--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে আহিছে দুঃসংবাদ শুকুৰবাৰে নিশা তামিলনাডুত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত হৈছে তামিলনাডুৰ কাৱৰাইপেট্টাই ৰেলৱে ষ্টেচনত মহীশূৰ-দৰভংগা ভাগমতী এক্সপ্ৰেছ ৰে’লখন৷

জানিব পৰা মতে এখন ৰখাই থোৱা মালবাহী ৰে’লৰ পিছফালে খুন্দা মাৰে আৰু সংঘৰ্ষত মালবাহী ট্ৰেইনখনৰ দুটা ডবাত জুই লাগে৷ সংঘৰ্ষৰ পাছত দুটা ডবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে কমেও ১৩টা ডবা ৰেলপথৰ পৰা ওলাই যায়। এই দুৰ্ঘটনাত ১৯ গৰাকী যাত্ৰী আহত হৈছে  আহতসকলক চেন্নাইৰ চৰকাৰী ষ্টেনলি মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহতসকলক সাক্ষাৎ কৰে তামিলনাডুৰ উপ মুখ্যমন্ত্ৰী উধয়ানিধি ষ্টেলিনে।   

দক্ষিণ ৰে'লৱেৰ মহা প্ৰবন্ধক আৰ এন সিঙে সদৰি কৰিছে যে মহীশূৰ-দৰভংগা ভাগমতী এক্সপ্ৰেছ ৰে'লখনে মালবাহী ৰে'লখন ৰখা লুপ লাইনত প্ৰৱেশ কৰাৰ ফলত দুয়োখন ৰে'লৰ সংঘৰ্ষ হয়।গুদুৰ অভিমুখে গৈ আছিল ৰে'লখন।

বিভাগীয় বিষয়াই জানিবলৈ দিয়া মতে  এই ষ্টেচনত কোনো নিৰ্ধাৰিত ষ্টপেজ নথকাৰ বাবে। আনকি মূল লাইনৰ বাবে সংকেতো দিয়া হৈছিল এই ৰে'লখন মূল লাইনৰ মাজেৰে পাৰ হৈ যোৱাৰ কথা আছিল। ভুলবশতঃ ৰে'লখন লুপ লাইনত প্ৰৱেশ কৰিছিল য'ত মালবাহী ৰে'লখন ৰখাই থোৱা আছিল। মালবাহী ৰে'লখনক পিছফালৰ পৰা খুন্দা মৰাত ১২ টা ডবাসহ ইঞ্জিনটো লাইনচ্যুত হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে'লৱে, অগ্নি নিৰ্বাপক বিভাগ, ৰে'ল আৰক্ষী আৰু ৰাজ্যিক আৰক্ষীৰ উদ্ধাৰকাৰী দলক ঘটনাস্থলীত উপস্থিত হয় আৰু এম্বুলেন্স, ৰে'ল চিকিৎসকৰ লগতে জ্যেষ্ঠ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয়।

দক্ষিণ ৰে’লৱেইৰ চেন্নাই সংমণ্ডলে জৰুৰীকালীন হেল্পলাইন নম্বৰ ০৪৪-২৫৩৫৪১৫১ আৰু ০৪৪-২৪৩৫৪৯৯৫ জাৰি কৰিছে। চুবুৰীয়া অন্ধ্ৰ প্ৰদেশৰ ৰে’ল বিভাগেও জৰুৰীকালীন হেল্পলাইন নম্বৰ জাৰি কৰিছে- গুদুৰ: ০৮৬২৪ ২৫০৭৯৫, অংগোলে: ০৮৫৯২ ২৮০৩০৬, বিজয়াৱাদা: ০৮৬৬ ২৫৭১২৪৪ আৰু নেল্লোৰ: ০৮৬১ ২৩৪৫৮৬৩। ইয়াৰোপৰিও শস্তিপুৰ: ৮১০২৯১৮৮৪০, দৰভংগা: ৮২১০৩৩৫৩৯৫, দনাপুৰ: ৯০৩১০৬৯১০৫ আৰু ডি ডি ইউ জংচন: ৭৫২৫০৩৯৫৫৮ ৰ হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে।

দুৰ্ঘটনাৰ বাবে উক্ত ৰে’ল লাইনত ৰে’ল চলাচল ব্যাহত হৈ পৰিছে। ৰেল নং ১২৫৭৮ মহীসুৰু-দৰভংগা বাগমতী এক্সপ্ৰেছৰ কাৱৰাইপেট্টাই, ৰেল নং ১২০৭৭ ড° মেজিৰ চেন্নাই চেণ্ট্ৰেল-বিজয়াৱাড়া জন শতাব্দী এক্সপ্ৰেছ আৰু ৰেল নং ১২০৭৮ বিজয়াৱাড়া-ড° মেজিৰ চেন্নাই চেণ্ট্ৰেল জন শতাব্দী এক্সপ্ৰেছ বাতিল কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু