--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঠিক প্ৰশিক্ষণৰ অভাৱৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিমান নিয়ন্ত্ৰক ডিজিচিএয়ে স্পাইচজেটৰ ৯০গাৰকী পাইলটক বোয়িং ৭৩৭ মেক্স বিমান উৰোৱাত নিষেধাজ্ঞ প্ৰদান কৰিছে। এক বিবৃতিত ডিজিচিএৰ মুৰব্বী অৰুণ কুমাৰে কয়, ‘এক আভ্যন্তৰীণ অনুসন্ধানত পোহৰলৈ আহিছে যে এই ৯০ জন পাইলটৰ বোয়িং ৭৩৭ মেক্স পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিশেষ প্ৰশিক্ষণ নাই। গতিকে বৰ্তমান সময়ৰ বাবে, তেওঁলোকক এই বিমান উৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ডিজিচিএৰ পৰামৰ্শ অনুসৰি, এই ৯০ জন পাইলটক পুনৰ প্ৰশিক্ষণ দিবলৈ কোৱা হৈছে। ডিজিচিএয়ে এই ভুলৰ বাবে দায়ী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ এক বাৰ্তা প্ৰদান কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত বোয়িং মেক্স পৰিয়ালৰ এই বিশেষ বিমানখন ২০১৮ চনৰ অক্টোবৰত ইণ্ডোনেছিয়াত আৰু ২০১৯ৰ মাৰ্চত ইথিঅ’পিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুয়োটা ঘটনাত প্ৰায় ৩৫০ জন যাত্ৰীৰ মৃত্যু হৈছিল। ১৯ মাৰ্চত, বোয়িং ৭৩৭ মেক্স সমগ্ৰ বিশ্বতে নিষিদ্ধ কৰা হৈছিল। উল্লেখ্য যে, ডিজিচিএয়ে যোৱা বছৰ আগষ্টত কিছুমান ছফ্টৱেৰ মেৰামতি কৰাৰ পাছত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল। 

উক্ত বিমানখন পুনৰ মাৰ্চত বিতৰ্কত লিপ্ত হৈছিল। চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ বোয়িং মেক্স কুনমিংৰ পৰা গুয়াংঝৌলৈ যাওঁতে ১৩২জন যাত্ৰীৰ সৈতে মধ্য বতাহত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। একাধিক সূত্ৰৰ মতে, অত্যাধুনিক বিমানখন উৰাবলৈ উপযুক্ত প্ৰশিক্ষণৰ অভাৱৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ইয়াৰ পাছত, ডিজিচিএ-এ ভাৰতত চলি থকা এই বিমানখন ‘বৰ্ধিত নিৰীক্ষণ’ৰ অধীনলৈ আনিছিল আৰু অনুসন্ধানত, ৯০ জন পাইলটৰ প্ৰশিক্ষণ ত্ৰুটি প্ৰকাশ পাইছে। পাইলটসকলক মেক্সৰ ভাৰ্চুৱেল প্ৰশিক্ষণ কেন্দ্ৰত সঠিক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।

ডিজিচিএ-ৰ দ্বাৰা নিষেধাজ্ঞা জাৰি কৰাৰ পাছত, স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হয়, যদি এই পাইলটসকলে সঠিক প্ৰশিক্ষণ অবিহনে কেনেকৈ বোয়িং মেক্স উৰুৱাই আছিল? পোনপটীয়া উত্তৰ পৰিহাৰ কৰি স্পাইচজেটৰ এজন মুখপাত্ৰই কয়, ‘আমাৰ ওচৰত ৬৫০ জন প্ৰশিক্ষিত পাইলট আছে যিয়ে বোয়িং ৭৩৭ মেক্স পৰিচালনা কৰিব পাৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ