--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ ত্ৰাসে বিশ্বক খেদি ফুৰাৰ সময়তে এইবাৰ আলাস্কাত ধৰা পৰিছে এবিধ নতুন ৰোগ৷ আলাস্কাপক্সৰ  নামেৰে পৰিচিত এই ৰোগত ইতিমধ্যে এজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে৷ আলাস্কাৰ   স্বাস্থ্য বিষয়াসকলে কৈছে যে জানুৱাৰীৰ শেষৰ ফালে এংকৰেজৰ দক্ষিণে থকা কেনাই উপদ্বীপৰ বাসিন্দা এজন এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ 

শেষত তেওঁ মৃত্যুবৰণ কৰে৷ মৃত বৃদ্ধ ব্যক্তিজনৰ দেহত  পূৰ্বে  কাউপক্সৰ বীজাণু ধৰা পৰিছিল৷   অৱশ্যে পিছত অতিৰিক্ত পৰীক্ষাৰ পৰা গম পোৱা গৈছিল যে তেওঁ আলাস্কাপক্সতো আক্ৰান্ত হৈছিল। আলাস্কাপক্সত আক্ৰান্ত হোৱাৰ পিছতে বৃক্ক বিকল হোৱাৰ লগতে আৰু শ্বাস-প্ৰশ্বাস বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে৷ 

স্বাস্থ্য বিষয়াসকলে  ধাৰণা কৰা অনুসৰি  লোকজনে  হয়তো তেওঁৰ মেকুৰীৰ পৰাই ভাইৰেল ৰোগবিধত  আক্ৰান্ত হৈছিল । 
 আলাস্কাপক্স কি?
আলাস্কাপক্স হৈছে এক ডিএনএ ভাইৰাছ, যি স্মলপক্স, মাঙ্কিপক্স আৰু কাউপক্সৰ দৰে একে প্ৰজাতিৰ । ইয়াক প্ৰথমবাৰৰ বাবে ২০১৫  চনত আলাস্কাৰ ফেয়াৰবেংকছত এজন প্ৰাপ্তবয়স্ক লোকৰ দেহত  চিনাক্ত কৰা হৈছিল৷  স্তন্যপায়ী প্ৰাণীয়ে এই বীজাণু বিয়পাব পাৰে৷ 

আলাস্কাপক্সত আক্ৰান্ত লোকসকলৰ ছালত এক বা একাধিক ঘা তথা  অন্যান্য লক্ষণ যেনে পেশী ফুলা , গাঁঠি বা পেশীৰ বিষ  আদি হয় । 

অৱশ্যে স্বাস্থ্য বিজ্ঞানীসকলৰ মতে আলাস্কাপক্স মানুহৰ পৰা মানুহলৈ  সংক্ৰমণ ঘটাৰ এতিয়াও কোনো প্ৰমাণ পোৱা হোৱা নাই৷ অৱশ্যে আলাস্কাপক্সত আক্ৰান্ত লোকৰ ঘাঁৰ পৰা ওলোৱা ৰস আনৰ দেহত লাগিলে তেনে লোকৰো এই ৰোগ হোৱাৰ আশংকা থাকে৷  সেয়েহে আলাস্কাপক্সৰ ফলত হোৱা ঘাঁ বেণ্ডেজেৰে ঢাকি ৰাখিবলৈ  পৰামৰ্শ দিয়া হয়৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ