--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এজন শক্তিশালী অভিনেতা আমিৰ খান। আমিৰ খানৰ অভিনয় ইমানেই নিখুঁত যে তেওঁক 'মিষ্টাৰ পাৰ্ফেকচনিষ্ট' নামেৰে জনা যায়। সাধাৰণ মানুহে বলীউডৰ তাৰকাসকলৰ জীৱনশৈলীৰ বিষয়ে জানিব বিচাৰে বা তেওঁলোকৰ জীৱনশৈলী অনুকৰণ কৰিব বিচাৰে। পাছে আমিৰ খানৰ এটা অভ্যাসৰ বিষয়ে শুনিলে আপোনাৰ চকু কপালত উঠিব। যিটো অতি বেয়া অভ্যাস। আপুনি হয়তো ভাবে যে বলীউডৰ তাৰকাসকল অতি চাফ-চিকুণকৈ থাকে। পাছে আপোনাৰ সেই ধাৰণা ভংগ কৰিব আমিৰ খানে। 

আমিৰ খানে সদায় গা নুধুৱে। নিয়মীয়াকৈ গা নুধুৱে আমিৰ খানে। ২০১১ চনত 'ধোবী ঘাট' ছবিখনৰ প্ৰচাৰৰ সময়ত আমিৰৰ বেয়া স্বভাৱ পোহৰলৈ আহিছিল। বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নহ’লে তেওঁ গা নুধুৱে। একাংশ নেটিজেনৰ মতে আমিৰৰ লেতেৰা স্বভাৱৰ বাবে কিৰণ ৰাও বিৰক্ত হৈছিল।

এক সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমিৰ কিৰণে ইজনে সিজনৰ বেয়া কথাবোৰ আলোচনা কৰিছিল। সেই সময়ত অভিনেতাগৰাকীৰ প্ৰাক্তন পত্নীয়ে কৈছিল যে আমিৰে গা ধুব নিবিচাৰে। তেওঁ নিয়মিতভাৱে গা নুধুৱে। 

লগে লগে আমিৰ খানে আত্মপক্ষ ৰক্ষা কৰি কয় যে ''এয়া সম্পূৰ্ণ সঁচা নহয়। কামৰ বাবে বাহিৰলৈ গ'লে গা ধুই বাহিৰলৈ ওলাই যাওঁ। আৰু যিহেতু মই প্ৰায়ে বাহিৰলৈ ওলাই যাওঁ সেয়ে মোৰ গা ধোৱা কামটো হৈ থাকে।'' ঘৰত থাকিলে বা ছুটীত থাকিলেহে মই গা নুধুও বুলি অৱশ্যে নিজ মুখে আমিৰে স্বীকাৰ কৰিলে।

কিৰণে আমিৰৰ এই স্বভাৱ একেবাৰে ভাল নাপায়। তেওঁ সাক্ষাৎকাৰত এই কথা খুলাখুলিকৈ কৈছিল। 

বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট নামেৰে পৰিচিত আমিৰ খানৰ প্ৰাণৱন্ত অভিনয়ৰ সৈতে সকলো পৰিচিত। দীৰ্ঘদিন ধৰি হিন্দী চিনেমাত অভিনয় কৰি অহা আমিৰক অন্যতম শীৰ্ষ অভিনেতা হিচাপে গণ্য কৰা হয়। সেইগৰাকী আমিৰ খানেই বাস্তৱ জীৱনত এক অদ্ভুত বদ অভ্যাসৰ বলি হোৱা কথাটোৱে সকলোকে আচৰিত কৰি তুলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?