--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে আহিছে দুঃসংবাদ শুকুৰবাৰে নিশা তামিলনাডুত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত হৈছে তামিলনাডুৰ কাৱৰাইপেট্টাই ৰেলৱে ষ্টেচনত মহীশূৰ-দৰভংগা ভাগমতী এক্সপ্ৰেছ ৰে’লখন৷

জানিব পৰা মতে এখন ৰখাই থোৱা মালবাহী ৰে’লৰ পিছফালে খুন্দা মাৰে আৰু সংঘৰ্ষত মালবাহী ট্ৰেইনখনৰ দুটা ডবাত জুই লাগে৷ সংঘৰ্ষৰ পাছত দুটা ডবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে কমেও ১৩টা ডবা ৰেলপথৰ পৰা ওলাই যায়। এই দুৰ্ঘটনাত ১৯ গৰাকী যাত্ৰী আহত হৈছে  আহতসকলক চেন্নাইৰ চৰকাৰী ষ্টেনলি মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহতসকলক সাক্ষাৎ কৰে তামিলনাডুৰ উপ মুখ্যমন্ত্ৰী উধয়ানিধি ষ্টেলিনে।   

দক্ষিণ ৰে'লৱেৰ মহা প্ৰবন্ধক আৰ এন সিঙে সদৰি কৰিছে যে মহীশূৰ-দৰভংগা ভাগমতী এক্সপ্ৰেছ ৰে'লখনে মালবাহী ৰে'লখন ৰখা লুপ লাইনত প্ৰৱেশ কৰাৰ ফলত দুয়োখন ৰে'লৰ সংঘৰ্ষ হয়।গুদুৰ অভিমুখে গৈ আছিল ৰে'লখন।

বিভাগীয় বিষয়াই জানিবলৈ দিয়া মতে  এই ষ্টেচনত কোনো নিৰ্ধাৰিত ষ্টপেজ নথকাৰ বাবে। আনকি মূল লাইনৰ বাবে সংকেতো দিয়া হৈছিল এই ৰে'লখন মূল লাইনৰ মাজেৰে পাৰ হৈ যোৱাৰ কথা আছিল। ভুলবশতঃ ৰে'লখন লুপ লাইনত প্ৰৱেশ কৰিছিল য'ত মালবাহী ৰে'লখন ৰখাই থোৱা আছিল। মালবাহী ৰে'লখনক পিছফালৰ পৰা খুন্দা মৰাত ১২ টা ডবাসহ ইঞ্জিনটো লাইনচ্যুত হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে'লৱে, অগ্নি নিৰ্বাপক বিভাগ, ৰে'ল আৰক্ষী আৰু ৰাজ্যিক আৰক্ষীৰ উদ্ধাৰকাৰী দলক ঘটনাস্থলীত উপস্থিত হয় আৰু এম্বুলেন্স, ৰে'ল চিকিৎসকৰ লগতে জ্যেষ্ঠ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয়।

দক্ষিণ ৰে’লৱেইৰ চেন্নাই সংমণ্ডলে জৰুৰীকালীন হেল্পলাইন নম্বৰ ০৪৪-২৫৩৫৪১৫১ আৰু ০৪৪-২৪৩৫৪৯৯৫ জাৰি কৰিছে। চুবুৰীয়া অন্ধ্ৰ প্ৰদেশৰ ৰে’ল বিভাগেও জৰুৰীকালীন হেল্পলাইন নম্বৰ জাৰি কৰিছে- গুদুৰ: ০৮৬২৪ ২৫০৭৯৫, অংগোলে: ০৮৫৯২ ২৮০৩০৬, বিজয়াৱাদা: ০৮৬৬ ২৫৭১২৪৪ আৰু নেল্লোৰ: ০৮৬১ ২৩৪৫৮৬৩। ইয়াৰোপৰিও শস্তিপুৰ: ৮১০২৯১৮৮৪০, দৰভংগা: ৮২১০৩৩৫৩৯৫, দনাপুৰ: ৯০৩১০৬৯১০৫ আৰু ডি ডি ইউ জংচন: ৭৫২৫০৩৯৫৫৮ ৰ হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে।

দুৰ্ঘটনাৰ বাবে উক্ত ৰে’ল লাইনত ৰে’ল চলাচল ব্যাহত হৈ পৰিছে। ৰেল নং ১২৫৭৮ মহীসুৰু-দৰভংগা বাগমতী এক্সপ্ৰেছৰ কাৱৰাইপেট্টাই, ৰেল নং ১২০৭৭ ড° মেজিৰ চেন্নাই চেণ্ট্ৰেল-বিজয়াৱাড়া জন শতাব্দী এক্সপ্ৰেছ আৰু ৰেল নং ১২০৭৮ বিজয়াৱাড়া-ড° মেজিৰ চেন্নাই চেণ্ট্ৰেল জন শতাব্দী এক্সপ্ৰেছ বাতিল কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু