--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ষ্ট্ৰীট ফুড খাই বহু লোকে ভালপায়। ষ্ট্ৰীট ফুডৰ ভিতৰত অতি জনপ্ৰিয় ফুচকা। এই জনপ্ৰিয় ফুচকাকে নিষিদ্ধ কৰিবলৈ ওলাইছে কৰ্ণাটক চৰকাৰে। ফুচকাই কেন্সাৰৰ আশংকা বৃদ্ধি কৰিবলৈ লৈছে। 

তদন্তৰ সময়ত চৰকাৰে ফুচকাত ৰাসায়নিক ৰং পাইছে যিয়ে কেন্সাৰ ৰোগৰ আশংকা সৃষ্টি কৰিছে। এই সন্দৰ্ভত চৰকাৰে তদন্ত অব্যাহত ৰাখিছে। প্ৰয়োজন হ’লে ফুচকাতো নিষেধাজ্ঞা আৰোপ কৰিব পাৰে বুলি বিষয়াসকলে কয়। ইয়াৰ পূৰ্বে চৰকাৰে গোবি মাঞ্চুৰিয়ান আৰু কৃত্ৰিম ৰঙেৰে প্ৰস্তুত কৰা কাবাব নিষিদ্ধ কৰিছিল

শেহতীয়াকৈ কৰ্ণাটকৰ স্বাস্থ্য বিভাগে কৰা এক সমীক্ষাত সমগ্ৰ ৰাজ্যৰ দোকানৰ পৰা প্ৰায় ২৫০ টা ফুচকাৰ নমুনা সংগ্ৰহ কৰা হৈছে। তদন্তৰ অন্তত দেখা গ’ল যে মুঠ নমুনাৰ ভিতৰত ৪০টা নমুনাই খাদ্য সুৰক্ষাৰ মানদণ্ড পূৰণ কৰা নাছিল। ইয়াত ব্ৰিলিয়েণ্ট ব্লু, টাৰ্ট্ৰাজিন আৰু ছানচেট ইয়েলোৰ দৰে কেন্সাৰ সৃষ্টিকাৰী ৰাসায়নিক ৰং পোৱা গৈছে। এইবোৰ এনেধৰণৰ ৰাসায়নিক পদাৰ্থ, যাৰ নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ অংগসমূহৰ যথেষ্ট ক্ষতি হ’ব পাৰে। কৰ্কট ৰোগকে ধৰি বহু গুৰুতৰ ৰোগৰ আশংকা আছে।

কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে এই বিষয়ত স্বাস্থ্য বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে। ৰাইজৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ দিশত এখোজ আগুৱাই গৈ দীনেশ গুণ্ডু ৰাৱে বিভাগীয় বিষয়াসকলক ৰাজপথৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, ৰন্ধা-বঢ়া কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰা আৰু ৰাসায়নিক ৰং ব্যৱহাৰ নকৰাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ নিৰ্দেশ দিয়ে।

ৰাৱে কয়, "কৃত্ৰিম ৰং ব্যৱহাৰ কৰা কটন কেণ্ডী, গোবি মাঞ্চুৰিয়ান আৰু কাবাব প্ৰস্তুত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা ৰাজ্যত বিক্ৰী হৈ থকা ফুচকাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বহু নমুনা “পৰীক্ষাত ব্যৰ্থ হৈছে।" তেওঁ কয় যে এই সন্দৰ্ভত অধিক বিশ্লেষণ কৰা হৈছে, আৰু স্বাস্থ্য বিভাগে পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে জনসাধাৰণে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত আৰু আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা খাদ্য সামগ্ৰী সেৱনৰ পৰা বিৰত থকা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ