--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহে সন্মান কৰা লোকসকলৰ আচৰণকো ইতিবাচক দৃষ্টিৰে চায়। এনে লোকৰ কিছুমান বৈশিষ্ট্য আনৰ বাবে প্ৰেৰণাদায়ক হ’ব পাৰে। সহজেই আনৰ প্ৰশংসাৰ বস্তু হৈ পৰে। সন্মানীয় লোকসকল সহানুভূতিশীল, ধৈৰ্য্যশীল আৰু অতি শান্ত স্বভাৱৰ। তেওঁলোকে যিকোনো বিষয়ত মতামত দিয়াৰ আগতে সময় উলিয়াই সকলোৰে বাবে ভাল সিদ্ধান্তত উপনীত হয়। এনে মানুহৰ কণ্ঠত যাদু আছে, মাত্ৰ কেইটামান শব্দৰে ৰাইজক মন্ত্ৰমুগ্ধ কৰিব পাৰে। সন্মানীয় মানুহৰ ৫টা বৈশিষ্ট্য বা স্বভাৱৰ বিষয়ে জানো আহক-

১) মনোযোগী শ্ৰোতা: এজন সন্মানীয় ব্যক্তিয়ে আনৰ কথা ভালদৰে শুনে। আনজনে কোৱা কথাখিনিত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে। আনৰ কথাৰ মাজত প্ৰশ্ন কৰি আমনি নকৰে। গোটেই কথাটো শুনাৰ পিছত কিবা প্ৰশ্ন থাকিলে জানিবলৈ মন কৰে। মনোযোগী স্বভাৱৰ বাবে তেওঁলোক আনৰ সন্মানীয় হৈ পৰে।

২) সহানুভূতি : এনে লোকৰ বৰ সহানুভূতিশীল। আনৰ দুখ-কষ্ট অনুভৱ কৰিবলৈ চেষ্টা কৰে। সহজে বিচাৰ নকৰে আৰু মানুহৰ পৰিস্থিতি বিবেচনা কৰে। আনৰ প্ৰতি দয়ালু হয়। মানুহক বুজিবলৈ চেষ্টা কৰে। এই বৈশিষ্ট্যই তেওঁলোকক সকলোৰে মাজত সন্মানীয় কৰি তোলে।

৩) ভদ্ৰ: সন্মানীয় ব্যক্তি বৰ ভদ্ৰ। তেওঁলোকৰ আদৰ্শ ব্যক্তিত্ব আছে। তেওঁলোকে নিজকে আনতকৈ ভাল বুলি নাভাবে আৰু আনৰ পৰা শিকিবলৈ সদায় আগ্ৰহী। তেওঁলোকে নিজৰ সীমাবদ্ধতা চিনি পায় আৰু কিবা এটাৰ বিষয়ে নিশ্চিত নহ’লে আনৰ পৰা সহজেই সহায় বিচাৰে। সৰু হ’বলৈ কেতিয়াও ভয় নকৰে।

৪) নিৰ্ভৰযোগ্যতা: এনে ব্যক্তিক মানুহে সহজেই বিশ্বাস কৰিব পাৰে।  নিজৰ কথা পালন কৰে। গতিকে যেতিয়া তেওঁলোকে কিবা এটা প্ৰতিশ্ৰুতি দিয়ে তেতিয়া মানুহে সহজেই বিশ্বাস কৰে। কাৰণ এনে ব্যক্তি আনক সহায় কৰিবলৈ সদায় সাজু থাকে।

৫) মানুহৰ প্ৰতি সন্মান জনাই কথা কোৱা: এনে ব্যক্তিয়ে সদায় আনৰ প্ৰতি সন্মান জনাই কথা কয়। তেওঁলোক বিনয়ী । কাৰোবাৰ কথাত কেতিয়াবা মতানৈক্য থাকিলেও তেওঁলোকে কঠোৰ ভাষা ব্যৱহাৰ নকৰে। আনক আঘাত নিদিয়াকৈ কথা পাতিবলৈ চেষ্টা কৰে। অতি বিশ্লেষণাত্মক পদ্ধতিৰে সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস