--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটাকৈ বছৰৰ বিৰতিৰ পিছত এইবাৰ পুনৰ মুকলি কৰা হৈছে হিন্দু ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ তীৰ্থস্থান অমৰনাথৰ দ্বাৰ। ক'ভিড মহামাৰীৰ বাবে যোৱা দুটা বৰ্ষত অমৰনাথ যাত্ৰা বাতিল হোৱাৰ পিছত এই বৰ্ষত অহা ৩০ জুনৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। এই অমৰনাথ যাত্ৰাত বিপদসংকুল পথেদি যাত্ৰা কৰা তীৰ্থযাত্ৰীৰ সহায়ৰ বাবে পথৰ বিভিন্ন স্থানত নিয়োজিত হ'বলগীয়া উদ্ধাৰকাৰী দলত এইবাৰ আঠগৰাকী মহিলা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) কৰ্মীয়ে যোগদান কৰিব।

জুনৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া ৪৩ দিনীয়া যাত্ৰাটো দুটা পথৰ পৰা আৰম্ভ হ'ব। ইয়াৰে প্ৰথমটো পথ নুনৱানৰ পৰা ৪৮ কিলোমিটাৰ আৰু দ্বিতীয়টো পথ কাশ্মীৰৰ গান্দেৰবাল জিলাৰ বালতালৰ পৰা ১৪ কিলোমিটাৰ চুটি পথ। যাত্ৰাৰ বিপদসংকুল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই দুয়োটা পথৰ বিভিন্ন স্থানত এনডিআৰএফৰ প্ৰায় আঠটা দল নিয়োজিত কৰা হ'ব। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এই উদ্ধাৰকাৰীসকলে যাত্ৰাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু সুবিধা নিশ্চিত কৰিব। 

এন ডি আৰ এফৰ উপ-কমাণ্ডেণ্ট আৰ কে শৰ্মাই কয়, "এন ডি আৰ এফৰ দলসমূহক দুৰ্যোগত উদ্ধাৰ অভিযানৰ বাবে এই পথছোৱাত মোতায়েন কৰা হৈছে। মানৱ-সৃষ্ট বা প্ৰাকৃতিক, যেনে আকস্মিক বানপানী, ডাৱৰ বিস্ফোৰণ, হিমস্খলন, ভূমিস্খলন ইত্যাদি বিপদৰ সময়ত উদ্ধাৰকাৰী সকলে সেৱা আগবঢ়াব। আমাৰ আঠটা দল দুয়োটা পথৰ বিভিন্ন স্থানত নিয়োজিত কৰা হ'ব আৰু তেওঁলোকে ভক্তসকলক প্ৰতিটো প্ৰতিকূল অৱস্থাত সহায় কৰিব।"

“এটা দলত ৩০ জনকৈ প্ৰশিক্ষিত পৰ্বত উদ্ধাৰকাৰী থাকিব। এইবাৰ আমি আঠগৰাকী প্ৰশিক্ষিত মহিলা উদ্ধাৰকাৰীক আমাৰ দলত অন্তৰ্ভুক্ত কৰিছো। তেওঁলোকক শ্বেশনাগত নিয়োগ কৰা হ'ব। এই সাহসী আৰু প্ৰশিক্ষিত মহিলা কৰ্মীসকলে পহেলগামৰ পৰা পবিত্ৰ গুহাস্থিত মন্দিৰলৈ দীঘলীয়া আৰু বিপদসংকুল পথেদি যাত্ৰাৰ সময়ত মহিলা তীৰ্থযাত্ৰীসকল কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে সহায় আগবঢ়াব।"— আৰ কে শৰ্মাই কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ