--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ গেট বা মুখ্য দুৱাৰ খুলি থোৱাৰ ক্ষেত্ৰত সাৱধান হওক। কেতিয়াবা ঘটিব পাৰে অঘটন। হাৰিয়ানাৰ ফৰিদাবাদত সংঘটিত হৈছে এক অদ্ভুত ঘটনা। এজনী গাইগৰু দৌৰি আহি সোমাল এঘৰ মানুহৰ ঘৰত। গাইগৰুজনীৰ পাছে পাছে দৌৰি আহিল এটা ষাঁড়গৰু। দুয়োটা পোনে পোনে গৈ সোমাল শোৱা কোঠাত। বিচনাৰ ওপৰত উঠি ল’লে দুয়ো। 

সেইসময়ত পৰিয়ালটোৰ এগৰাকী মহিলা ঘৰত অকলে আছিল। তেওঁ এই দৃশ্য দেখি আতংকিত হৈ আলমাৰীৰ ভিতৰতে সোমাই থাকিল।

ঘটনাটো ফৰিদাবাদৰ ডাবুৱা কলনীৰ। ইয়াত ৰাকেশ সাহু নামৰ লোকজন মাতৃ, পত্নী আৰু দুটি সন্তানৰ সৈতে থাকে। সন্তান দুটি আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। পুৱা ৰাকেশৰ মাতৃ বজাৰলৈ গৈছিল আৰু ৰাকেশ সাহু নিজৰ কামলৈ গৈছিল। 

ৰাকেশৰ পত্নীয়ে পূজা কৰি থকাৰ সময়তে গাইগৰুজনী তেওঁলোকৰ ঘৰত সোমাই গ’ল। লগে লগে দৌৰি আহিল এটা ষাঁড়গৰু। ভয়তে ৰাকেশৰ পত্নী আলমাৰীত আবদ্ধ হৈ থাকিল। কিছুসময়ৰ পাছত ৰাকেশৰ মাতৃ উভতি আহি দেখিলে যে ঘৰত জন্তু সোমাইছে। ইয়াৰ পিছতে তেওঁ চৌপাশৰ মানুহক এই বিষয়ে অৱগত কৰে।

সকলোৱে গোট খাই দুয়োটা জন্তুকে উলিয়াই আনিবলৈ চেষ্টা কৰিবলৈ ধৰিলে, কিন্তু ইমান ভিৰ দেখি ঘৰৰ পৰা গাই আৰু ষাঁড়গৰু বাহিৰলৈ ওলাই অহা নাছিল। ইয়াৰ পিছত সিহঁতৰ গাৰ ওপৰত পানী ঢালি দিয়াৰ পৰা আৰম্ভ কৰি ফটকা ফুটুৱালৈকে সকলো পদ্ধতি গ্ৰহণ কৰা হ’ল যদিও কোনো কামত নাহিল।

অন্যহাতে আলমাৰীত এঘণ্টা ধৰি সোমাই থকা ৰাকেশৰ পত্নীৰ অৱস্থাও কাহিল হৈ পৰিছিল। যেতিয়া কোনো এটা পদ্ধতিয়ে কাম নকৰিলে, চুবুৰীয়া এজনে নিজৰ পোহনীয়া কুকুৰটো লৈ তালৈ আহিল আৰু যেতিয়া কুকুৰটোৱে ভুকিবলৈ ধৰিলে, তেতিয়া এটা এটাকৈ দুয়োটা জন্তু ঘৰৰ পৰা ওলাই গ’ল।

উল্লেখ্য যে ফৰিদাবাদৰ অঘৰী জীৱ-জন্তুৰ সমস্যা এতিয়া ৰাজপথৰ পৰা শোৱা কোঠালৈকে বিয়পি পৰিছে। স্মাৰ্ট চিটিত অঘৰী জীৱ-জন্তুৰ বিপদ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ বাবেই প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ থাকে। যোৱা বছৰ ভাৰত কলনীত এটা জন্তুৱে খুন্দা মৰাৰ ফলত এজন ব্যৱসায়ীৰ মৃত্যু হৈছিল। এই গোচৰত মৃতকৰ পৰিয়ালৰ লোকে পৌৰ নিগমৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছিল।

মাত্ৰ কেইদিনমানৰ আগতে পৌৰ নিগমৰ এজন প্ৰাক্তন কৰ্মচাৰীকো ষাঁড়গৰুৱে খুন্দা মাৰিছিল, যাৰ বাবে তেওঁৰ মূৰত আঘাত পাইছিল আৰু কেইবাদিনো চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁৰ মৃত্যু হৈছিল। আপোনালোকক কওঁ যে জানুৱাৰী মাহত পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ে পৌৰ নিগম ফৰিদাবাদক আগন্তুক ৩০ দিনত চহৰখনক বিপথগামী জীৱ-জন্তুৰ পৰা মুক্ত কৰিবলৈ নিৰ্দেশ দিছিল যদিও কাৰ্যত ৰূপায়িত হোৱা নাই।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা