--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:অলপতে কফি উইথ কৰণত দেখা গৈছিল বলিউডৰ তাৰকা জাহ্নৱী কাপুৰক। এই অনুষ্ঠানতেই মডেল ৰাহুল খান্নাৰ বিষয়ে কিছু আমোদজনক মন্তব্য কৰিছিল জাহ্নৱীয়ে৷ কৰণৰ প্ৰশ্নত জাহ্নৱীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে তেওঁ কিছুদিনৰ পৰা চ’চিয়েল মিডিয়াত অভিনেতা তথা মডেল ৰাহুল খান্নাক অনুসৰণ কৰি আছে৷ ৰাহুল খান্নাক আকৰ্ষণীয় আৰু হট বুলিও মন্তব্য কৰে জাহ্নৱীয়ে ৷

জাহ্নৱীৰ এই  প্ৰশংসা সম্পৰ্কে এতিয়া মুখ খুলিছে ৰাহুল খান্নাই। ৰাহুলে জাহ্নৱীক মৰমলগা আৰু আত্মবিশ্বাসী বুলি মন্তব্য কৰে৷ সেই অনুষ্ঠানটো চোৱা  নাছিল যদিও  সকলোতে চৰ্চিত হোৱাত এই বিষয়ে জানিব পাৰিছিল ৰাহুল খান্নাই৷ জাহ্নৱীৰ মুখত এনে প্ৰশংসা শুনিবলৈ পায় যথেষ্ট সুখী হৈ পৰিছে ৰাহুল৷ 
জাহ্নৱীক আগতে নাপালেও জাহ্নৱীৰ পিতৃ বনী কাপুৰক ভালদৰে জানো বুলিও কয় ৰাহুলে৷ নিজ পিতৃ  বিনোদ খান্নাৰ সৈতে অভিনয় কৰি থকাৰ সময়ত বহুবাৰ জাহ্নৱীৰ মাতৃ শ্ৰীদেৱীক লগ পাইছিল ৰাহুলে৷ জাহ্নৱীৰ আত্মবিশ্বাসৰ বাবে স্বৰ্গীয় মাতৃ  শ্ৰীদেৱীয়ে হয়তো জাহ্নৱীক লৈ সদায় গৌৰৱ কৰে বুলিও কয় ৰাহুলে৷ 

বৰ্তমান জাহ্নৱী ডিজনী হটষ্টাৰত মুক্তি পাব লগীয়া “গুড লাক জেৰী” নামৰ ছবিখনৰ প্ৰচাৰত ব্যস্ত। উল্লেখ যোগ্য যে এই ছবিখনত জাহ্নৱীয়ে জেৰীৰ চৰিত্ৰত অভিনয় কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু