--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসুস্থ হৈ পৰিছে লালু প্ৰসাদ যাদৱ। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে। বিগত কিছুদিনৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগিছে লালু প্ৰসাদ যাদৱ ৷শৰীৰত ক্ৰিয়েটিনিনৰ স্তৰ বৃদ্ধি পাইছে বিহাৰৰ প্ৰাক্তন মু্খ্যমন্ত্ৰীগৰাকীৰ। ইয়াৰ ফলত লালু প্ৰসাদ যাদৱ শাৰিৰীকভাৱে যথেষ্ট অসুস্থ হৈ পৰে। অসুস্থ লালু প্ৰসাদ যাদৱক এয়াৰ এম্বুলেঞ্চেৰে দিল্লী এইমছলৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে। উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি চলোৱা হৈছে৷ বৰ্তমান লালু প্ৰসাদ যাদৱ ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (RIMS) ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে ২১ ফেব্ৰুৱাৰীত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পুনৰ পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। ১৯৯৫-৯৬ চনত বিহাৰৰ দোৰান্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা বেআইনী ভাৱে সৰকোৱাৰ গোচৰত লালু প্ৰসাদ যাদৱক আদালতে দোষী সাব্যস্ত কৰিছিল। লালুৰ বিৰুদ্ধে উত্থাপিত পশুখাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল। আৰু পঢ়কঃ ‘ডাইনোচৰ মাছ’! বয়স ১০০,ওজন ৩০০ কেজি, ১১ ফুট দীঘল এক অদ্ভূত মাছ ভাইৰেল PCA Banner 2022
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই