--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰম্ভ হৈছে গ্ৰন্থঋতু৷ এই গ্ৰন্থঋতুতেই পঢ়ুৱৈৰ হাতত পৰিব এখন বিশেষ গ্ৰন্থ৷ দেশজুৰি নয়নৰ মণি হৈ পৰা ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামিক লৈ গ্ৰন্থ প্ৰণয়ন কৰিছে এজন বিধায়কে৷ উত্তৰাখণ্ডৰ খানপুৰৰ বিধায়ক তথা ছামিৰ এজন নিকটতম বন্ধু উমেশ শৰ্মাই ছামিৰ জীৱনগাথাক লৈ ৰচিছে গ্ৰন্থ৷ 

ছামিয়ে জীৱনত সন্মুখীন হোৱা সংগ্ৰামক লৈ গ্ৰন্থখন ৰচনা কৰিছে বিধায়কগৰাকীয়ে৷ ক্ৰিকেটাৰজনে যেতিয়া তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন সময়ৰ মুখামুখি হৈছিল, তেতিয়া আশ্ৰয় লৈছিল বিধায়কগৰাকীৰ ঘৰত৷

ছামিয়ে এদিনীয়া আন্তৰ্জাতিক পৰ্যায়ত ৭টা উইকেট দখলেৰে ইতিহাস ৰচনা কৰি ভাৰতৰ বিশ্বকাপৰ নায়ক হ’ব পাৰে৷ কিন্তু তেওঁৰ জীৱনৰ যাত্ৰা কেতিয়াও সহজ নাছিল আৰু সদায়েই বিতৰ্কত আৱদ্ধ হৈ আছিল। তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন প্ৰত্যাহ্বানটো আছিল যেতিয়া তেওঁৰ বিচ্ছিন্ন পত্নীয়ে তেওঁৰ বিৰুদ্ধে ব্যভিচাৰ আৰু ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল। 

উত্তৰাখণ্ডৰ খানপুৰৰ নিৰ্দলীয় বিধায়ক উমেশ শৰ্মাই ‘৩০ দিন ছামিৰ সৈতে’ শীৰ্ষক গ্ৰন্থখনত ছামিৰ জীৱন তুলি ধৰিছে৷ কুমাৰে কৈছিল যে ছামি তেওঁৰ ঘৰত এমাহ আশ্ৰয় লৈছিল আৰু সেই সময়ছোৱাত তেওঁ পাকিস্তানৰ সৈতে মেচ ফিক্সিঙৰ অভিযোগৰ পাছত ক্ৰিকেটাৰজনৰ অৱস্থা প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় পেচাৰজনে অনুভৱ কৰিছিল যেন তেওঁ প্ৰতিদিনেই মৃত্যুমুখত পৰিছে৷ শৰ্মাই কৈছিল যে সেইসময়ত তেওঁ তেওঁৰ কাষত থিয় হৈ সান্ত্বনা দিছিল আৰু তেওঁক সমৰ্থন কৰিছিল।

সুৰেশ ৰাইনাই কয়, মই দেখিছিলোঁ যে কেনেকৈ ছামিয়ে কেৱল তেওঁৰ খেলৰ সৈতে যুঁজি থকাই নহয়, মানসিক ভাৰসাম্যও হেৰুৱাইছিল। তেওঁৰ মাত্ৰ এটা সপোন আছিল আৰু সেইটো আছিল দলটোৰ বাবে কিবা ভাল কৰা। এটা সময় আহিছিল যেতিয়া তেওঁ নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আছিল। উমেশতকৈ ছামিৰ অৱস্থা কোনেও ভালদৰে ব্যাখ্যা কৰিব নোৱাৰে৷

শৰ্মাই কৈছিল যে ২০১৮ত এজন পৰিচিত ব্যক্তিয়ে তেওঁক কৈছিল যে ছামি সংবাদ মাধ্যমৰ পৰীক্ষণ আৰু সমালোচনাত বহুত অসন্তুষ্ট আছিল। মই তেওঁৰ সৈতে প্ৰথমবাৰৰ বাবে ফোনযোগে কথা পাতিছিলোঁ আৰু পিছদিনা আমি লগ পাইছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত ছামিয়ে মোৰ ঘৰতেই আশ্ৰয় লৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement