--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাধিকবাৰ শুক্ৰাণু বা ডিম্বাণু  দান কৰিলে ভৱিষ্যতে সামাজিক সমস্যাই দেখা দিব পাৰে। দাতাৰ শুক্ৰাণু বা ডিম্বাণু পৰা একাধিক সন্তান জন্ম হ’লে, তেওঁলোকৰ মাজত আত্মীয়তাৰ সম্পৰ্ক থাকিব পাৰে বুলিায়েই আশংকা ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। সেইবাবেই কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত বৃহত্‍ পৰিৱৰ্তন অনাৰ উদ্যোগ হাতত লৈছে কেন্দ্ৰই।

গেজেট অধিসূচনাত ইতিমধ্যে 'সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) নিয়ম ২০২২'ত প্ৰকাশ পাইছে। প্ৰায় ৯০ পৃষ্ঠাৰ প্ৰস্তাৱনাত এফালে, কৃত্ৰিম গৰ্ভধাৰণক স্বীকৃতি দিয়াৰ সমান্তৰালকৈ এজন সক্ষম পুৰুষ বা মহিলাই জীৱনত কেৱল এবাৰহে শুক্ৰাণু বা ডিম্বাণু দান কৰিব পাৰিব বুলি স্পষ্টকৈ উল্লেখ আছে।

এই নতুন নিয়ম অনুসৰি, দুই প্ৰকাৰৰ আৰ্ট ক্লিনিক আছে। স্তৰ ১ আৰু ২। প্ৰতিটো আৰ্ট ক্লিনিকে পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নাথাকিলে টকা ঘূৰাই দিয়া নহ'ব। প্ৰতিটো ক্লিনিকত এগৰাকী পৰিচালক, একোজনকৈ মহিলা আৰু পুৰুষ ৰোগ বিশেষজ্ঞ আৰু এনাষ্টেটিষ্ট বিষেশজ্ঞ ৰাখিব লাগিব।

দম্পতী যদি সন্মত হয় তেতিয়া উল্লেখিত নিয়ম অনুসৰি মৃত্যুৰ পাছত তেওঁলোকৰ শৰীৰৰ পৰা শুক্ৰাণু আৰু ডিম্বাণু সংগ্ৰহ কৰিব পৰা যাব। এই ঘোষণাৰ পাছতে প্ৰশ্নৰ অৱতাৰণা কৰা দেখা গৈছে গৱেষকসকলে। তেওঁলোকৰ মতে, কোটি কোটি শুক্ৰাণুৰ ভিতৰত কেৱল এটা শুক্ৰাণুই ডিম্বাণু নিষিক্ত কৰে। সেইবাবে এই মুহূৰ্তত কৃত্ৰিম প্ৰজননত সফলতাৰ হাৰ ১৫-২০ শতাংশ। যদি নতুন নিয়ম প্ৰৱৰ্তন হয় তেতিসয়া অনাগত দিনবোৰত কৃত্ৰিম প্ৰজননত সন্তানহীন দম্পতীৰ জীৱনত শিশুৰ লাভৰ সুখ সপোন হৈয়ে ৰ’ব।কেৱল সেয়াই নহয়, শুক্ৰাণু আৰু ডিম্বাণুৰ যোগানো ক্ৰমান্বয়ে হ্ৰাস পাব বুলি সদৰী কৰিছে গৱেষকসকলে।

উল্লেখ্য যে, স্বৰ্গীয় সুভাষ মুখাৰ্জীৰ পিছত, ড. বৈদ্যনাথ চক্ৰৱৰ্তী আৰু ডঃ সুৰদেশন ঘোষদস্তিদাৰে যুটীয়াভাৱে IVF (ইনভিট্ৰো ফাৰ্টিলাইজেচন)ৰ ওপৰত কাম কৰা আৰম্ভ কৰিছিল। ডাঃ সুদৰ্শন ঘোষদস্তিদাৰে কৈছিল যে,  ‘১৯৮৬ চনত দ্বিতীয় টেষ্ট টিউব সন্তানৰ জন্ম হৈছিল। তাৰ পিছতে  ICMR-এ আমাৰ উপদেষ্টা হিচাপে কাম কৰিছিল। এতিয়ালৈকে কৃত্ৰিম গৰ্ভপাত আৰু শিশুৰ জন্ম হোৱা নিয়মবোৰ আমাৰ দ্বাৰা প্ৰস্তুত কৰা নিয়ম অনুসৰিয়েই তেওঁলোকে কাম কৰা আৰম্ভ কৰিছিল।’ তেওঁৰ মতে, ‘কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই নতুন নিয়মত কাৰ্যকৰী হ’লে শুক্ৰাণু আৰু ডিম্বাণুৰ যোগান হ্ৰাস পাব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ