--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ডই কঁপাইছে বেংগালুৰু। এজন লোকে বৰ্বৰভাৱে হত্যা কৰিলে পত্নীক। হত্যা কৰিয়ে তেওঁ ক্ষান্ত নাথাকিল, মৃতদেহটোকো টুকুৰা-টুকুৰ কৈ কাটি ভৰালে ছুটকেছত।

বেংগালুৰুৰ হুলিমাভু অঞ্চলত ঘটিছে এই গাৰ নোম শিঁয়ৰি যোৱা ঘটনা। পত্নীক হত্যা কৰি শহুৰেকৰ ঘৰত নিজেই এই খবৰ দিয়ে স্বামীয়ে। 

অভিযুক্ত স্বামীৰ নাম ৰাকেশ। তেওঁৰ ঘৰ মহাৰাষ্ট্ৰত। হত্যাকাণ্ডৰ পিছত ৰাকেশে নিজেই পত্নীৰ পিতৃ-মাতৃক ফোন কৰি এই ভয়ানক অপৰাধৰ বিষয়ে অৱগত কৰে। হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম গৌৰী অনিল সম্বেকাৰ (৩২)। 

গৌৰীৰ পিতৃ-মাতৃয়ে মহাৰাষ্ট্ৰ আৰক্ষীক খবৰ দিয়াৰ পাছত মহাৰাষ্ট্ৰ আৰক্ষীয়ে বেংগালুৰুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। এই তথ্য লাভ কৰাৰ পিছতে ততাতৈয়াকৈ হুলিমাভু আৰক্ষী সেই স্থানত উপস্থিত হয়। আৰক্ষী উপ আয়ুক্ত চাৰা ফাতিমাইও সেই স্থানত উপস্থিত হৈ তদন্ত কৰে।

আৰক্ষীয়ে কয় যে দুয়োজনেই আছিল মহাৰাষ্ট্ৰৰ বাসিন্দা। সন্ধিয়া ৫:৩০ বজাত ঘৰৰ মালিকে দক্ষিণ-পূব আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এই ঘটনাৰ বিষয়ে খবৰ দিছিল।

গৌৰীয়ে গণসংযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু বৰ্তমান নিবনুৱা হৈ আছিল। ৰাকেশ ব্যক্তিগত কোম্পানী এটাত কাম কৰি ঘৰৰ পৰাই কাম কৰি আছিল। ঘৰৰ মালিক আৰু ওচৰ-চুবুৰীয়াৰ মতে, দুয়োৰে মাজত সঘনাই দুৰ্বাদল কাজিয়া হৈছিল। সূত্ৰ অনুসৰি গৌৰীয়ে কেইবাবাৰো ৰাকেশৰ ওপৰত হাত উঠাইছিল। এই কাজিয়াবোৰত বিৰক্ত হৈ পৰা ৰাকেশ ভিতৰি ভিতৰি খঙত উতলি আছিল। 

ঘটনাটো ঘটাৰ দিনাও বিশাল আৰু গৌৰীৰ বহুত ডাঙৰ কাজিয়া হৈছিল। কাজিয়া ইমানেই বাঢ়িল যে খঙতে ৰাকেশে হিতাহিত জ্ঞান হেৰুৱাই গৌৰীৰ পেটত ছুৰীৰে আঘাত কৰে। তাৰ পিছত গৌৰীৰ ডিঙিটোও ছুৰিৰে কাটি দিয়ে ৰাকেশে। হত্যাকাণ্ডৰ পিছত ৰাকেশে পত্নীৰ মৃতদেহটো টুকুৰা-টুকুৰ কৰি এটা ডাঙৰ ট্ৰেভেল ছুটকেছত ভৰাই বাথৰুমতে থৈ পলায়ন কৰে। 

সম্প্ৰতি আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত ব্যস্ত হৈ আছে আৰু অধিক তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা