--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন তাৰকাৰ পিছে পিছে ঘূৰি কেন্দ্ৰীয় চৰকাৰৰ সকলো তদন্তকাৰী সংস্থা। কোনো সাৰি যোৱা নাই জালৰ পৰা। কি এনচিবি, কি ইডি সকলো এতিয়া তাৰকাৰ দুৱাৰে দুৱাৰে ৰৈ কাণ উনাই ফুৰিছে। কোনে ক’ত কি অপৰাধ কৰিছে তাৰেই সন্ধানত দিন-ৰাতি একাকাৰ কৰিছে দলে দলে তদন্তকাৰীয়ে। এইবাৰ আন দুগৰাকী সুন্দৰীক জালত পেলাইছে এনফ’ৰ্ছমেণ্ট ডাইৰেক্টৰেটে। বাৰে বাৰে জেৰা কৰা হৈছে কানাডিয়ান নৃত্য পটীয়সী তথা অভিনেত্ৰী নোৰা ফাটেহী আৰু শ্ৰীলংকান সুন্দৰী বলীউডৰ অন্যতম শিহৰণ জেকলিন ফাৰ্নাণ্ডেজ। দুয়ো ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত জড়িত থকাৰ অভিযোগত কৰা হৈছে তদন্ত। ১৪ অক্টোবৰ দীঘলীয়া সময় ধৰি জেৰা কৰা হৈছিল নোৰা ফাটেহীক। নোৰাৰ লগতে জেৰাৰ বাবে জাননী জাৰি কৰা হৈছিল জেকলিন ফাৰ্নাণ্ডেজক। কিন্তু চাৰিবাৰকৈ ইডিৰ জাননীক উপেক্ষা কৰিছিল জেকলিন ফাৰ্নাণ্ডেজে। কিন্তু এৰাই চলিব নোৱাৰিলে জেৰাক।

বুধবাৰে ইডিৰ নতুন দিল্লীৰ কাৰ্যালয়ত হাজিৰ হ’ল অভিনেত্ৰী ফাৰ্নাণ্ডেজ। বিয়লি তিনি বজাত ইডিৰ কাৰ্যালয়ত তেওঁ উপস্থিত হৈছিল আৰু নিশা ১০বজালৈকে তেওঁক জেৰা কৰে ইডিৰ বিষয়াই। সুকেশ চন্দ্ৰশেখৰ নামৰ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত এগৰাকী লোক আৰু তেওঁৰ অভিনেত্ৰী পত্নী লীনা মাৰিয়া পলৰ ২০০ কোটিৰ হেৰাফেৰিৰ গোচৰ সন্দৰ্ভত জেৰা কৰা হয় অভিনেত্ৰীগৰাকীক। ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইনৰ আধাৰত অভিনেত্ৰীগৰাকীৰ জবানবন্দী ৰেকৰ্ড কৰে তদন্তকাৰী সংস্থাটোৱে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, সুকেশ চন্দ্ৰশেখৰ নামৰ লোকজনৰ এক সন্দেহজনক লেনদেনৰ সৈতে জেকলিনৰ সম্পৰ্ক থকাৰ সন্দেহত তেওঁক জেৰা কৰে তদন্তকাৰী সংস্থাটোৱে। জেকলিনৰ বেংক একাউণ্টৰ সবিশেষো তদন্তকাৰীয়ে পৰীক্ষা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আৰু পঢ়কঃ অফিচৰ মহিলা বছৰ সৈতে পত্নীৰ গভীৰ বন্ধুত্ব! অতীষ্ঠ হৈ চৰম সিদ্ধান্ত ল’লে স্বামীয়ে

জানিব পৰা মতে, তদন্তকাৰী সংস্থাটোৱে জেকলিনত সোধা প্ৰশ্নবোৰ আছিল এনেধৰণৰ…
: তেওঁ কেতিয়া সুকেশ চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা মাৰিয়া পলক লগ পাইছিল?
: সুকেশৰ সৈতে তেওঁ কথা পাতিছিল নেকি? যদি পাতিছিল কিমানবাৰ তেওঁলোকৰ মাজত কথা-বতৰা হৈছিল? আৰু তেওঁ জানি-শুনি কথা পাতিছিলনে?
: তেওঁ কেতিয়াবা সুকেশক ব্যক্তিগতভাৱে লগ পাইছিল নেকি?
: তেওঁৰ সুকেশ আৰু তেওঁ পত্নীৰ কোম্পনীৰ সৈতে যোৱা দুটা-তিনি বছৰত ধনৰ কোনো লেনদেন বা ব্যৱসায়িক সম্পৰ্ক হৈছিল নেকি?
: তেওঁ তেওঁলোকৰ পৰা কিবা উপহাৰ লৈছিল নেকি? যদি অভিনেত্ৰীগৰাকীয়ে উপহাৰ গ্ৰহণ কৰিছিল তেন্তে সেয়া কি উপহাৰ আছিল আৰু কেতিয়া উপহাৰ লৈছিল?

তদন্তকাৰী সংস্থাটোক জেকলিনে দিয়া উত্তৰ লৈ তেওঁলোক সন্তুষ্ট হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট কৰা নাই ইডিয়ে। প্ৰয়োজনত তেওঁক পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে আৰু তেওঁ সন্দেহৰ আৱৰ্তৰ পৰাও এতিয়াও মুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ