--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম বিখ্যাত, জনপ্ৰিয় আৰু প্ৰিয় অভিনেত্ৰী মধুবালাৰ জীৱনক লৈ নিৰ্মাণ হ’বলৈ গৈ আছে এখন ছবি। খবৰ অনুসৰি মধুবালাৰ কনিষ্ঠ ভগ্নী মধুৰ ব্ৰীজ ভূষণে জনপ্ৰিয় শক্তিমান নিৰ্মাতাসকলৰ সৈতে সহযোগিতা কৰি প্ৰজেক্টটো প্ৰযোজনা কৰিব। নিৰ্মাতাসকলে উদ্যোগটোৰ শীৰ্ষস্থানীয় অভিনেত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে, আনহাতে এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাও ছবিখনৰ বাবে আলোচনাত মিলিত হৈছে। অহা বছৰ অৰ্থাৎ ২০২৩ চনত আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং।

 মধুবালা হিন্দী চিনেমাত তেওঁ কেৱল চমৎকাৰ অভিনয়ৰ বাবেই নহয়, অপৰিসীম সৌন্দৰ্য্যৰ বাবেও পৰিচিত আছিল। কেৰিয়াৰত অতি সফল হোৱাৰ লগতে বহু হিট ছবিত কাম কৰি আহিছে। কিন্তু তেওঁৰ ব্যক্তিগত জীৱন আছিল উত্থান-পতনেৰে ভৰা। মধুবালাৰ জীৱনত বহুতো নুশুনা কাহিনীৰে নিৰ্মিত হ'ব এখন বিখ্যাত ছবি ।

খবৰ অনুসৰি বহু অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাই মধুবালাৰ বায়’পিকখনৰ প্ৰতি আগ্ৰহী যদিও ছবিখনৰ বাবে অভিনেতা আৰু কসদস্যসকলক চৰ্টলিষ্ট কৰিবলৈ নিৰ্মাতাসকলে ।লগতে কোৱা হৈছে যে তেওঁৰ জীৱনৰ কোনটো অংশ ছবিখনত প্ৰদৰ্শিত হ’ব সেই দিশৰ পৰা কন্টেন্ট এতিয়াও নিৰ্ধাৰণ হোৱা নাই। জানিব পৰা মতে পৰিচালক, লেখক আৰু ষ্টুডিঅ’ লক ইন কৰাৰ পাছতহে চিত্ৰনাট্য আৰু বিষয়বস্তু চূড়ান্ত কৰা হ’ব।

 মধুবালাৰ ভগ্নী মধুৰ ব্ৰীজ ভূষণে প্ৰয়াত ভগ্নী মধুবালাৰ বিষয়ে কওঁতে কয় যে তেওঁৰ মৰমৰ ভগ্নীৰ বাবে কিবা এটা কৰাৰ দীৰ্ঘদিনীয়া সপোন আছিল। তেওঁ কৈছিল যে  মধুবালাৰ জীৱনটো অতি চুটি আছিল যদিও অতি বিশেষ আছিল।  এই বায়’পিকখন যে এক বৃহৎ সফলতা প্রমাণিত হ’ব বুলি তেওঁ আত্মবিশ্বাসী বুলিও উল্লেখ কৰিছে ৷ তেওঁ চলচ্চিত্ৰ জগতৰ ভিতৰৰ আৰু বাহিৰৰ সকলোকে অনুৰোধ জনায় যে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ভনীয়েকৰ জীৱনৰ আধাৰত যাতে কোনো বায়’পিক নিৰ্মাণ নকৰে

আনহাতে অভিনেত্ৰীগৰাকীৰ ভগ্নীয়ে এক সাক্ষাৎকাৰত জনাইছে যে মধুবালাৰ বায়’পিকত দিলীপ কুমাৰৰ কোনো কথা উল্লেখ নাথাকিব। তেওঁ আৰু কয় যে আমি মধুবালাৰ কাহিনী কৈ কাকো আঘাত দিব নিবিচাৰো, গতিকে ছবিখনত দিলীপ চাহাবৰ কোনো কথাই উল্লেখ নাথাকিব। খবৰ অনুসৰি মধুবালা আৰু দিলীপ কুমাৰৰ মাজত ৯ বছৰ ধৰি সম্পৰ্ক আছিল। কিন্তু তেওঁলোকৰ প্ৰেম বিবাহত উপনীত হ’ব নোৱাৰিলে, তাৰ পিছত ১৯৬০ চনত মধুবালাই কিশোৰ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

মধুবালাৰ অভিনয় জীৱনৰ কথা ক’বলৈ গ’লে ১৯৪২ চনত বাসন্ত ছবিত শিশু অভিনেতা হিচাপে অভিনয়ৰ মুখত আত্মপ্ৰকাশ কৰিছিল মধুবালাৰ। বলীউডৰ  কুইন হিচাপেও পৰিচিত তেওঁ। তেওঁৰ বিখ্যাত ছবিৰ তালিকাত আছে মোগল-ই-আজম, মিষ্টাৰ এণ্ড মিচেছ ৫৫, চলতি কা নাম গাদী, হাফ টিকট, কালা পানী আৰু বৰছাত কী ৰাত আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক