--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত বৰ্ষৰ ২৪ জুনত দিল্লীৰ গুৰুগ্ৰামৰ আলফা হেল্থ কেয়াৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা নাগালেণ্ডৰ ৰ’জী চাংমা নামৰ এয়াৰ হোষ্টেছ গৰাকীৰ মৃত্যুৰ গোচৰে নতুন মূৰ লৈছে। এই গোচৰটোৰ তদন্ত কৰি থকা  কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআইয়ে গোচৰটোৰ সন্দৰ্ভত ফাদিল কৰিছে কিছুমান চাঞ্চল্যকৰ তথ্য। চিবিআইৰ প্ৰাথমিক তদন্তত ৰ’জী চাংমাৰ মৃত্যুৰ আঁৰত চিকিৎসা অৱহেলাৰ লগতে পোহৰলৈ আহিছে আন কিছু উদ্বেগজনক তথ্য। 

প্ৰাথমিক তদন্তৰ পাছতে চিবিআই- এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰ’জী চাংমাৰ মৃত্যুত কেৱল চিকিৎসালয় আৰু চিকিৎসকসকলৰ অৱহেলাই নহয়, স্পষ্ট হৈ পৰিছে একপ্ৰকাৰৰ চিকিৎসা অপৰাধৰ তথ্যও। চিবিআই- এ নিজ তদন্ত প্ৰতিবেদনত প্ৰকাশ কৰা মতে ৰ’জী শৰ্মাৰ স্ত্ৰীৰোগজনিত সমস্যাৰ চিকিৎসাত নিয়োজিত হৈছিল এগৰাকী দন্ত চিকিৎসক। গুপ্তাঙ্গৰ ৰক্তক্ষৰণৰ দৰে এক গুৰুতৰ ৰোগৰ চিকিৎসা এজন দন্ত চিকিৎসকে কৰি থকাৰ এই ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। 

চিবিআইৰ প্ৰতিবেদন অনুসৰি বিগত বৰ্ষৰ ২৪ জুনত তীব্ৰ ৰক্তক্ষৰণ আৰু বিষত আক্ৰান্ত ৰ’জীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়খনৰ মুখ্য চিকিৎসক অনুজ বিষ্ণৈৰ অনুপস্থিতিৰ বাবে  ৰ’জীৰ চিকিৎসাত নিয়োগ কৰা হৈছিল দন্ত চিকিৎসক অঞ্জলি আষ্কক। ৰ’জীৰ গুৰুতৰ অৱস্থাৰ বিষয়ে জ্ঞাত হোৱাৰ সত্বেও আষ্ক নামৰ এই স্ত্ৰীৰোগ সম্পৰ্কে সম্পূৰ্ণ অনভিজ্ঞ দন্ত চিকিৎসক গৰাকীক স্ত্ৰীৰোগজনিত সমস্যাৰ চিকিৎসা কৰাৰ লগতে  পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছিল চিকিৎসালয় কৰ্তৃপক্ষই।

আনহাতে চাৰি ঘণ্টাৰ পিছত মূখ্য চিকিৎসক বিষ্ণৈ চিকিৎসালয়ত উপস্থিত হয় আৰু পুৱা ১০.৪৫ বজাত তেওঁ ৰ’জীৰ গুৰুতৰ অৱস্থাৰ দোহাই দি আত্মীয়সকলক জৰুৰীভাৱে ব্লাড বেংকৰ পৰা তেজ যোগাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু দুপৰীয়া ১২.৩০ বজাত বিষ্ণৈয়ে বিজৱাচন আৰক্ষী থানাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি কটজনক অৱস্থাত থকা ৰ’জীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

পিছত আন এক তথ্যত তেওঁ পুনৰ সন্দেহজনক বিষক্ৰিয়াক ৰ’জীৰ মৃত্যুৰ কাৰণ হিচাপে উল্লেখ কৰে আৰু লগতে  ৰ’জীয়ে চিকিৎসাৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল বুলি দাবী কৰে। 

আনহাতে পুৱা ৬ বজাত ৰোগীৰ ভৰ্তিৰ সময় আৰু দুপৰীয়া ১২ বজাত উন্নত চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি ৰ’জীৰ এখন ডিচচাৰ্জ প্ৰমাণপত্ৰও প্ৰস্তুত কৰে। কিন্তু চিবিআইৰ প্ৰতিবেদনত প্ৰকৃততে ৰ’জীক চিকিৎসাৰ বাবে আন কোনো চিকিৎসালয়লৈ প্ৰেৰণ কৰা নাছিল বুলি দাবী কৰা হৈছে। 

চিবিআইৰ প্ৰতিবেদনৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত চিবিআইয়ে চিকিৎসক তথা চিকিৎসালয়খনৰ পৰিচালনা সঞ্চালক অনুজ বিষ্ণৈ আৰু দন্ত চিকিৎসক অঞ্জলি আষ্কৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। চিবিআইয়ে দাখিল কৰা এজাহাৰ অনুসৰি দুয়োজন চিকিৎসকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে ৰ’জী চাংমাৰ মৃত্যুৰ পিছতে তেওঁৰ সম্পৰ্কীয় ভতিজা চেমুৱেল চাংমাই চিকিৎসাৰ অৱহেলাৰ সন্দেহত চিকিৎসক আৰু চিকিৎসালয়ৰ অন্যান্য কৰ্মচাৰীৰ সৈতে বিবাদত লিপ্ত হৈছিল। পিছদিনাই, অৰ্থাৎ ২৫ জুনত দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামৰ এখন হোটেলত চেমুৱেলে আত্মহত্যা কৰাৰ খবৰ লাভ কৰিছিল।

আনহাতে ৰ’জীৰ মৃত্যুৰ পিছতে মেঘালয়ৰ সাংসদ আগাথা চাংমাই গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত এক অভিযোগ দিয়াৰ পিছত গৃহ মন্ত্ৰালয়ে চিবিআইক ৰ’জী আৰু চেমুৱেলৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। মৃত দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালে তেওঁলোকৰ মৃত্যুৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষকে জগৰীয়া কৰিছিল। আগাঠা চাংমাই লগতে শ্বাহক যিমান সম্ভৱ সোনকালে প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিবলৈ আৰু অপৰাধ প্ৰমাণিত হ’লে অভিযুক্ত সকলক দেশৰ আইন অনুসৰি শাস্তি প্ৰদানৰ লগতে ৰ’জী আৰু চেমুৱেলৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
১৪ দালাই লামাৰ পৱিত্ৰ জন্ম দিৱসত কৈলাশ শৰ্মা সম্বৰ্ধিত
লেখক শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল 'লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
ফাষ্টটেগৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ
সাৱধান! ChatGPTক এইসমূহ প্ৰশ্ন কৰিলে বিপদত পৰিব আপুনি...
উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণ ; আকস্মিক বানত ২জন শ্ৰমিকৰ মৃত্যু, ৭জন সন্ধানহীন
মৰাণৰ দৰে বৰমা-টিহু, নগাঁও-লামডিং পথতো হ'ব জৰুৰী অৱতৰণ প্ৰকল্প