--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত সময়ৰ লগে লগে দেশৰ মহিলাসকলেও অগ্ৰসৰ হৈছে নতুন পথে। নতুন নতুন চিন্তা আৰু প্ৰতিস্তুতিৰে আগুৱাই গৈছে দেশৰ প্ৰতিগৰাকী মহিলা। আধুনিকতাৰ এই যুগত দেশৰ নাৰীয়ে ঘৰৰ চৌকাঠৰ পৰিসীমাৰ পৰা আগলৈ আগবাঢ়ি গৈ আছে অনিয়ত। পৰিয়ালৰ চোৱা চিতাৰ উপৰি এশ এবুৰি সমস্যা বুকুত কঢ়িয়াই লৈ ফুৰা প্ৰতিগৰাকী মহিলাই আমাৰ পুৰুষ প্ৰধান সমাজখনত নিজৰ বাবে এক সন্মানজনক স্থান গঢ়ি তুলিছে। নিজৰ জীৱনক গতি দিয়াৰ সমান্তৰালকৈ দেশকো নেতৃত্ব দি আহিছে আজিৰ যুগৰ মহিলাই। ভাৰতৰ তেনে এগৰাকী তেজস্বী আৰু ধনী মহিলা হৈছে সাবিত্ৰী জিন্দাল। যিগৰাকী মহিলাই নিজৰ সামৰ্থ্যৰে বিশ্বৰ মানসপটত এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া যে, ভাৰতৰ আটাইতকৈ ধনী মহিলাগৰাকী হৈছে সাবিত্ৰী জিন্দাল। সাবিত্ৰী জিন্দাল এগৰাকী ব্যৱসায়ী মহিলা। ২০২১ চনৰ ফৰ্বছৰ তালিকা অনুসৰি ভাৰতৰ আটাইতকৈ ধনী মহিলা হিচাপে বিবেচিত হৈছে সাবিত্ৰী জিন্দাল। অ’ পি জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দাল।  ২০২০ চনত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৬.৬ বিলিয়ন ডলাৰ। যিটো এই বছৰ ২০২১ চনত ১৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

জিন্দাল গ্ৰুপৰ অধ্যক্ষা সাবিত্ৰী গ্ৰুপে ষ্টীল, পাৱাৰ, চিমেণ্ট আৰু আন্তঃগাঁথনিৰ ব্যৱসায় কৰে। ২০০৫ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত অ’ পি জিন্দালৰ মৃত্যু হৈছিল, তাৰ পিছত গ্ৰুপ কোম্পানীবোৰক চাৰিটা সমান ভাগত তেওঁৰ পুত্ৰসকলৰ মাজত  ভগাই দিয়া হৈছিল। গোটটোৰ সৰ্বাধিক সম্পত্তি এতিয়া মুম্বাইৰ সজ্জন জিন্দালৰ হাতত আছে, যিয়ে জে এছ ডব্লিউ ষ্টিল কোম্পানীক চলাই আছে।

স্বাভাৱিকতে, সাবিত্ৰী জিন্দাল দেশৰ প্ৰতিগৰাকী নাৰীৰ বাবে অনুপ্ৰেৰণাৰ অমল উত্‍স। তেওঁৰ সংগ্ৰাম আৰু সফলতাৰ ৰোমাঞ্চকৰ কাহিনী হ’ব পাৰে পাঠেয়। ভাৰতৰ সবাটোকৈ ধনাঢ্য মহিলা সাবিত্ৰী জিন্দালৰ জন্ম হৈছিল ২০মাৰ্চ, ১৯৫০চনত। অসমৰ তিনিচুকীয়া জিলাত জন্ম হৈছিল তেওঁৰ। মহাৰাজা অগ্ৰসেন চিকিৎসা মহাবিদ্যালয়, অগ্ৰোহাৰ অধ্যক্ষ পদতো অধিষ্ঠিত অসম কন্যা সাবিত্ৰী জিন্দাল। ১৯৭০ চনত ওম প্ৰকাশ জিন্দালৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলিছিল সাবিত্ৰীয়ে। ওমপ্ৰকাশ জিন্দাল ভাৰত বিখ্যাত জিন্দাল গ্ৰুপৰ আৰম্ভণি কৰাৰ উপৰি হাৰিয়ানা বিধানসভাৰ সহস্য পদো অলংকৃত কৰিছিল। ২০০৫ চনত এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল ওম প্ৰকাশ জিন্দাল। স্বামীৰ মৃত্যুৰ পাছত অধ্যক্ষাৰ পদ স্বম্ভালে সাবিত্ৰী জিন্দালে।
উদ্যমী মনোভাৱ আৰু কঠোৰ কৰ্মস্পৃহাৰ প্ৰতি সঁহাৰি জনাই সাবিত্ৰী জিন্দালক ২০০৮ চনত সৰ্বভাৰতীয় তেৰাপন্থ মহিলা মণ্ডলে আচাৰ্য তুলসী চেৰিটী বঁটা প্ৰদান কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে