--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰাণসীৰ জ্ঞানৱাপী মছজিদত শিৱলিংগ উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মছজিদত শিৱলিংগ পোৱাৰ খবৰ চৰ্চালৈ অহাৰ পিছতে দেশৰ পৰিবেশ সম্পূৰ্ণৰূপে সলনি হৈছে। বৰ্তমান শিৱলিংগ উদ্ধাৰ হোৱা স্থান সম্পূৰ্ণৰূপে ছীল কৰা হৈছে। জ্ঞানৱাপী মছজিদত শিৱলিংগ উদ্ধাৰ হোৱা ঘটনাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰতন লালে নিজৰ ফেচবুক পোষ্টত এক বিতৰ্কিত বক্তব্য আগবঢ়াইছিল। যি বক্তব্যই হিন্দু ধৰ্মৰ লোকসকলৰ ধাৰ্মিক আৱেগত তীব্ৰ আঘাত হানিছে। অধ্যাপকগৰাকীৰ এই বক্তব্যই সৃষ্টি কৰিছে হুলস্থুল। 

ধৰ্মীয় আৱেগক আঘাত কৰা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ৰতন লালৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিনীত জিন্দলে দিল্লী আৰক্ষীত এজাহাৰ দাখিল কৰিছে। আনহাতে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰতন লালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে পত্ৰ। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত অধ্যাপক গৰাকীয়ে AK-56 ৰাইফলৰ অনুজ্ঞাপত্ৰ বিচাৰিছে। অধ্যাপক ৰতন লালে শিৱলিংগ সন্দৰ্ভত কৰা মন্তব্যত বহু ব্যক্তি আৰু সংগঠনে তীব্ৰ আপত্তি দৰ্শোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে পত্ৰ। 

ইতিহাসৰ সহযোগী অধ্যাপক ৰতন লালে কয় যে ফেচবুকত দিয়া পোষ্টটোৰ পিছতে তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰি আছে আৰু ছ’চিয়েল মিডিয়াত তেওঁক অহৰহ আক্ৰমণ কৰি থকা হৈছে। সেয়েহে তেওঁ চৰকাৰৰ পৰাও সুৰক্ষা বিচাৰিছে। তেওঁৰ অভিযোগত অধিবক্তা বিনীত জিন্দলে কয় যে ৰতন লালে শেহতীয়াকৈ শিৱলিংগৰ বিষয়ে "অপমানজনক, উচটনিমূলক আৰু উত্তেজক টুইট" শ্বেয়াৰ কৰিছে, যিটো দুৰ্ভাগ্যজনক।


ৰতন লালে কয় যে "যিসকল লোকে মোক গালি-গালাজ কৰি আছে তেওঁলোকে মোৰ বিৰুদ্ধে FIR কৰা উচিত নহয়। বাৰাণসীৰ জ্ঞানৱাপী মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল তাৰ কোনো তথ্যগত প্ৰমাণ নাই। এয়া নিৰ্বাচনী ৰাজনীতিৰ সৈতে জড়িত বিষয় যদি বাৰাণসীত উক্ত স্থানত মন্দিৰ আছে বুলি বিতৰ্ক চলি আছে, তেন্তে মই কওঁ যে ২০২৪ চনৰ নিৰ্বাচনৰ বাবে এই এজেণ্ডা নিৰ্ধাৰণ কৰা হৈছে।" 

উপ-আৰক্ষী আয়ুক্ত সাগৰ সিং কালছিয়ে এই সন্দৰ্ভত কয় যে, "ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসক অপমান কৰাৰ উদ্দেশ্যে ফেচবুকত ইচ্ছাকৃতভাৱে কৰা কু-অভিপ্ৰায়ৰ পোষ্টৰ সৈতে জড়িত ৰতন লালৰ বিৰুদ্ধে এজাহাৰ লাভ কৰিছো।এই সন্দৰ্ভত আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে, ‘ভাৰতীয় দণ্ডবিধিৰ ১৫৩ এ ধাৰা (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা) অধীনত গোচৰ ৰুজু কৰা হৈছে। ধাৰা ২৯৫এ (যিকোনো শ্ৰেণীৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাসক অপমান কৰি আৱেগক ক্ষুব্ধ কৰাৰ উদ্দেশ্যে কৰা ইচ্ছাকৃত আৰু কু-অভিপ্ৰায় কাৰ্য্য) অধীনতো ৰতন লালৰ বিৰুদ্ধে গোচক ৰুজু হৈছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ