--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমাগত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱ বুলিলেই আমাৰ মনলৈ শুভ্ৰতা, স্নিগ্ধ শেৱালিৰ কথাই বিশেষকৈ আহে। এই শেৱালিৰ অবহিনে শৰতৰ সৃষ্টি যেন আধৰুৱা। এই শেৱালি ফুল দেখিবলৈ যেনেদৰে ধুনীয়া, ঠিক সেইদৰে ইয়াৰ গুণো অপৰিসীম।অকল শেৱালি ফুল বুলিলে ভুল হ’ব ইয়াৰ পাতৰো আছে বহু গুণাগুণ, জানো আহকচোন এই ফুলৰ ঔষধি গুণবোৰ-

১. জ্বৰ-কাহত শেৱালি ফুলৰ কুমলীয়া পাত মৌৰ লগত সেৱন কৰিলে সোনকালে উপশম পোৱা যায়।

২. শেৱালি ফুল শুকুৱাই থৈ আঞ্জা বনাই খালে পাচনতন্ত্ৰ শক্তিশালী হয়।

৩. শেৱালি ফুলৰ পাত নিয়মীয়া সেৱনে তেজ পৰিষ্কাৰ কৰে।

৪. কাহ, চৰ্দি, তনচিলাইটিছ, ফেৰঞ্জাইটিছ, চাইনাচাইটিছ, ব্ৰংকাইটিছ, হাপানী বা এজমা আদি ৰোগত শোৱালি ফুলৰ পাত আৰু ফুল খালে সুফল পোৱা যায়।

৫. শেৱালি ফুলৰ পাতে কৃমি পেলু নাশ কৰে।

৬. চুলি সৰা, অকালতে চুলি পকা আদি সমস্যাত শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায়।

৭. লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধিৰ লগতে ইয়াৰ বিভিন্ন সমস্যাৰ বাবে শেৱালি ফুল অতি উত্তম।

৮. মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষৰ বাবে শেৱালি ফুল অতি উত্তম বুলি বিবেচিত হৈছে। ইণ্ডোনেছিয়া, মালয়েছিয়া আদি দেশতো এই পাত চিকিৎসা ব্যৱহৃত হয়।

৯. শেৱালি ফুলৰ কোমল পাত কলপাতেৰে মেৰিয়াই জুইত পুৰি সেইখিন চেপি পোৱা ১০-১২ মিলিলিটাৰ ৰসৰ লগত অকণমান মৌজেল মিলাই দিনি তিনিবাৰকৈ কেইদিনমান সেৱন কৰিলে মেলিৰয়া জ্বৰকে ধৰি বাত বিষ, তনচিলাইটিছ, ফেৰিঞ্জাইটিছ, চাইনাচাইটিছ ৰোগত সুফল পোৱা যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু