--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : 'ইণ্ডিয়ান আইডল-১২'ৰ খিতাপ বিজয়ী পৱনদীপ ৰাজনৰ কণ্ঠ আৰু গায়কীয়ে এতিয়া জয় কৰিছে বহুতৰে অন্তৰ৷ দেশৰ সংগীত জগতৰ এটা পৰিচিত হৈ পৰা পৱনদীপে প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰিছে অসমীয়া গীতত৷ উত্তৰাখণ্ডৰ শিল্পীগৰাকীয়ে ইণ্ডিয়ান আইডলৰ প্ৰতিটো খণ্ডতে বিচাৰকৰ, অতিথিৰ পৰা আৰম্ভ কৰি দৰ্শকক গীতেৰে মোহিত কৰি আহিছিল৷ এই বিশেষ অনুষ্ঠানটোত পৱনদীপ-অৰুণিতা যুটিয়ে বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছিল৷

আৰু পঢ়িব পাৰিব :  ‘ভুকি নাথাকিব কোহলী’! কোনে আৰু কিয় এনেদৰে অপমান কৰিলে বিৰাট কোহলীক?


শেহতীয়াকৈ পৱনদীপ ৰাজনে এটি অসমীয়া গীতত কণ্ঠদান কৰিছে। ১৬ অক্টোবৰত মুক্তি লাভ কৰা ‘পগলা ফাগুণে’ শীৰ্ষক গীতটিয়ে ইতিমধ্যে ইউটিউবত জনপ্ৰিয়তা অৰ্জন কৰিছে। অতি সুন্দৰ লোকেচনত দৃশ্যগ্ৰহণ কৰা এই গীতটিৰ পৰিচালনা কৰিছে মনদীপ গগৈয়ে। সুৰ প্ৰডাকচনৰ এই গীতটি ৰচনা কৰিছে মনদীপ গগৈয়ে আৰু সংগীত দিছে বিভূতি গগৈয়ে।

আৰু পঢ়িব পাৰিব :  খেলপথাৰত ব্যৰ্থ..পিছে ডুবাইৰ হোটেলত পত্নী-কন্যাৰে কোহলীৰ সুখৰ সময়

গীতটিত অভিনয় কৰিছে সমীৰণ মোহন আৰু মণিকা শৰ্মাই৷ নৃত্য পৰিচালনা কৰিছে দীপু নেওগে। কেৱল গান গোৱাই নহয়, বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাতো পাকৈত পৱনদীপ। ইতিমধ্যে পৱনদীপে কেইবাটাও গীতত কণ্ঠদান কৰাৰ লগতে বহুকেইটা আঞ্চলিক ভাষাৰ গীতটো কণ্ঠদান কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ