--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছেপ্তেম্বৰ মাহৰ শেষত মাহকাশত পৰিলক্ষিত হ’ব এক বিৰল মহাজাগতিক পৰিঘটনা৷ আকাশত এটা নহয়, দেখা যাব দুটাকৈ চন্দ্ৰ। যিটো স্বাভাৱিক চন্দ্ৰৰ আকৃতিতকৈ সৰু  এটা গ্ৰহাণু। ই চন্দ্ৰৰ দৰে আৰু ই পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিন কৰে, সেইবাবেই ইয়াক মিনি মুন বুলি অভিহিত কৰা হৈছে।

এই গ্ৰহাণুটো পৃথিৱীৰ কক্ষপথত নাছিল যদিও পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক পৃথিৱীৰ কক্ষ পথলৈ তানি আনিছে অৱশ্যে এই মিনি মুন বেছি দিনলৈ দৃশ্যমান হৈ নাথাকিব বুলি সদৰি কৰিছে জ্যোতিৰ্বিজ্ঞানীসকলে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে ২৫ নৱেম্বৰলৈ আকাশত মিনি মুন দেখা যাব। এই মহাজাগতিক সাক্ষী হ’বলৈ জ্যোতিৰ্বিজ্ঞান প্ৰেমীসকল সাজু হৈ উঠিছে। বিজ্ঞানীসকলে কয় যে এয়া এক বিৰল পৰিঘটনা।

উল্লেখযোগ্য যে এই পৰিঘটনাটো ২০২৪ চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ দৃশ্যমান হ’ব যেতিয়া চন্দ্ৰ ৫৬ দিন পৃথিৱীৰ কক্ষপথত থাকিব। চন্দ্ৰৰ লগতে মহাকাশত এটা সৰু ছন্দ্ৰ সদৃশ গ্ৰহাণু দেখিবলৈ পোৱা যাব। এই চন্দ্ৰটো আচলতে এটা গ্ৰহাণু, যাক মিনি মুন বুলি কোৱা হয় কাৰণ ইয়াক দেখাত সৰু চন্দ্ৰৰ দৰে আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এই বিশেষ পৰিঘটনাটোৰ নাম দিয়া হৈছে ২০২৪ পিটি৫।ই এটা সৰু গ্ৰহাণু, এই গ্ৰহাণু প্ৰায় ১০ মিটাৰ দীঘল, যিটো টেৰেষ্ট্ৰিয়েল-ইমপেক্ট লাষ্ট এলাৰ্ট চিষ্টেমৰ জৰিয়তে আৱিষ্কাৰ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু