--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাধিকবাৰ শুক্ৰাণু বা ডিম্বাণু  দান কৰিলে ভৱিষ্যতে সামাজিক সমস্যাই দেখা দিব পাৰে। দাতাৰ শুক্ৰাণু বা ডিম্বাণু পৰা একাধিক সন্তান জন্ম হ’লে, তেওঁলোকৰ মাজত আত্মীয়তাৰ সম্পৰ্ক থাকিব পাৰে বুলিায়েই আশংকা ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। সেইবাবেই কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত বৃহত্‍ পৰিৱৰ্তন অনাৰ উদ্যোগ হাতত লৈছে কেন্দ্ৰই।

গেজেট অধিসূচনাত ইতিমধ্যে 'সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) নিয়ম ২০২২'ত প্ৰকাশ পাইছে। প্ৰায় ৯০ পৃষ্ঠাৰ প্ৰস্তাৱনাত এফালে, কৃত্ৰিম গৰ্ভধাৰণক স্বীকৃতি দিয়াৰ সমান্তৰালকৈ এজন সক্ষম পুৰুষ বা মহিলাই জীৱনত কেৱল এবাৰহে শুক্ৰাণু বা ডিম্বাণু দান কৰিব পাৰিব বুলি স্পষ্টকৈ উল্লেখ আছে।

এই নতুন নিয়ম অনুসৰি, দুই প্ৰকাৰৰ আৰ্ট ক্লিনিক আছে। স্তৰ ১ আৰু ২। প্ৰতিটো আৰ্ট ক্লিনিকে পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নাথাকিলে টকা ঘূৰাই দিয়া নহ'ব। প্ৰতিটো ক্লিনিকত এগৰাকী পৰিচালক, একোজনকৈ মহিলা আৰু পুৰুষ ৰোগ বিশেষজ্ঞ আৰু এনাষ্টেটিষ্ট বিষেশজ্ঞ ৰাখিব লাগিব।

দম্পতী যদি সন্মত হয় তেতিয়া উল্লেখিত নিয়ম অনুসৰি মৃত্যুৰ পাছত তেওঁলোকৰ শৰীৰৰ পৰা শুক্ৰাণু আৰু ডিম্বাণু সংগ্ৰহ কৰিব পৰা যাব। এই ঘোষণাৰ পাছতে প্ৰশ্নৰ অৱতাৰণা কৰা দেখা গৈছে গৱেষকসকলে। তেওঁলোকৰ মতে, কোটি কোটি শুক্ৰাণুৰ ভিতৰত কেৱল এটা শুক্ৰাণুই ডিম্বাণু নিষিক্ত কৰে। সেইবাবে এই মুহূৰ্তত কৃত্ৰিম প্ৰজননত সফলতাৰ হাৰ ১৫-২০ শতাংশ। যদি নতুন নিয়ম প্ৰৱৰ্তন হয় তেতিসয়া অনাগত দিনবোৰত কৃত্ৰিম প্ৰজননত সন্তানহীন দম্পতীৰ জীৱনত শিশুৰ লাভৰ সুখ সপোন হৈয়ে ৰ’ব।কেৱল সেয়াই নহয়, শুক্ৰাণু আৰু ডিম্বাণুৰ যোগানো ক্ৰমান্বয়ে হ্ৰাস পাব বুলি সদৰী কৰিছে গৱেষকসকলে।

উল্লেখ্য যে, স্বৰ্গীয় সুভাষ মুখাৰ্জীৰ পিছত, ড. বৈদ্যনাথ চক্ৰৱৰ্তী আৰু ডঃ সুৰদেশন ঘোষদস্তিদাৰে যুটীয়াভাৱে IVF (ইনভিট্ৰো ফাৰ্টিলাইজেচন)ৰ ওপৰত কাম কৰা আৰম্ভ কৰিছিল। ডাঃ সুদৰ্শন ঘোষদস্তিদাৰে কৈছিল যে,  ‘১৯৮৬ চনত দ্বিতীয় টেষ্ট টিউব সন্তানৰ জন্ম হৈছিল। তাৰ পিছতে  ICMR-এ আমাৰ উপদেষ্টা হিচাপে কাম কৰিছিল। এতিয়ালৈকে কৃত্ৰিম গৰ্ভপাত আৰু শিশুৰ জন্ম হোৱা নিয়মবোৰ আমাৰ দ্বাৰা প্ৰস্তুত কৰা নিয়ম অনুসৰিয়েই তেওঁলোকে কাম কৰা আৰম্ভ কৰিছিল।’ তেওঁৰ মতে, ‘কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই নতুন নিয়মত কাৰ্যকৰী হ’লে শুক্ৰাণু আৰু ডিম্বাণুৰ যোগান হ্ৰাস পাব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে