--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৌৰজগতৰ বিষয়ে অধিক জানিবলৈ গৱেষক সকলে অহৰহ অধ্যয়ন চলাই আহিছে৷ ৰহস্যময় সৌৰজগতৰ আন এক ৰহস্যৰ সন্ধান কৰিছে গৱেষকসকলে৷ সৌৰজগতৰ বাহিৰত সন্ধান পাইছে নৰক সদৃশ এটা গ্ৰহ৷আশ্বৰ্য্যৰ বিষয় যে WASP-76b নামৰ এই গ্ৰহটো  ইয়াৰ নক্ষত্ৰৰ সৈতে সংযুক্ত হৈ থাকে৷ দিনৰ ভাগত ইয়াৰ তাপমাত্ৰা ২০০০ ডিগ্ৰী চেলছিয়াছ।তীব্ৰ বেগত বতাহ চলাচল কৰা গ্ৰহটোত, বায়ুত অতিমাত্ৰা লোহাৰ কণিকা পৰিলক্ষিত হৈছে। এই গ্ৰহটোৰ বায়ুমণ্ডলত এই কণাবোৰ দ্ৰুতগতিত ওপৰৰ পৰা তললৈ গতি কৰি থাকে। 

সৌৰজগতৰ বাহিৰতো বিদ্যমান বহিঃগ্ৰহ আৰু এই গ্ৰহবোৰে আন তৰাবোৰক প্ৰদক্ষিণ কৰে।এই ধৰণৰ গ্ৰহ ১৯৯০ চনত প্ৰথম আৱিষ্কাৰ হৈছিল আৰু তাৰ পাছৰ পৰা ৫,২০০ ৰো অধিক বহিঃগ্ৰহ আৱিষ্কাৰ হৈছে।এই বহিঃগ্ৰহসমূহৰ কিছুমান বৃহস্পতি বা শনিৰ দৰে আৰু আন কিছুমান সৰু সৰু শিলৰ পৃথিৱী সদৃশ গ্ৰহ যিবিলাক সম্ভৱতঃ বাসযোগ্য নহয়।উন্নত টেলিস্কোপ আৰু উন্নত পৰ্যবেক্ষণ কৌশলৰ বিকাশৰ লগে লগে এনেধৰণৰ অধিক গ্ৰহৰ সন্ধান কৰাৰ লগতে এই গ্ৰহবোৰৰ স্থান নিৰ্ণয় কৰাৰ সক্ষমতাও বৃদ্ধি পাব বুলি সদৰি কৰিছে গৱেষকসকলে।

শেহতীয়াকৈ WASP-76b গ্ৰহটোৱে গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই গ্ৰহটো পৃথিৱীৰ পৰা প্ৰায় ৬৪০ আলোকবৰ্ষ দূৰত্বত থকা এটা অতি উত্তপ্ত গেছৰ গ্ৰহ। ইয়াৰ কক্ষপথ ইয়াৰ নক্ষত্ৰৰ অতি ওচৰত। মাত্ৰ ১.৮ দিনতে ই নিজৰ নক্ষত্ৰৰ চাৰিওফালে এটা প্ৰদশিন সম্পূৰ্ণ কৰে।উল্লেখযোগ্য যে জেনেভা বিশ্ববিদ্যালয়ৰ একাংশ জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে WASP-76b গ্ৰহৰ বায়ুমণ্ডলত তীব্ৰ বতাহত লোহাৰ কণাবোৰ দ্ৰুতগতিত ওপৰৰ পৰা তললৈ গতি কৰি থকাৰ সাক্ষ্য সম্পৰ্কে Astronomy & Astrophysics নামৰ আলোচনীখনত প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ