--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এজন শক্তিশালী অভিনেতা আমিৰ খান। আমিৰ খানৰ অভিনয় ইমানেই নিখুঁত যে তেওঁক 'মিষ্টাৰ পাৰ্ফেকচনিষ্ট' নামেৰে জনা যায়। সাধাৰণ মানুহে বলীউডৰ তাৰকাসকলৰ জীৱনশৈলীৰ বিষয়ে জানিব বিচাৰে বা তেওঁলোকৰ জীৱনশৈলী অনুকৰণ কৰিব বিচাৰে। পাছে আমিৰ খানৰ এটা অভ্যাসৰ বিষয়ে শুনিলে আপোনাৰ চকু কপালত উঠিব। যিটো অতি বেয়া অভ্যাস। আপুনি হয়তো ভাবে যে বলীউডৰ তাৰকাসকল অতি চাফ-চিকুণকৈ থাকে। পাছে আপোনাৰ সেই ধাৰণা ভংগ কৰিব আমিৰ খানে। 

আমিৰ খানে সদায় গা নুধুৱে। নিয়মীয়াকৈ গা নুধুৱে আমিৰ খানে। ২০১১ চনত 'ধোবী ঘাট' ছবিখনৰ প্ৰচাৰৰ সময়ত আমিৰৰ বেয়া স্বভাৱ পোহৰলৈ আহিছিল। বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নহ’লে তেওঁ গা নুধুৱে। একাংশ নেটিজেনৰ মতে আমিৰৰ লেতেৰা স্বভাৱৰ বাবে কিৰণ ৰাও বিৰক্ত হৈছিল।

এক সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমিৰ কিৰণে ইজনে সিজনৰ বেয়া কথাবোৰ আলোচনা কৰিছিল। সেই সময়ত অভিনেতাগৰাকীৰ প্ৰাক্তন পত্নীয়ে কৈছিল যে আমিৰে গা ধুব নিবিচাৰে। তেওঁ নিয়মিতভাৱে গা নুধুৱে। 

লগে লগে আমিৰ খানে আত্মপক্ষ ৰক্ষা কৰি কয় যে ''এয়া সম্পূৰ্ণ সঁচা নহয়। কামৰ বাবে বাহিৰলৈ গ'লে গা ধুই বাহিৰলৈ ওলাই যাওঁ। আৰু যিহেতু মই প্ৰায়ে বাহিৰলৈ ওলাই যাওঁ সেয়ে মোৰ গা ধোৱা কামটো হৈ থাকে।'' ঘৰত থাকিলে বা ছুটীত থাকিলেহে মই গা নুধুও বুলি অৱশ্যে নিজ মুখে আমিৰে স্বীকাৰ কৰিলে।

কিৰণে আমিৰৰ এই স্বভাৱ একেবাৰে ভাল নাপায়। তেওঁ সাক্ষাৎকাৰত এই কথা খুলাখুলিকৈ কৈছিল। 

বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট নামেৰে পৰিচিত আমিৰ খানৰ প্ৰাণৱন্ত অভিনয়ৰ সৈতে সকলো পৰিচিত। দীৰ্ঘদিন ধৰি হিন্দী চিনেমাত অভিনয় কৰি অহা আমিৰক অন্যতম শীৰ্ষ অভিনেতা হিচাপে গণ্য কৰা হয়। সেইগৰাকী আমিৰ খানেই বাস্তৱ জীৱনত এক অদ্ভুত বদ অভ্যাসৰ বলি হোৱা কথাটোৱে সকলোকে আচৰিত কৰি তুলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি