--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত বিখ্যাত হুইস্কী ব্ৰেণ্ড ব্লেণ্ডাৰছ প্ৰাইড, ইম্পেৰিয়েল ব্লু আৰু লণ্ডন প্ৰাইডৰ সৈতে জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰে। ইয়াত শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে স্কচ হুইস্কি খোৱা লোকসকল সাধাৰণতে শিক্ষিত আৰু ধনী শ্ৰেণীৰ। উল্লেখ্য যে ইন্দোৰস্থিত কোম্পানী জে কে এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল সুৰা নিৰ্মাতা কোম্পানী পেৰনড ৰিকাৰ্ডে। ইয়াৰ জৰিয়তে এটা দাবী উত্থাপন হৈছিল যে এম পি কোম্পানীটোক ‘লণ্ডন প্ৰাইড’ৰ নামত সুৰা বিক্ৰী কৰা বন্ধ কৰিব লাগে।বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি পেৰনড ৰিকাৰ্ডে জে কে এণ্টাৰপ্ৰাইজে তেওঁলোকৰ ট্ৰেডমাৰ্ক উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। অভিযোগ উত্থাপন হৈছিল যে জে কে এণ্টাৰপ্ৰাইজে গ্ৰাহকক প্ৰতাৰণা কৰিবলৈ ‘লণ্ডন প্ৰাইড’ ব্যৱহাৰ কৰিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ সুশ্ৰুতা অৰবিন্দ ধৰ্মাধিকাৰী আৰু ন্যায়াধীশ প্ৰাণনয় বাৰ্মাৰ খণ্ড বিচাৰপীঠে।বিচাৰপীঠে কয় যে দুয়োটা ব্ৰেণ্ডৰ সামগ্ৰীৰ ভিতৰত আছে ‘প্ৰিমিয়াম’ আৰু ‘আল্ট্ৰা প্ৰিমিয়াম’, যাৰ গ্ৰাহকসকল বেছিভাগেই শিক্ষিত। তেওঁ কয়, ‘এনেধৰণৰ সামগ্ৰীৰ বেছিভাগ গ্ৰাহকেই শিক্ষিত আৰু ব্লেণ্ডাৰছ প্ৰাইড/ইম্পেৰিয়েল ব্লু আৰু লণ্ডন প্ৰাইডৰ বটল এটাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাৰ বুদ্ধিমত্তা থকা বুলি সহজেই ধৰিব পাৰি।’ ইয়াৰোপৰি আদালতে পাৰনড ৰিকাৰ্ডৰ আবেদনকো নাকচ কৰে। এই আবেদনত কোম্পানীটোৱে কৈছিল যে তেওঁলোকে ১৯৯৫ চনৰ পৰা ‘ব্লেণ্ডাৰছ প্ৰাইড’ চিহ্ন ব্যৱহাৰ কৰি আহিছে।লগতে ইন্দোৰস্থিত কোম্পানীটোৱে তেওঁলোকৰ ইম্পেৰিয়েল ব্লু ব্ৰেণ্ড ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰা হৈছিল।এই কোম্পানীটোৱে বিভিন্ন লেবেল, পেকেজিং আৰু ট্ৰেড ব্যৱহাৰ কৰি নিজৰ সুৰা বিক্ৰী কৰি আছে৷

আদালতে দুয়োটা সুৰাৰ বটলৰ তুলনা কৰি লক্ষ্য কৰিলে যে ইন্দোৰ কোম্পানীটোৰ চিন পেৰনড ৰিকাৰ্ডৰ সৈতে মিল থাকিব নোৱাৰে। আদালতে বটলবোৰৰ আকাৰৰ ভিন্নতাও ৰাখে।

আদালতে ৰায় দিয়ে যে ইম্পেৰিয়েল ব্লু চিহ্নত থকা ৰঙৰ সন্দৰ্ভত পাৰনড ৰিকাৰ্ডৰ কোনো পঞ্জীয়ন নাছিল। আদালতে লগতে কয় যে পাৰনড ৰিকাৰ্ডৰ পঞ্জীয়ন হৈছে ‘ব্লেণ্ডাৰছ প্ৰাইড’ আৰু ‘প্ৰাইড’ শব্দটো নহয়। বিচাৰপীঠে কয় যে জে কে এণ্টাৰপ্ৰাইজে ‘প্ৰাইড’ শব্দটো কেৱল ব্যৱহাৰ কৰিলেই গ্ৰাহকৰ মনত ভুল বুজাবুজি বা ভুল ধাৰণাৰ সৃষ্টি হ’ব নোৱাৰে।আদালতে কয় যে, ‘গোচৰীয়াৰ ট্ৰেডমাৰ্কৰ প্ৰথম শব্দটো হ’ল BLENDERS। আনহাতে, কোনো ধৰণৰ বৈষম্য বাদ দিলে, লণ্ডন প্ৰাইডৰ সৈতে কোনো ধৰণৰ সাদৃশ্য নাই। আদালতে বিচাৰ আদালতৰ উত্তৰত কোনো ত্ৰুটি পোৱা নাছিল, যিয়ে দুয়োটা চিহ্নৰ মাজত কোনো সাদৃশ্য নাই বুলি ৰায় দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক