--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসুস্থ হৈ পৰিছে লালু প্ৰসাদ যাদৱ। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে। বিগত কিছুদিনৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগিছে লালু প্ৰসাদ যাদৱ ৷শৰীৰত ক্ৰিয়েটিনিনৰ স্তৰ বৃদ্ধি পাইছে বিহাৰৰ প্ৰাক্তন মু্খ্যমন্ত্ৰীগৰাকীৰ। ইয়াৰ ফলত লালু প্ৰসাদ যাদৱ শাৰিৰীকভাৱে যথেষ্ট অসুস্থ হৈ পৰে। অসুস্থ লালু প্ৰসাদ যাদৱক এয়াৰ এম্বুলেঞ্চেৰে দিল্লী এইমছলৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে। উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি চলোৱা হৈছে৷ বৰ্তমান লালু প্ৰসাদ যাদৱ ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (RIMS) ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে ২১ ফেব্ৰুৱাৰীত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পুনৰ পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। ১৯৯৫-৯৬ চনত বিহাৰৰ দোৰান্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা বেআইনী ভাৱে সৰকোৱাৰ গোচৰত লালু প্ৰসাদ যাদৱক আদালতে দোষী সাব্যস্ত কৰিছিল। লালুৰ বিৰুদ্ধে উত্থাপিত পশুখাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল। আৰু পঢ়কঃ ‘ডাইনোচৰ মাছ’! বয়স ১০০,ওজন ৩০০ কেজি, ১১ ফুট দীঘল এক অদ্ভূত মাছ ভাইৰেল PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন