--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ অৰ্থনৈতিক সংকট গভীৰ হৈ পৰিছে। পৰিস্থিতি ইমানেই বেয়া হৈ আহিছে যে চৰকাৰে চাহ খোৱা কমাবলৈ দেশৰ জনসাধাৰণক আহ্বান জনাইছে। দেশৰ পৰিকল্পনা আৰু উন্নয়ন মন্ত্ৰী আহছান ইকবালে জনসাধাৰণক জনাইছে যে পাকিস্তানে ঋণ লৈ চাহ আমদানি কৰিছে আৰু এই পদক্ষেপে আমদানি ব্যয় হ্ৰাস কৰাত সহায় কৰিব। 

এই সন্দৰ্ভত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি আহছান ইকবালে কয় যে ''মই দেশৰ জনসাধাৰণক আহ্বান জনাইছো যে দৈনিক এক কাপহে চাহ খাওক। চাহ খোৱাৰ পৰিমাণ হ্ৰাস কৰক। কাৰণ আমি ক্ৰেডিটত চাহ আমদানি কৰি আছো। এই সময়ত এনে পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয়।'' ইয়াৰ সমান্তৰালকৈ মন্ত্রীগৰাকীয়ে ব্যৱসায়ীসকলক আহ্বান জনাই কয় যে ''দেশত বিদ্যুৎ সংকট অধিক গভীৰ হৈছে, গতিকে নিশা ৮.৩০ বজালৈ বজাৰসমূহ বন্ধ কৰি ৰাখিব লাগে৷'' 

শেহতীয়াকৈ পাকিস্তানৰ বিত্তমন্ত্ৰী মিফতা ইছমাইলে সতৰ্কবাণী দিয়াৰ সময়তে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাক শ্ৰীলংকাৰ সৈতে তুলনা কৰিছিল। মন কৰিবলগীয়া যে পাকিস্তান চৰকাৰে যোৱা মাহত আমদানি ব্যয় হ্ৰাস কৰিবলৈ ৪১টা সামগ্ৰী আমদানি কৰাত দুমাহৰ বাবে নিষিদ্ধ কৰিছিল। কিন্তু এই নিষেধাজ্ঞাৰ বাবে আমদানি বিল মাত্ৰ ৬০ কোটি ডলাৰ হ্ৰাস পাইছে, যিটো মুঠ আমদানি ব্যয়ৰ পাঁচ শতাংশ। মন্ত্ৰী আহছান ইকবালৰ এই মন্তব্যক লৈ টুইটাৰত চৰ্চা আৰম্ভ হৈছে। এজনে টুইটাৰত ধেমালি কৰি কয় যে ''দেশক চাহৰ কাপৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়া মন্ত্ৰীয়ে কোন নীতিৰ অধীনত কাশ্মীৰক লৈ যাব?'' এজন ব্যৱহাৰকাৰীয়ে লিখিছে ''আহছান ইকবালে সঁচাকৈয়ে আমাক চাহ খোৱা কমাবলৈ কৈছে নেকি? তেওঁলোকে সঁচাকৈয়ে আমাক ইমান মূৰ্খ বুলি ভাবেনে?'' 

উল্লেখ্য যে পাকিস্তানত বৰ্তমান প্ৰতি লিটাৰত গাখীৰৰ দাম ১২৬ টকা হোৱাৰ বিপৰীতে চাহপাতৰ দাম প্ৰতি কেজি ৯০০ টকা। চেনিৰ মূল্য প্ৰতি কেজিত ১০০ টকা। এনে অৱস্থাত পাকিস্তানত চাহৰ দাম প্ৰতি কাপত ৩০ৰ পৰা ৪০ টকা পৰ্যন্ত হৈছে। সেয়েহে পাক মন্ত্ৰীগৰাকীয়ে পাক নাগৰিকক চাহ কমকৈ খাবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে