--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ ত্ৰাসে বিশ্বক খেদি ফুৰাৰ সময়তে এইবাৰ আলাস্কাত ধৰা পৰিছে এবিধ নতুন ৰোগ৷ আলাস্কাপক্সৰ  নামেৰে পৰিচিত এই ৰোগত ইতিমধ্যে এজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে৷ আলাস্কাৰ   স্বাস্থ্য বিষয়াসকলে কৈছে যে জানুৱাৰীৰ শেষৰ ফালে এংকৰেজৰ দক্ষিণে থকা কেনাই উপদ্বীপৰ বাসিন্দা এজন এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ 

শেষত তেওঁ মৃত্যুবৰণ কৰে৷ মৃত বৃদ্ধ ব্যক্তিজনৰ দেহত  পূৰ্বে  কাউপক্সৰ বীজাণু ধৰা পৰিছিল৷   অৱশ্যে পিছত অতিৰিক্ত পৰীক্ষাৰ পৰা গম পোৱা গৈছিল যে তেওঁ আলাস্কাপক্সতো আক্ৰান্ত হৈছিল। আলাস্কাপক্সত আক্ৰান্ত হোৱাৰ পিছতে বৃক্ক বিকল হোৱাৰ লগতে আৰু শ্বাস-প্ৰশ্বাস বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে৷ 

স্বাস্থ্য বিষয়াসকলে  ধাৰণা কৰা অনুসৰি  লোকজনে  হয়তো তেওঁৰ মেকুৰীৰ পৰাই ভাইৰেল ৰোগবিধত  আক্ৰান্ত হৈছিল । 
 আলাস্কাপক্স কি?
আলাস্কাপক্স হৈছে এক ডিএনএ ভাইৰাছ, যি স্মলপক্স, মাঙ্কিপক্স আৰু কাউপক্সৰ দৰে একে প্ৰজাতিৰ । ইয়াক প্ৰথমবাৰৰ বাবে ২০১৫  চনত আলাস্কাৰ ফেয়াৰবেংকছত এজন প্ৰাপ্তবয়স্ক লোকৰ দেহত  চিনাক্ত কৰা হৈছিল৷  স্তন্যপায়ী প্ৰাণীয়ে এই বীজাণু বিয়পাব পাৰে৷ 

আলাস্কাপক্সত আক্ৰান্ত লোকসকলৰ ছালত এক বা একাধিক ঘা তথা  অন্যান্য লক্ষণ যেনে পেশী ফুলা , গাঁঠি বা পেশীৰ বিষ  আদি হয় । 

অৱশ্যে স্বাস্থ্য বিজ্ঞানীসকলৰ মতে আলাস্কাপক্স মানুহৰ পৰা মানুহলৈ  সংক্ৰমণ ঘটাৰ এতিয়াও কোনো প্ৰমাণ পোৱা হোৱা নাই৷ অৱশ্যে আলাস্কাপক্সত আক্ৰান্ত লোকৰ ঘাঁৰ পৰা ওলোৱা ৰস আনৰ দেহত লাগিলে তেনে লোকৰো এই ৰোগ হোৱাৰ আশংকা থাকে৷  সেয়েহে আলাস্কাপক্সৰ ফলত হোৱা ঘাঁ বেণ্ডেজেৰে ঢাকি ৰাখিবলৈ  পৰামৰ্শ দিয়া হয়৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন