--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন তাৰকাৰ পিছে পিছে ঘূৰি কেন্দ্ৰীয় চৰকাৰৰ সকলো তদন্তকাৰী সংস্থা। কোনো সাৰি যোৱা নাই জালৰ পৰা। কি এনচিবি, কি ইডি সকলো এতিয়া তাৰকাৰ দুৱাৰে দুৱাৰে ৰৈ কাণ উনাই ফুৰিছে। কোনে ক’ত কি অপৰাধ কৰিছে তাৰেই সন্ধানত দিন-ৰাতি একাকাৰ কৰিছে দলে দলে তদন্তকাৰীয়ে। এইবাৰ আন দুগৰাকী সুন্দৰীক জালত পেলাইছে এনফ’ৰ্ছমেণ্ট ডাইৰেক্টৰেটে। বাৰে বাৰে জেৰা কৰা হৈছে কানাডিয়ান নৃত্য পটীয়সী তথা অভিনেত্ৰী নোৰা ফাটেহী আৰু শ্ৰীলংকান সুন্দৰী বলীউডৰ অন্যতম শিহৰণ জেকলিন ফাৰ্নাণ্ডেজ। দুয়ো ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত জড়িত থকাৰ অভিযোগত কৰা হৈছে তদন্ত। ১৪ অক্টোবৰ দীঘলীয়া সময় ধৰি জেৰা কৰা হৈছিল নোৰা ফাটেহীক। নোৰাৰ লগতে জেৰাৰ বাবে জাননী জাৰি কৰা হৈছিল জেকলিন ফাৰ্নাণ্ডেজক। কিন্তু চাৰিবাৰকৈ ইডিৰ জাননীক উপেক্ষা কৰিছিল জেকলিন ফাৰ্নাণ্ডেজে। কিন্তু এৰাই চলিব নোৱাৰিলে জেৰাক।

বুধবাৰে ইডিৰ নতুন দিল্লীৰ কাৰ্যালয়ত হাজিৰ হ’ল অভিনেত্ৰী ফাৰ্নাণ্ডেজ। বিয়লি তিনি বজাত ইডিৰ কাৰ্যালয়ত তেওঁ উপস্থিত হৈছিল আৰু নিশা ১০বজালৈকে তেওঁক জেৰা কৰে ইডিৰ বিষয়াই। সুকেশ চন্দ্ৰশেখৰ নামৰ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত এগৰাকী লোক আৰু তেওঁৰ অভিনেত্ৰী পত্নী লীনা মাৰিয়া পলৰ ২০০ কোটিৰ হেৰাফেৰিৰ গোচৰ সন্দৰ্ভত জেৰা কৰা হয় অভিনেত্ৰীগৰাকীক। ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইনৰ আধাৰত অভিনেত্ৰীগৰাকীৰ জবানবন্দী ৰেকৰ্ড কৰে তদন্তকাৰী সংস্থাটোৱে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, সুকেশ চন্দ্ৰশেখৰ নামৰ লোকজনৰ এক সন্দেহজনক লেনদেনৰ সৈতে জেকলিনৰ সম্পৰ্ক থকাৰ সন্দেহত তেওঁক জেৰা কৰে তদন্তকাৰী সংস্থাটোৱে। জেকলিনৰ বেংক একাউণ্টৰ সবিশেষো তদন্তকাৰীয়ে পৰীক্ষা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আৰু পঢ়কঃ অফিচৰ মহিলা বছৰ সৈতে পত্নীৰ গভীৰ বন্ধুত্ব! অতীষ্ঠ হৈ চৰম সিদ্ধান্ত ল’লে স্বামীয়ে

জানিব পৰা মতে, তদন্তকাৰী সংস্থাটোৱে জেকলিনত সোধা প্ৰশ্নবোৰ আছিল এনেধৰণৰ…
: তেওঁ কেতিয়া সুকেশ চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা মাৰিয়া পলক লগ পাইছিল?
: সুকেশৰ সৈতে তেওঁ কথা পাতিছিল নেকি? যদি পাতিছিল কিমানবাৰ তেওঁলোকৰ মাজত কথা-বতৰা হৈছিল? আৰু তেওঁ জানি-শুনি কথা পাতিছিলনে?
: তেওঁ কেতিয়াবা সুকেশক ব্যক্তিগতভাৱে লগ পাইছিল নেকি?
: তেওঁৰ সুকেশ আৰু তেওঁ পত্নীৰ কোম্পনীৰ সৈতে যোৱা দুটা-তিনি বছৰত ধনৰ কোনো লেনদেন বা ব্যৱসায়িক সম্পৰ্ক হৈছিল নেকি?
: তেওঁ তেওঁলোকৰ পৰা কিবা উপহাৰ লৈছিল নেকি? যদি অভিনেত্ৰীগৰাকীয়ে উপহাৰ গ্ৰহণ কৰিছিল তেন্তে সেয়া কি উপহাৰ আছিল আৰু কেতিয়া উপহাৰ লৈছিল?

তদন্তকাৰী সংস্থাটোক জেকলিনে দিয়া উত্তৰ লৈ তেওঁলোক সন্তুষ্ট হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট কৰা নাই ইডিয়ে। প্ৰয়োজনত তেওঁক পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে আৰু তেওঁ সন্দেহৰ আৱৰ্তৰ পৰাও এতিয়াও মুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু