--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত সময়ৰ লগে লগে দেশৰ মহিলাসকলেও অগ্ৰসৰ হৈছে নতুন পথে। নতুন নতুন চিন্তা আৰু প্ৰতিস্তুতিৰে আগুৱাই গৈছে দেশৰ প্ৰতিগৰাকী মহিলা। আধুনিকতাৰ এই যুগত দেশৰ নাৰীয়ে ঘৰৰ চৌকাঠৰ পৰিসীমাৰ পৰা আগলৈ আগবাঢ়ি গৈ আছে অনিয়ত। পৰিয়ালৰ চোৱা চিতাৰ উপৰি এশ এবুৰি সমস্যা বুকুত কঢ়িয়াই লৈ ফুৰা প্ৰতিগৰাকী মহিলাই আমাৰ পুৰুষ প্ৰধান সমাজখনত নিজৰ বাবে এক সন্মানজনক স্থান গঢ়ি তুলিছে। নিজৰ জীৱনক গতি দিয়াৰ সমান্তৰালকৈ দেশকো নেতৃত্ব দি আহিছে আজিৰ যুগৰ মহিলাই। ভাৰতৰ তেনে এগৰাকী তেজস্বী আৰু ধনী মহিলা হৈছে সাবিত্ৰী জিন্দাল। যিগৰাকী মহিলাই নিজৰ সামৰ্থ্যৰে বিশ্বৰ মানসপটত এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া যে, ভাৰতৰ আটাইতকৈ ধনী মহিলাগৰাকী হৈছে সাবিত্ৰী জিন্দাল। সাবিত্ৰী জিন্দাল এগৰাকী ব্যৱসায়ী মহিলা। ২০২১ চনৰ ফৰ্বছৰ তালিকা অনুসৰি ভাৰতৰ আটাইতকৈ ধনী মহিলা হিচাপে বিবেচিত হৈছে সাবিত্ৰী জিন্দাল। অ’ পি জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দাল।  ২০২০ চনত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৬.৬ বিলিয়ন ডলাৰ। যিটো এই বছৰ ২০২১ চনত ১৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

জিন্দাল গ্ৰুপৰ অধ্যক্ষা সাবিত্ৰী গ্ৰুপে ষ্টীল, পাৱাৰ, চিমেণ্ট আৰু আন্তঃগাঁথনিৰ ব্যৱসায় কৰে। ২০০৫ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত অ’ পি জিন্দালৰ মৃত্যু হৈছিল, তাৰ পিছত গ্ৰুপ কোম্পানীবোৰক চাৰিটা সমান ভাগত তেওঁৰ পুত্ৰসকলৰ মাজত  ভগাই দিয়া হৈছিল। গোটটোৰ সৰ্বাধিক সম্পত্তি এতিয়া মুম্বাইৰ সজ্জন জিন্দালৰ হাতত আছে, যিয়ে জে এছ ডব্লিউ ষ্টিল কোম্পানীক চলাই আছে।

স্বাভাৱিকতে, সাবিত্ৰী জিন্দাল দেশৰ প্ৰতিগৰাকী নাৰীৰ বাবে অনুপ্ৰেৰণাৰ অমল উত্‍স। তেওঁৰ সংগ্ৰাম আৰু সফলতাৰ ৰোমাঞ্চকৰ কাহিনী হ’ব পাৰে পাঠেয়। ভাৰতৰ সবাটোকৈ ধনাঢ্য মহিলা সাবিত্ৰী জিন্দালৰ জন্ম হৈছিল ২০মাৰ্চ, ১৯৫০চনত। অসমৰ তিনিচুকীয়া জিলাত জন্ম হৈছিল তেওঁৰ। মহাৰাজা অগ্ৰসেন চিকিৎসা মহাবিদ্যালয়, অগ্ৰোহাৰ অধ্যক্ষ পদতো অধিষ্ঠিত অসম কন্যা সাবিত্ৰী জিন্দাল। ১৯৭০ চনত ওম প্ৰকাশ জিন্দালৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলিছিল সাবিত্ৰীয়ে। ওমপ্ৰকাশ জিন্দাল ভাৰত বিখ্যাত জিন্দাল গ্ৰুপৰ আৰম্ভণি কৰাৰ উপৰি হাৰিয়ানা বিধানসভাৰ সহস্য পদো অলংকৃত কৰিছিল। ২০০৫ চনত এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল ওম প্ৰকাশ জিন্দাল। স্বামীৰ মৃত্যুৰ পাছত অধ্যক্ষাৰ পদ স্বম্ভালে সাবিত্ৰী জিন্দালে।
উদ্যমী মনোভাৱ আৰু কঠোৰ কৰ্মস্পৃহাৰ প্ৰতি সঁহাৰি জনাই সাবিত্ৰী জিন্দালক ২০০৮ চনত সৰ্বভাৰতীয় তেৰাপন্থ মহিলা মণ্ডলে আচাৰ্য তুলসী চেৰিটী বঁটা প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ