--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ষ্ট্ৰীট ফুড খাই বহু লোকে ভালপায়। ষ্ট্ৰীট ফুডৰ ভিতৰত অতি জনপ্ৰিয় ফুচকা। এই জনপ্ৰিয় ফুচকাকে নিষিদ্ধ কৰিবলৈ ওলাইছে কৰ্ণাটক চৰকাৰে। ফুচকাই কেন্সাৰৰ আশংকা বৃদ্ধি কৰিবলৈ লৈছে। 

তদন্তৰ সময়ত চৰকাৰে ফুচকাত ৰাসায়নিক ৰং পাইছে যিয়ে কেন্সাৰ ৰোগৰ আশংকা সৃষ্টি কৰিছে। এই সন্দৰ্ভত চৰকাৰে তদন্ত অব্যাহত ৰাখিছে। প্ৰয়োজন হ’লে ফুচকাতো নিষেধাজ্ঞা আৰোপ কৰিব পাৰে বুলি বিষয়াসকলে কয়। ইয়াৰ পূৰ্বে চৰকাৰে গোবি মাঞ্চুৰিয়ান আৰু কৃত্ৰিম ৰঙেৰে প্ৰস্তুত কৰা কাবাব নিষিদ্ধ কৰিছিল।

শেহতীয়াকৈ কৰ্ণাটকৰ স্বাস্থ্য বিভাগে কৰা এক সমীক্ষাত সমগ্ৰ ৰাজ্যৰ দোকানৰ পৰা প্ৰায় ২৫০ টা ফুচকাৰ নমুনা সংগ্ৰহ কৰা হৈছে। তদন্তৰ অন্তত দেখা গ’ল যে মুঠ নমুনাৰ ভিতৰত ৪০টা নমুনাই খাদ্য সুৰক্ষাৰ মানদণ্ড পূৰণ কৰা নাছিল। ইয়াত ব্ৰিলিয়েণ্ট ব্লু, টাৰ্ট্ৰাজিন আৰু ছানচেট ইয়েলোৰ দৰে কেন্সাৰ সৃষ্টিকাৰী ৰাসায়নিক ৰং পোৱা গৈছে। এইবোৰ এনেধৰণৰ ৰাসায়নিক পদাৰ্থ, যাৰ নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ অংগসমূহৰ যথেষ্ট ক্ষতি হ’ব পাৰে। কৰ্কট ৰোগকে ধৰি বহু গুৰুতৰ ৰোগৰ আশংকা আছে।

কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে এই বিষয়ত স্বাস্থ্য বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে। ৰাইজৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ দিশত এখোজ আগুৱাই গৈ দীনেশ গুণ্ডু ৰাৱে বিভাগীয় বিষয়াসকলক ৰাজপথৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, ৰন্ধা-বঢ়া কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰা আৰু ৰাসায়নিক ৰং ব্যৱহাৰ নকৰাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ নিৰ্দেশ দিয়ে।

ৰাৱে কয়, "কৃত্ৰিম ৰং ব্যৱহাৰ কৰা কটন কেণ্ডী, গোবি মাঞ্চুৰিয়ান আৰু কাবাব প্ৰস্তুত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা ৰাজ্যত বিক্ৰী হৈ থকা ফুচকাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বহু নমুনা “পৰীক্ষাত ব্যৰ্থ হৈছে।" তেওঁ কয় যে এই সন্দৰ্ভত অধিক বিশ্লেষণ কৰা হৈছে, আৰু স্বাস্থ্য বিভাগে পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে জনসাধাৰণে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত আৰু আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা খাদ্য সামগ্ৰী সেৱনৰ পৰা বিৰত থকা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু