--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানুহৰ অবাধ আতিশয্যই প্ৰকৃতি জগতলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। ক্ৰমাৎ অৱনতি ঘটিছে বায়ুৰ মানৰ। বিশ্বজুৰি পৰিৱেশ প্ৰদূষণে উদ্বেগজনক পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে  দেশলৈ আহিছে এক আশাৰ খবৰ। দেশৰ দুখন গুৰুত্বপূৰ্ণ মহানগৰক বৃক্ষৰ নগৰী হিচাপে স্বীকৃতি দিয়া হৈছে। এই মহানগৰ দুখন হৈছে হায়দৰাবাদ আৰু মুম্বাই।  ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা মায়ানগৰী মুম্বাইকো 'বৃক্ষনগৰী'ৰূপে চিহ্নিত কৰা হৈছে। এই কৃতিত্বই এতিয়া মায়ানগৰীলৈ অনন্য আনন্দ কঢ়িয়াই আনিছে৷ কিয়নো নিশাবোৰতো কেতিয়াও প্ৰশান্তিৰ নিৰ্জনতা নথকা তথা গভীৰ টোপনি নোযোৱা চহৰখনে ২১ খন দেশৰ ১৩৮ খন চহৰৰ ভিতৰত এখন হিচাপে পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ 

বৃহন মুম্বাই পৌৰ নিগমৰ (বিএমচি) উদ্যান বিভাগৰ বিষয়াসকলৰ মতে, মুম্বাইয়ে স্বাস্থ্যকৰ আৰু সেউজীয়া চহৰ নিৰ্মাণত নগৰীয়া বৃক্ষ আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ প্ৰতি প্ৰতিশ্ৰুতিৰ বাবে স্বীকৃতি লাভ কৰিছে।  চহৰখনত নতুন বৃক্ষ ৰোপন তথা ইয়াৰ প্ৰতিপালন আৰু পৰিৱেশ নিকাকৰণ, য'ত বসবাসৰ বাবে স্বাস্থ্যকৰ আৰু উপযোগী স্থানৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ বাবে আৰ্বৰ ডে ফাউণ্ডেচনে, এফএওৰ সৈতে প্ৰমাণপত্ৰৰে সন্মানিত কৰে৷ 
উদ্যান বিভাগৰ অধীক্ষক জিতেন্দ্ৰ পৰদেশীৰ মন্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, 'ৰাষ্ট্ৰসংঘৰ বিশ্বৰ ট্ৰী চিটী কাৰ্যসূচীয়ে ইয়াৰ নগৰীয়া বনাঞ্চলৰ প্ৰতি সম্প্ৰদায়সমূহৰ সমৰ্পণৰ বাবে নিৰ্দেশনা, সহায়-সহযোগিতা আৰু বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰে আৰু এক স্বাস্থ্যকৰ, বহনক্ষম নগৰ উদ্যানৰ বাবে এক ফ্ৰেমৱৰ্কো প্ৰদান কৰে। নিগমে জানুৱাৰীত বৃক্ষ ৰোপন, মিয়াৱাকি বনাঞ্চল আৰু বিভিন্ন উদ্ভাৱনী মূলক গছৰ যত্ন কাৰ্যকলাপৰ বাবে ইয়াৰ পদক্ষেপৰ কথা উল্লেখ কৰি স্বীকৃতিৰ বাবে আবেদন কৰিছিল। যাৰফলত চহৰখনে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ