--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম বিখ্যাত, জনপ্ৰিয় আৰু প্ৰিয় অভিনেত্ৰী মধুবালাৰ জীৱনক লৈ নিৰ্মাণ হ’বলৈ গৈ আছে এখন ছবি। খবৰ অনুসৰি মধুবালাৰ কনিষ্ঠ ভগ্নী মধুৰ ব্ৰীজ ভূষণে জনপ্ৰিয় শক্তিমান নিৰ্মাতাসকলৰ সৈতে সহযোগিতা কৰি প্ৰজেক্টটো প্ৰযোজনা কৰিব। নিৰ্মাতাসকলে উদ্যোগটোৰ শীৰ্ষস্থানীয় অভিনেত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে, আনহাতে এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাও ছবিখনৰ বাবে আলোচনাত মিলিত হৈছে। অহা বছৰ অৰ্থাৎ ২০২৩ চনত আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং।

 মধুবালা হিন্দী চিনেমাত তেওঁ কেৱল চমৎকাৰ অভিনয়ৰ বাবেই নহয়, অপৰিসীম সৌন্দৰ্য্যৰ বাবেও পৰিচিত আছিল। কেৰিয়াৰত অতি সফল হোৱাৰ লগতে বহু হিট ছবিত কাম কৰি আহিছে। কিন্তু তেওঁৰ ব্যক্তিগত জীৱন আছিল উত্থান-পতনেৰে ভৰা। মধুবালাৰ জীৱনত বহুতো নুশুনা কাহিনীৰে নিৰ্মিত হ'ব এখন বিখ্যাত ছবি ।

খবৰ অনুসৰি বহু অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাই মধুবালাৰ বায়’পিকখনৰ প্ৰতি আগ্ৰহী যদিও ছবিখনৰ বাবে অভিনেতা আৰু কসদস্যসকলক চৰ্টলিষ্ট কৰিবলৈ নিৰ্মাতাসকলে ।লগতে কোৱা হৈছে যে তেওঁৰ জীৱনৰ কোনটো অংশ ছবিখনত প্ৰদৰ্শিত হ’ব সেই দিশৰ পৰা কন্টেন্ট এতিয়াও নিৰ্ধাৰণ হোৱা নাই। জানিব পৰা মতে পৰিচালক, লেখক আৰু ষ্টুডিঅ’ লক ইন কৰাৰ পাছতহে চিত্ৰনাট্য আৰু বিষয়বস্তু চূড়ান্ত কৰা হ’ব।

 মধুবালাৰ ভগ্নী মধুৰ ব্ৰীজ ভূষণে প্ৰয়াত ভগ্নী মধুবালাৰ বিষয়ে কওঁতে কয় যে তেওঁৰ মৰমৰ ভগ্নীৰ বাবে কিবা এটা কৰাৰ দীৰ্ঘদিনীয়া সপোন আছিল। তেওঁ কৈছিল যে  মধুবালাৰ জীৱনটো অতি চুটি আছিল যদিও অতি বিশেষ আছিল।  এই বায়’পিকখন যে এক বৃহৎ সফলতা প্রমাণিত হ’ব বুলি তেওঁ আত্মবিশ্বাসী বুলিও উল্লেখ কৰিছে ৷ তেওঁ চলচ্চিত্ৰ জগতৰ ভিতৰৰ আৰু বাহিৰৰ সকলোকে অনুৰোধ জনায় যে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ভনীয়েকৰ জীৱনৰ আধাৰত যাতে কোনো বায়’পিক নিৰ্মাণ নকৰে

আনহাতে অভিনেত্ৰীগৰাকীৰ ভগ্নীয়ে এক সাক্ষাৎকাৰত জনাইছে যে মধুবালাৰ বায়’পিকত দিলীপ কুমাৰৰ কোনো কথা উল্লেখ নাথাকিব। তেওঁ আৰু কয় যে আমি মধুবালাৰ কাহিনী কৈ কাকো আঘাত দিব নিবিচাৰো, গতিকে ছবিখনত দিলীপ চাহাবৰ কোনো কথাই উল্লেখ নাথাকিব। খবৰ অনুসৰি মধুবালা আৰু দিলীপ কুমাৰৰ মাজত ৯ বছৰ ধৰি সম্পৰ্ক আছিল। কিন্তু তেওঁলোকৰ প্ৰেম বিবাহত উপনীত হ’ব নোৱাৰিলে, তাৰ পিছত ১৯৬০ চনত মধুবালাই কিশোৰ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

মধুবালাৰ অভিনয় জীৱনৰ কথা ক’বলৈ গ’লে ১৯৪২ চনত বাসন্ত ছবিত শিশু অভিনেতা হিচাপে অভিনয়ৰ মুখত আত্মপ্ৰকাশ কৰিছিল মধুবালাৰ। বলীউডৰ  কুইন হিচাপেও পৰিচিত তেওঁ। তেওঁৰ বিখ্যাত ছবিৰ তালিকাত আছে মোগল-ই-আজম, মিষ্টাৰ এণ্ড মিচেছ ৫৫, চলতি কা নাম গাদী, হাফ টিকট, কালা পানী আৰু বৰছাত কী ৰাত আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য