--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ডই কঁপাইছে বেংগালুৰু। এজন লোকে বৰ্বৰভাৱে হত্যা কৰিলে পত্নীক। হত্যা কৰিয়ে তেওঁ ক্ষান্ত নাথাকিল, মৃতদেহটোকো টুকুৰা-টুকুৰ কৈ কাটি ভৰালে ছুটকেছত।

বেংগালুৰুৰ হুলিমাভু অঞ্চলত ঘটিছে এই গাৰ নোম শিঁয়ৰি যোৱা ঘটনা। পত্নীক হত্যা কৰি শহুৰেকৰ ঘৰত নিজেই এই খবৰ দিয়ে স্বামীয়ে। 

অভিযুক্ত স্বামীৰ নাম ৰাকেশ। তেওঁৰ ঘৰ মহাৰাষ্ট্ৰত। হত্যাকাণ্ডৰ পিছত ৰাকেশে নিজেই পত্নীৰ পিতৃ-মাতৃক ফোন কৰি এই ভয়ানক অপৰাধৰ বিষয়ে অৱগত কৰে। হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম গৌৰী অনিল সম্বেকাৰ (৩২)। 

গৌৰীৰ পিতৃ-মাতৃয়ে মহাৰাষ্ট্ৰ আৰক্ষীক খবৰ দিয়াৰ পাছত মহাৰাষ্ট্ৰ আৰক্ষীয়ে বেংগালুৰুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। এই তথ্য লাভ কৰাৰ পিছতে ততাতৈয়াকৈ হুলিমাভু আৰক্ষী সেই স্থানত উপস্থিত হয়। আৰক্ষী উপ আয়ুক্ত চাৰা ফাতিমাইও সেই স্থানত উপস্থিত হৈ তদন্ত কৰে।

আৰক্ষীয়ে কয় যে দুয়োজনেই আছিল মহাৰাষ্ট্ৰৰ বাসিন্দা। সন্ধিয়া ৫:৩০ বজাত ঘৰৰ মালিকে দক্ষিণ-পূব আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এই ঘটনাৰ বিষয়ে খবৰ দিছিল।

গৌৰীয়ে গণসংযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু বৰ্তমান নিবনুৱা হৈ আছিল। ৰাকেশ ব্যক্তিগত কোম্পানী এটাত কাম কৰি ঘৰৰ পৰাই কাম কৰি আছিল। ঘৰৰ মালিক আৰু ওচৰ-চুবুৰীয়াৰ মতে, দুয়োৰে মাজত সঘনাই দুৰ্বাদল কাজিয়া হৈছিল। সূত্ৰ অনুসৰি গৌৰীয়ে কেইবাবাৰো ৰাকেশৰ ওপৰত হাত উঠাইছিল। এই কাজিয়াবোৰত বিৰক্ত হৈ পৰা ৰাকেশ ভিতৰি ভিতৰি খঙত উতলি আছিল। 

ঘটনাটো ঘটাৰ দিনাও বিশাল আৰু গৌৰীৰ বহুত ডাঙৰ কাজিয়া হৈছিল। কাজিয়া ইমানেই বাঢ়িল যে খঙতে ৰাকেশে হিতাহিত জ্ঞান হেৰুৱাই গৌৰীৰ পেটত ছুৰীৰে আঘাত কৰে। তাৰ পিছত গৌৰীৰ ডিঙিটোও ছুৰিৰে কাটি দিয়ে ৰাকেশে। হত্যাকাণ্ডৰ পিছত ৰাকেশে পত্নীৰ মৃতদেহটো টুকুৰা-টুকুৰ কৰি এটা ডাঙৰ ট্ৰেভেল ছুটকেছত ভৰাই বাথৰুমতে থৈ পলায়ন কৰে। 

সম্প্ৰতি আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত ব্যস্ত হৈ আছে আৰু অধিক তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু