--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ অৰ্থনৈতিক সংকট গভীৰ হৈ পৰিছে। পৰিস্থিতি ইমানেই বেয়া হৈ আহিছে যে চৰকাৰে চাহ খোৱা কমাবলৈ দেশৰ জনসাধাৰণক আহ্বান জনাইছে। দেশৰ পৰিকল্পনা আৰু উন্নয়ন মন্ত্ৰী আহছান ইকবালে জনসাধাৰণক জনাইছে যে পাকিস্তানে ঋণ লৈ চাহ আমদানি কৰিছে আৰু এই পদক্ষেপে আমদানি ব্যয় হ্ৰাস কৰাত সহায় কৰিব। 

এই সন্দৰ্ভত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি আহছান ইকবালে কয় যে ''মই দেশৰ জনসাধাৰণক আহ্বান জনাইছো যে দৈনিক এক কাপহে চাহ খাওক। চাহ খোৱাৰ পৰিমাণ হ্ৰাস কৰক। কাৰণ আমি ক্ৰেডিটত চাহ আমদানি কৰি আছো। এই সময়ত এনে পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয়।'' ইয়াৰ সমান্তৰালকৈ মন্ত্রীগৰাকীয়ে ব্যৱসায়ীসকলক আহ্বান জনাই কয় যে ''দেশত বিদ্যুৎ সংকট অধিক গভীৰ হৈছে, গতিকে নিশা ৮.৩০ বজালৈ বজাৰসমূহ বন্ধ কৰি ৰাখিব লাগে৷'' 

শেহতীয়াকৈ পাকিস্তানৰ বিত্তমন্ত্ৰী মিফতা ইছমাইলে সতৰ্কবাণী দিয়াৰ সময়তে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাক শ্ৰীলংকাৰ সৈতে তুলনা কৰিছিল। মন কৰিবলগীয়া যে পাকিস্তান চৰকাৰে যোৱা মাহত আমদানি ব্যয় হ্ৰাস কৰিবলৈ ৪১টা সামগ্ৰী আমদানি কৰাত দুমাহৰ বাবে নিষিদ্ধ কৰিছিল। কিন্তু এই নিষেধাজ্ঞাৰ বাবে আমদানি বিল মাত্ৰ ৬০ কোটি ডলাৰ হ্ৰাস পাইছে, যিটো মুঠ আমদানি ব্যয়ৰ পাঁচ শতাংশ। মন্ত্ৰী আহছান ইকবালৰ এই মন্তব্যক লৈ টুইটাৰত চৰ্চা আৰম্ভ হৈছে। এজনে টুইটাৰত ধেমালি কৰি কয় যে ''দেশক চাহৰ কাপৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়া মন্ত্ৰীয়ে কোন নীতিৰ অধীনত কাশ্মীৰক লৈ যাব?'' এজন ব্যৱহাৰকাৰীয়ে লিখিছে ''আহছান ইকবালে সঁচাকৈয়ে আমাক চাহ খোৱা কমাবলৈ কৈছে নেকি? তেওঁলোকে সঁচাকৈয়ে আমাক ইমান মূৰ্খ বুলি ভাবেনে?'' 

উল্লেখ্য যে পাকিস্তানত বৰ্তমান প্ৰতি লিটাৰত গাখীৰৰ দাম ১২৬ টকা হোৱাৰ বিপৰীতে চাহপাতৰ দাম প্ৰতি কেজি ৯০০ টকা। চেনিৰ মূল্য প্ৰতি কেজিত ১০০ টকা। এনে অৱস্থাত পাকিস্তানত চাহৰ দাম প্ৰতি কাপত ৩০ৰ পৰা ৪০ টকা পৰ্যন্ত হৈছে। সেয়েহে পাক মন্ত্ৰীগৰাকীয়ে পাক নাগৰিকক চাহ কমকৈ খাবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ