--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানুহৰ অবাধ আতিশয্যই প্ৰকৃতি জগতলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। ক্ৰমাৎ অৱনতি ঘটিছে বায়ুৰ মানৰ। বিশ্বজুৰি পৰিৱেশ প্ৰদূষণে উদ্বেগজনক পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে  দেশলৈ আহিছে এক আশাৰ খবৰ। দেশৰ দুখন গুৰুত্বপূৰ্ণ মহানগৰক বৃক্ষৰ নগৰী হিচাপে স্বীকৃতি দিয়া হৈছে। এই মহানগৰ দুখন হৈছে হায়দৰাবাদ আৰু মুম্বাই।  ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা মায়ানগৰী মুম্বাইকো 'বৃক্ষনগৰী'ৰূপে চিহ্নিত কৰা হৈছে। এই কৃতিত্বই এতিয়া মায়ানগৰীলৈ অনন্য আনন্দ কঢ়িয়াই আনিছে৷ কিয়নো নিশাবোৰতো কেতিয়াও প্ৰশান্তিৰ নিৰ্জনতা নথকা তথা গভীৰ টোপনি নোযোৱা চহৰখনে ২১ খন দেশৰ ১৩৮ খন চহৰৰ ভিতৰত এখন হিচাপে পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ 

বৃহন মুম্বাই পৌৰ নিগমৰ (বিএমচি) উদ্যান বিভাগৰ বিষয়াসকলৰ মতে, মুম্বাইয়ে স্বাস্থ্যকৰ আৰু সেউজীয়া চহৰ নিৰ্মাণত নগৰীয়া বৃক্ষ আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ প্ৰতি প্ৰতিশ্ৰুতিৰ বাবে স্বীকৃতি লাভ কৰিছে।  চহৰখনত নতুন বৃক্ষ ৰোপন তথা ইয়াৰ প্ৰতিপালন আৰু পৰিৱেশ নিকাকৰণ, য'ত বসবাসৰ বাবে স্বাস্থ্যকৰ আৰু উপযোগী স্থানৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ বাবে আৰ্বৰ ডে ফাউণ্ডেচনে, এফএওৰ সৈতে প্ৰমাণপত্ৰৰে সন্মানিত কৰে৷ 
উদ্যান বিভাগৰ অধীক্ষক জিতেন্দ্ৰ পৰদেশীৰ মন্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, 'ৰাষ্ট্ৰসংঘৰ বিশ্বৰ ট্ৰী চিটী কাৰ্যসূচীয়ে ইয়াৰ নগৰীয়া বনাঞ্চলৰ প্ৰতি সম্প্ৰদায়সমূহৰ সমৰ্পণৰ বাবে নিৰ্দেশনা, সহায়-সহযোগিতা আৰু বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰে আৰু এক স্বাস্থ্যকৰ, বহনক্ষম নগৰ উদ্যানৰ বাবে এক ফ্ৰেমৱৰ্কো প্ৰদান কৰে। নিগমে জানুৱাৰীত বৃক্ষ ৰোপন, মিয়াৱাকি বনাঞ্চল আৰু বিভিন্ন উদ্ভাৱনী মূলক গছৰ যত্ন কাৰ্যকলাপৰ বাবে ইয়াৰ পদক্ষেপৰ কথা উল্লেখ কৰি স্বীকৃতিৰ বাবে আবেদন কৰিছিল। যাৰফলত চহৰখনে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল