--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটাকৈ বছৰৰ বিৰতিৰ পিছত এইবাৰ পুনৰ মুকলি কৰা হৈছে হিন্দু ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ তীৰ্থস্থান অমৰনাথৰ দ্বাৰ। ক'ভিড মহামাৰীৰ বাবে যোৱা দুটা বৰ্ষত অমৰনাথ যাত্ৰা বাতিল হোৱাৰ পিছত এই বৰ্ষত অহা ৩০ জুনৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। এই অমৰনাথ যাত্ৰাত বিপদসংকুল পথেদি যাত্ৰা কৰা তীৰ্থযাত্ৰীৰ সহায়ৰ বাবে পথৰ বিভিন্ন স্থানত নিয়োজিত হ'বলগীয়া উদ্ধাৰকাৰী দলত এইবাৰ আঠগৰাকী মহিলা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) কৰ্মীয়ে যোগদান কৰিব।

জুনৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া ৪৩ দিনীয়া যাত্ৰাটো দুটা পথৰ পৰা আৰম্ভ হ'ব। ইয়াৰে প্ৰথমটো পথ নুনৱানৰ পৰা ৪৮ কিলোমিটাৰ আৰু দ্বিতীয়টো পথ কাশ্মীৰৰ গান্দেৰবাল জিলাৰ বালতালৰ পৰা ১৪ কিলোমিটাৰ চুটি পথ। যাত্ৰাৰ বিপদসংকুল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই দুয়োটা পথৰ বিভিন্ন স্থানত এনডিআৰএফৰ প্ৰায় আঠটা দল নিয়োজিত কৰা হ'ব। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এই উদ্ধাৰকাৰীসকলে যাত্ৰাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু সুবিধা নিশ্চিত কৰিব। 

এন ডি আৰ এফৰ উপ-কমাণ্ডেণ্ট আৰ কে শৰ্মাই কয়, "এন ডি আৰ এফৰ দলসমূহক দুৰ্যোগত উদ্ধাৰ অভিযানৰ বাবে এই পথছোৱাত মোতায়েন কৰা হৈছে। মানৱ-সৃষ্ট বা প্ৰাকৃতিক, যেনে আকস্মিক বানপানী, ডাৱৰ বিস্ফোৰণ, হিমস্খলন, ভূমিস্খলন ইত্যাদি বিপদৰ সময়ত উদ্ধাৰকাৰী সকলে সেৱা আগবঢ়াব। আমাৰ আঠটা দল দুয়োটা পথৰ বিভিন্ন স্থানত নিয়োজিত কৰা হ'ব আৰু তেওঁলোকে ভক্তসকলক প্ৰতিটো প্ৰতিকূল অৱস্থাত সহায় কৰিব।"

“এটা দলত ৩০ জনকৈ প্ৰশিক্ষিত পৰ্বত উদ্ধাৰকাৰী থাকিব। এইবাৰ আমি আঠগৰাকী প্ৰশিক্ষিত মহিলা উদ্ধাৰকাৰীক আমাৰ দলত অন্তৰ্ভুক্ত কৰিছো। তেওঁলোকক শ্বেশনাগত নিয়োগ কৰা হ'ব। এই সাহসী আৰু প্ৰশিক্ষিত মহিলা কৰ্মীসকলে পহেলগামৰ পৰা পবিত্ৰ গুহাস্থিত মন্দিৰলৈ দীঘলীয়া আৰু বিপদসংকুল পথেদি যাত্ৰাৰ সময়ত মহিলা তীৰ্থযাত্ৰীসকল কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে সহায় আগবঢ়াব।"— আৰ কে শৰ্মাই কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ