--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন হেঁপাহ পলোৱা নাই এনচিবিৰ! বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ পুত্ৰ আৰিয়ানক বিগত কুৰিদিনে বন্দী কৰি ৰখাৰ পাছতো ক্ষান্ত হোৱা নাই এনচিবিৰ দল। শ্বাহৰুখে তেওঁৰ কাৰাবন্দী পুত্ৰক কাৰাগাৰত সাক্ষাৎ কৰাৰ কিছু সময়ৰ পাছতে শ্বাহৰুখৰ আবাস ‘মন্নত’ত উপস্থিত হ’ল এচিবিৰ বিষয়া। যেন সকীয়াই দিয়া হ’ল বলীউডৰ বাদশ্বাহক এতিয়াও তেওঁলোক ক্ষান্ত হোৱা নাই। পিকছাৰ অভী বাকী হ্যে… শ্বাহৰুখ। শ্বাহৰুখে কাৰাবন্দী পুত্ৰক কাৰাগাৰৰ নিয়ম মানি ১৫ মিনিটৰ বাবে সাক্ষাৎ কৰে। কাঁচৰ বেৰৰ দুয়োপাৰে ৰৈ কথা পাতে পিতা-পুত্ৰই।

সময়ৰ কি পৰিহাস যি শ্বাহৰুখক এবাৰ চাবৰ বাবে তেওঁৰ সন্মুখত হাজাৰ হাজাৰ লোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে, যি শ্বাহৰুখে এবাৰ হাত জোকাৰিলেই তেওঁৰ অগণিত অনুৰাগীয়ে সকলো সুখ-সন্তুষ্টি লাভ কৰে সেইগৰাকী শ্বাহৰুখেই আজি পুত্ৰক এবাৰ লগ পাবলৈও আদালতৰ দুৱাৰে দুৱাৰে গৈ অনুমতি ভিক্ষা কৰি কৰিবলগীয়া হৈছে। তথাপি তেওঁ কাঁচৰ দেৱালৰ ইপাৰে ৰৈয়েই কথা পাতিবলগীয়া হ’ল পুত্ৰৰ সৈতে। শ্বাহৰুখে পুত্ৰক সাক্ষাৎ কৰাৰ পাছতে তেওঁৰ সন্মুখত উপস্থিত হ’ল নতুন প্ৰত্যাহ্বান। এনচিবি-এ আৰিয়ান খানৰ গ্ৰেপ্তাৰ সম্পৰ্কীয় যাৱতীয় ‘পেপাৰ ৱৰ্ক’ কৰাৰ বাবেই ‘মন্নত’ত উপস্থিত হোৱা বুলি কোৱা হৈছে। তেওঁলোকে কোনো তালাচী বাদশ্বাহৰ ৰাজ মহলত নচলাই বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু আন এটা সূত্ৰই প্ৰকাশ কৰা মতে, আৰিয়ান সম্পৰ্কীয় তথ্য আহৰণ কৰা তথা তেওঁৰ ইলেক্ট্ৰনিক ডিভাইচ সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে মন্নতত উপস্থিত হৈছিল এনচিবিৰ দল। এনচিবি-এ আৰিয়ান খানৰ যদি কোনো ইলেকট্ৰনিক ডিভাইছ ঘৰত আছে তেন্তে সেয়া এনচিবিক জমা দিবলৈ জাননী জাৰি কৰে। তদুপৰি কিছু যাৱতীয় পেপাৰ ৱৰ্কো মন্নতত উপস্থিত হৈ কৰে এনচিবিৰ দলটোৱে।

পুত্ৰক লগ কৰিবলৈ যোৱা অৱস্থাত কেমেৰাত বন্দী বলীউড বাদশ্বাহ

এনচিবিৰ হৈ বিবি সিং নামৰ বিষয়াদজন মন্নতত উপস্থিত হৈছিল। শ্বাহৰুখে পুত্ৰৰ গ্ৰেপ্তাৰৰ পাছত প্ৰথবাৰলৈ পু্ত্ৰক সাক্ষাৎ কৰাৰ পাছতে এনচিবিৰ এই পদক্ষেপ সহজভাৱে লোৱা নাই শ্বাহৰুখৰ অনুৰাগী মহলে। উল্লেখ্য যে, বুধবাৰে আৰিয়ানৰ জামিন আবেদন অগ্ৰাহ্য কৰিছিল মু্ম্বাইৰ এখন বিশেষ আদালতে। এতিয়া জামিন আবেদন লৈ আৰিয়ানৰ অধিবক্তাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। উচ্চ ন্যায়ালয়ত অহা মঙলবাৰে আৰিয়ানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। ইফালে, কেৱল তাৰকাসকলৰ পিছত উঠি পৰি লগা এনচিবিৰ দৰে সংস্থাৰ বিৰুদ্ধে বলীউডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আৰু পঢ়কঃ উস্ কি জঘন্য! পৰ্ন ভিডিঅ’ চাবলৈ অমান্তি হোৱা বাবেই ৬ বছৰীয়া কন্যাক হত্যা তিনি কিশোৰৰ

বৃহস্পতিবাৰে আন এগৰাকী অভিনেত্ৰী অনন্যা পাণ্ডেৰ ঘৰতো তালাচী চলায় এনচিবিৰ দলে। কেৱল এয়াই নহয় অভিনেতা ছাংকী পাণ্ডেৰ জীয়ৰীৰ জেৰাৰ বাবেও চমন জাৰি কৰিছে এনচিবি-এ। আৰিয়ান কাণ্ডৰ সৈতে অনন্যাৰ সম্পৰ্ক থকা এতিয়া গুজব প্ৰচাৰ হ’বলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে, এনচিবি-এ আৰিয়ানক অভিযুক্ত কৰিবলৈ তেওঁৰ হোৱাটছএপ চাটক প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিছে। এই হোৱাটছএপ চাটত কেনেবাকৈ অনন্যাৰ সম্পৰ্ক পোহৰলৈ আহিছে বুলিও একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যাৰ বাবে এতিয়া এই ড্ৰাগছ কাণ্ডই অধিক জটিল মোৰ লোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে এনচিবি-এ এই সন্দৰ্ভত এতিয়ালৈ মুখ খোলা নাই। কিন্তু আৰিয়ান কাণ্ডৰ তদন্তৰে এয়াও এক অংশ বুলি এনচিবিৰ সূত্ৰই প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে ২বজাৰ পৰা এনচিবিৰ জেৰাৰ সন্মুখীন হ’ব অনন্যা। তদন্তকাৰী কি ক’ব অনন্যাই সেই কথাই উৎকণ্ঠিত কৰি ৰাখিছে শ্বাহৰুখৰ অনুৰাগী মহলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ