--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ বিচ্ছেদৰ তালিকাত আছে বলীউডৰ আন দুজন তাৰকা। শুনা যায় দিশা পাটানী আৰু টাইগাৰ শ্ৰফৰ সম্পৰ্ক বিচ্ছিন্ন হ’ল। দিশা পাটানি আৰু টাইগাৰ শ্ৰফক লৈ এটা ডাঙৰ খবৰ ওলাল। প্ৰতিবেদন অনুসৰি, দিশা টাইগাৰে তেওঁলোকৰ ৬ বছৰীয়া সম্পৰ্ক শেষ কৰিছে। অৰ্থাৎ এতিয়া দিশা আৰু টাইগাৰ একেলগে নাথাকে। প্ৰশ্ন হয়, দিশা আৰু টাইগাৰে হঠাতে পৃথক হোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত কি হ’ল।

টাইগাৰ শ্ৰফ আৰু দিশা পাটানী বলীউডৰ অন্যতম প্ৰিয় তাৰকা। আনহাতে তেওঁলোকৰ সম্পৰ্কও সকলোৰে প্ৰিয় আছিল । প্ৰায়ে একেলগে দেখা যায় দুয়োকে। কিন্তু এতিয়া দিশা আৰু টাইগাৰক হয়তো সম্পৰ্কত  একেলগে দেখা নাপাব। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি যোৱা এবছৰ ধৰি টাইগাৰ আৰু দিশাৰ সম্পৰ্কত বহু উত্থান-পতন ঘটিছিল। কিন্তু দুয়োয়ে কেতিয়াও এই কথা জানিবলৈ নিদিলে।

দিশা আৰু টাইগাৰে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লোৱাৰ প্ৰকৃত কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু এইটো নিশ্চিত যে দুয়োটা তাৰকাই এতিয়া একক জীৱন যাপন কৰিছে। হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক বাৰ্তালাপৰ সময়ত টাইগাৰৰ এজন বন্ধুৱে দম্পতীহালৰ বিচ্ছেদৰ খবৰটো সঁচা বুলি কৈছে। টাইগাৰৰ বন্ধুগৰাকীয়ে কয় যে এই বিচ্ছেদে  টাইগাৰৰ কৰ্মক্ষেত্ৰত কোনো পাৰ্থক্য আনিব পৰা নায়। তেওঁক আগৰ দৰেই নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰা দেখা যায়। টাইগাৰ বৰ্তমান লণ্ডনত নিজৰ ছবিখনৰ শ্বুটিংত ব্যস্ত।

ইফালে এইবাৰ দিশা পাটানীক দেখা যাব ‘এক ভিলেইন ৰিটাৰ্ণছ’ত। একে সময়তে টাইগাৰ শ্ৰফে ‘গণপাট’ আৰু ‘বাঘী-৪’ত নিজৰ শক্তি প্ৰদৰ্শন কৰা দেখা যাব। দিশা আৰু টাইগাৰ এতিয়া সম্পৰ্কেত একেলগে নাথাকিলেও কিন্তু তেওঁলোকৰ বন্ধুত্ব এতিয়াও অক্ষত অৱস্থাত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ