--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৃহৎসংখ্যক গছ কটাটো মানুহক হত্যা কৰাতকৈও গর্হিত কাম। দেশৰ উচ্চতম ন্যায়ালয়ে এই মত ব্যক্ত কৰিছে বুধবাৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এ ওকা আৰু উজ্জ্বল ভূঞাৰে গঠিত এখন বিচাৰপীঠে এই মত ব্যক্ত কৰে। সংৰক্ষিত তাজ ট্রেপেজিয়াম খণ্ডত ৪৫৪ জোপা গছ কাটি পেলোৱা এজন লোকৰ আৱেদন এখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে। 

'পৰিৱেশৰ সুৰক্ষা বিষয়ৰ গোচৰত কোনো ক্ষমা নাই, বৃহৎসংখ্যক গছ কটাটো এজন মানুহক হত্যা কৰাটোতকৈ গর্হিত কাম', বিচাৰপীঠখনে কয়। শীর্ষতম আদালতখনে কয় যে এই কাটি পেলোৱা ৪৫৪ জোপা গছে সৃষ্টি কৰা সেউজীয়া ধৰণী পুনৰ সৃষ্টি কৰিবলৈ কমেও ১০০ বছৰৰ প্ৰয়োজন হ'ব। অবৈধভাৱে এই গছ কটাটো কেতিয়াও গ্রহণযোগ্য নহয় বুলি পীঠখনে মন্তব্য কৰে। উল্লেখযোগ্য যে শিৱশংকৰ আগৰৱাল নামৰ ব্যক্তিজনে মথুৰা-বৃন্দাবনত ৪৫৪ জোপা গছ কাটিছিল আৰু ইয়াৰ বাবে অভিযুক্ত আগৰৱালক কেন্দ্ৰীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রতিজোপা গছৰ বাবত ১ লাখ টকাকৈ জৰিমনা বিহাৰ বাবে অনুমোদন জনাইছিল। 

জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহটাগীয়ে আগৰৱালৰ হৈ উচ্চতম ন্যায়ালয়ত অৱগত কৰে যে আগৰৱালে তেওঁৰ ভুল মানি লৈছে আৰু ইয়াৰ বাবে তেওঁৰ জৰিমনাৰ ধন হ্রাস কৰিব লাগে। শীর্ষতম আদালতখনে অভিযুক্ত আগৰৱালৰ আৱেদন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে আগৰৱালে গছ কটা ওচৰৰ ঠাইসমূহত পুনৰ গছ ৰোপণ কৰিব লাগিব। এই আদেশ পালনৰ পাছতহে তেওঁৰ বিৰুদ্ধে থকা গোচৰ প্রত্যাহাৰ কৰা হ'ব বুলি বিচাৰপীঠখনে আদেশ দিয়ে। বিচাৰপীঠখনে কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে জৰিমনাৰ ক্ষেত্ৰত আগবঢ়োৱা অনুমোদনক গ্ৰহণ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য