহানুভূতিশীল, ধৈৰ্য্যশীল আৰু অতি শান্ত স্বভাৱৰ। তেওঁলোকে যিকোনো বিষয়ত মতামত দিয়াৰ আগতে সময় উলিয়াই সকলোৰে বাবে ভাল সিদ্ধান্তত উপনীত হয়। এনে মানুহৰ কণ্ঠত যাদু আছে, মাত্ৰ কেইটামান শব্দৰে ৰাইজক মন্ত্ৰমুগ্ধ কৰিব পাৰে। সন্মানীয় মানুহৰ ৫টা বৈশিষ্ট্য বা স্বভাৱৰ বিষয়ে জানো আহক-

১) মনোযোগী শ্ৰোতা: এজন সন্মানীয় ব্যক্তিয়ে আনৰ কথা ভালদৰে শুনে। আনজনে কোৱা কথাখিনিত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে। আনৰ কথাৰ মাজত প্ৰশ্ন কৰি আমনি নকৰে। গোটেই কথাটো শুনাৰ পিছত কিবা প্ৰশ্ন থাকিলে জানিবলৈ মন কৰে। মনোযোগী স্বভাৱৰ বাবে তেওঁলোক আনৰ সন্মানীয় হৈ পৰে।

২) সহানুভূতি : এনে লোকৰ বৰ সহানুভূতিশীল। আনৰ দুখ-কষ্ট অনুভৱ কৰিবলৈ চেষ্টা কৰে। সহজে বিচাৰ নকৰে আৰু মানুহৰ পৰিস্থিতি বিবেচনা কৰে। আনৰ প্ৰতি দয়ালু হয়। মানুহক বুজিবলৈ চেষ্টা কৰে। এই বৈশিষ্ট্যই তেওঁলোকক সকলোৰে মাজত সন্মানীয় কৰি তোলে।

৩) ভদ্ৰ: সন্মানীয় ব্যক্তি বৰ ভদ্ৰ। তেওঁলোকৰ আদৰ্শ ব্যক্তিত্ব আছে। তেওঁলোকে নিজকে আনতকৈ ভাল বুলি নাভাবে আৰু আনৰ পৰা শিকিবলৈ সদায় আগ্ৰহী। তেওঁলোকে নিজৰ সীমাবদ্ধতা চিনি পায় আৰু কিবা এটাৰ বিষয়ে নিশ্চিত নহ’লে আনৰ পৰা সহজেই সহায় বিচাৰে। সৰু হ’বলৈ কেতিয়াও ভয় নকৰে।

৪) নিৰ্ভৰযোগ্যতা: এনে ব্যক্তিক মানুহে সহজেই বিশ্বাস কৰিব পাৰে।  নিজৰ কথা পালন কৰে। গতিকে যেতিয়া তেওঁলোকে কিবা এটা প্ৰতিশ্ৰুতি দিয়ে তেতিয়া মানুহে সহজেই বিশ্বাস কৰে। কাৰণ এনে ব্যক্তি আনক সহায় কৰিবলৈ সদায় সাজু থাকে।

৫) মানুহৰ প্ৰতি সন্মান জনাই কথা কোৱা: এনে ব্যক্তিয়ে সদায় আনৰ প্ৰতি সন্মান জনাই কথা কয়। তেওঁলোক বিনয়ী । কাৰোবাৰ কথাত কেতিয়াবা মতানৈক্য থাকিলেও তেওঁলোকে কঠোৰ ভাষা ব্যৱহাৰ নকৰে। আনক আঘাত নিদিয়াকৈ কথা পাতিবলৈ চেষ্টা কৰে। অতি বিশ্লেষণাত্মক পদ্ধতিৰে সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ