--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰাণসীৰ জ্ঞানৱাপী মছজিদত শিৱলিংগ উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মছজিদত শিৱলিংগ পোৱাৰ খবৰ চৰ্চালৈ অহাৰ পিছতে দেশৰ পৰিবেশ সম্পূৰ্ণৰূপে সলনি হৈছে। বৰ্তমান শিৱলিংগ উদ্ধাৰ হোৱা স্থান সম্পূৰ্ণৰূপে ছীল কৰা হৈছে। জ্ঞানৱাপী মছজিদত শিৱলিংগ উদ্ধাৰ হোৱা ঘটনাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰতন লালে নিজৰ ফেচবুক পোষ্টত এক বিতৰ্কিত বক্তব্য আগবঢ়াইছিল। যি বক্তব্যই হিন্দু ধৰ্মৰ লোকসকলৰ ধাৰ্মিক আৱেগত তীব্ৰ আঘাত হানিছে। অধ্যাপকগৰাকীৰ এই বক্তব্যই সৃষ্টি কৰিছে হুলস্থুল। 

ধৰ্মীয় আৱেগক আঘাত কৰা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ৰতন লালৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিনীত জিন্দলে দিল্লী আৰক্ষীত এজাহাৰ দাখিল কৰিছে। আনহাতে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰতন লালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে পত্ৰ। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত অধ্যাপক গৰাকীয়ে AK-56 ৰাইফলৰ অনুজ্ঞাপত্ৰ বিচাৰিছে। অধ্যাপক ৰতন লালে শিৱলিংগ সন্দৰ্ভত কৰা মন্তব্যত বহু ব্যক্তি আৰু সংগঠনে তীব্ৰ আপত্তি দৰ্শোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে পত্ৰ। 

ইতিহাসৰ সহযোগী অধ্যাপক ৰতন লালে কয় যে ফেচবুকত দিয়া পোষ্টটোৰ পিছতে তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰি আছে আৰু ছ’চিয়েল মিডিয়াত তেওঁক অহৰহ আক্ৰমণ কৰি থকা হৈছে। সেয়েহে তেওঁ চৰকাৰৰ পৰাও সুৰক্ষা বিচাৰিছে। তেওঁৰ অভিযোগত অধিবক্তা বিনীত জিন্দলে কয় যে ৰতন লালে শেহতীয়াকৈ শিৱলিংগৰ বিষয়ে "অপমানজনক, উচটনিমূলক আৰু উত্তেজক টুইট" শ্বেয়াৰ কৰিছে, যিটো দুৰ্ভাগ্যজনক।


ৰতন লালে কয় যে "যিসকল লোকে মোক গালি-গালাজ কৰি আছে তেওঁলোকে মোৰ বিৰুদ্ধে FIR কৰা উচিত নহয়। বাৰাণসীৰ জ্ঞানৱাপী মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল তাৰ কোনো তথ্যগত প্ৰমাণ নাই। এয়া নিৰ্বাচনী ৰাজনীতিৰ সৈতে জড়িত বিষয় যদি বাৰাণসীত উক্ত স্থানত মন্দিৰ আছে বুলি বিতৰ্ক চলি আছে, তেন্তে মই কওঁ যে ২০২৪ চনৰ নিৰ্বাচনৰ বাবে এই এজেণ্ডা নিৰ্ধাৰণ কৰা হৈছে।" 

উপ-আৰক্ষী আয়ুক্ত সাগৰ সিং কালছিয়ে এই সন্দৰ্ভত কয় যে, "ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসক অপমান কৰাৰ উদ্দেশ্যে ফেচবুকত ইচ্ছাকৃতভাৱে কৰা কু-অভিপ্ৰায়ৰ পোষ্টৰ সৈতে জড়িত ৰতন লালৰ বিৰুদ্ধে এজাহাৰ লাভ কৰিছো।এই সন্দৰ্ভত আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে, ‘ভাৰতীয় দণ্ডবিধিৰ ১৫৩ এ ধাৰা (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা) অধীনত গোচৰ ৰুজু কৰা হৈছে। ধাৰা ২৯৫এ (যিকোনো শ্ৰেণীৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাসক অপমান কৰি আৱেগক ক্ষুব্ধ কৰাৰ উদ্দেশ্যে কৰা ইচ্ছাকৃত আৰু কু-অভিপ্ৰায় কাৰ্য্য) অধীনতো ৰতন লালৰ বিৰুদ্ধে গোচক ৰুজু হৈছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ