--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ বিচ্ছেদৰ তালিকাত আছে বলীউডৰ আন দুজন তাৰকা। শুনা যায় দিশা পাটানী আৰু টাইগাৰ শ্ৰফৰ সম্পৰ্ক বিচ্ছিন্ন হ’ল। দিশা পাটানি আৰু টাইগাৰ শ্ৰফক লৈ এটা ডাঙৰ খবৰ ওলাল। প্ৰতিবেদন অনুসৰি, দিশা টাইগাৰে তেওঁলোকৰ ৬ বছৰীয়া সম্পৰ্ক শেষ কৰিছে। অৰ্থাৎ এতিয়া দিশা আৰু টাইগাৰ একেলগে নাথাকে। প্ৰশ্ন হয়, দিশা আৰু টাইগাৰে হঠাতে পৃথক হোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত কি হ’ল।

টাইগাৰ শ্ৰফ আৰু দিশা পাটানী বলীউডৰ অন্যতম প্ৰিয় তাৰকা। আনহাতে তেওঁলোকৰ সম্পৰ্কও সকলোৰে প্ৰিয় আছিল । প্ৰায়ে একেলগে দেখা যায় দুয়োকে। কিন্তু এতিয়া দিশা আৰু টাইগাৰক হয়তো সম্পৰ্কত  একেলগে দেখা নাপাব। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি যোৱা এবছৰ ধৰি টাইগাৰ আৰু দিশাৰ সম্পৰ্কত বহু উত্থান-পতন ঘটিছিল। কিন্তু দুয়োয়ে কেতিয়াও এই কথা জানিবলৈ নিদিলে।

দিশা আৰু টাইগাৰে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লোৱাৰ প্ৰকৃত কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু এইটো নিশ্চিত যে দুয়োটা তাৰকাই এতিয়া একক জীৱন যাপন কৰিছে। হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক বাৰ্তালাপৰ সময়ত টাইগাৰৰ এজন বন্ধুৱে দম্পতীহালৰ বিচ্ছেদৰ খবৰটো সঁচা বুলি কৈছে। টাইগাৰৰ বন্ধুগৰাকীয়ে কয় যে এই বিচ্ছেদে  টাইগাৰৰ কৰ্মক্ষেত্ৰত কোনো পাৰ্থক্য আনিব পৰা নায়। তেওঁক আগৰ দৰেই নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰা দেখা যায়। টাইগাৰ বৰ্তমান লণ্ডনত নিজৰ ছবিখনৰ শ্বুটিংত ব্যস্ত।

ইফালে এইবাৰ দিশা পাটানীক দেখা যাব ‘এক ভিলেইন ৰিটাৰ্ণছ’ত। একে সময়তে টাইগাৰ শ্ৰফে ‘গণপাট’ আৰু ‘বাঘী-৪’ত নিজৰ শক্তি প্ৰদৰ্শন কৰা দেখা যাব। দিশা আৰু টাইগাৰ এতিয়া সম্পৰ্কেত একেলগে নাথাকিলেও কিন্তু তেওঁলোকৰ বন্ধুত্ব এতিয়াও অক্ষত অৱস্থাত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু