--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমাগত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱ বুলিলেই আমাৰ মনলৈ শুভ্ৰতা, স্নিগ্ধ শেৱালিৰ কথাই বিশেষকৈ আহে। এই শেৱালিৰ অবহিনে শৰতৰ সৃষ্টি যেন আধৰুৱা। এই শেৱালি ফুল দেখিবলৈ যেনেদৰে ধুনীয়া, ঠিক সেইদৰে ইয়াৰ গুণো অপৰিসীম।অকল শেৱালি ফুল বুলিলে ভুল হ’ব ইয়াৰ পাতৰো আছে বহু গুণাগুণ, জানো আহকচোন এই ফুলৰ ঔষধি গুণবোৰ-

১. জ্বৰ-কাহত শেৱালি ফুলৰ কুমলীয়া পাত মৌৰ লগত সেৱন কৰিলে সোনকালে উপশম পোৱা যায়।

২. শেৱালি ফুল শুকুৱাই থৈ আঞ্জা বনাই খালে পাচনতন্ত্ৰ শক্তিশালী হয়।

৩. শেৱালি ফুলৰ পাত নিয়মীয়া সেৱনে তেজ পৰিষ্কাৰ কৰে।

৪. কাহ, চৰ্দি, তনচিলাইটিছ, ফেৰঞ্জাইটিছ, চাইনাচাইটিছ, ব্ৰংকাইটিছ, হাপানী বা এজমা আদি ৰোগত শোৱালি ফুলৰ পাত আৰু ফুল খালে সুফল পোৱা যায়।

৫. শেৱালি ফুলৰ পাতে কৃমি পেলু নাশ কৰে।

৬. চুলি সৰা, অকালতে চুলি পকা আদি সমস্যাত শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায়।

৭. লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধিৰ লগতে ইয়াৰ বিভিন্ন সমস্যাৰ বাবে শেৱালি ফুল অতি উত্তম।

৮. মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষৰ বাবে শেৱালি ফুল অতি উত্তম বুলি বিবেচিত হৈছে। ইণ্ডোনেছিয়া, মালয়েছিয়া আদি দেশতো এই পাত চিকিৎসা ব্যৱহৃত হয়।

৯. শেৱালি ফুলৰ কোমল পাত কলপাতেৰে মেৰিয়াই জুইত পুৰি সেইখিন চেপি পোৱা ১০-১২ মিলিলিটাৰ ৰসৰ লগত অকণমান মৌজেল মিলাই দিনি তিনিবাৰকৈ কেইদিনমান সেৱন কৰিলে মেলিৰয়া জ্বৰকে ধৰি বাত বিষ, তনচিলাইটিছ, ফেৰিঞ্জাইটিছ, চাইনাচাইটিছ ৰোগত সুফল পোৱা যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ