--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কেটৰিনা -বিকিৰ বিবাহৰ দিন চমু চাপি আহিছে। চাওঁতে চাওঁতে কেলেণ্ডাৰত টুকুৰিয়াইছে ডিচেম্বৰে। আৰু মাত্ৰ কেইদিনমানৰ পাছতে বলীউড সুন্দৰী কেটৰিনা ৰে ঘৰ পাতিব বিকি কৌশলে। জানিবলৈ পোৱা মতে, বিয়াখনৰ যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিয়াৰ স্থান, পোছাক সকলো সময়মতে ঠিক হৈছে। তিনিদিন ধৰি অভ্যৰ্থনা অনুষ্ঠানো অনুষ্ঠিত হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কেটৰিনা-বিকিৰ বিবাহত উজলি উঠাৰে আশা কৰিছে ৰাজস্থানৰ ৰণথম্বো চহৰ। বলীউডৰ বহু ষ্টাৰ-ছুপাৰষ্টাৰৰ সমাৱেশত মুখৰ হৈ পৰিব ডিচেম্বৰৰ সন্ধ্যা। তাৰ বাবেই যেন অন্তহীন অপেক্ষা চলচ্চিত্ৰপ্ৰেমীৰ।

বিয়াখন বিলাসী ৰিজ’ৰ্ট ‘ছিক্স ইন্দ্ৰিয়’ত অনুষ্ঠিত হ’ব। বিয়ালৈ আমন্ত্ৰণ জনোৱা অতিথিসকলক ইতিমধ্যে কাৰ্ড বিতৰণ কৰা হৈছে। কেটৰিনাৰ ‘প্ৰাক্তন প্ৰেমিক’ ছলমান খানেও বিয়াখনত উপস্থিত থাকিব বুলি জনাইছে। কিন্তু ক্ষণিকৰ বাবেহে উপস্থিত হ’ব ছলমান খানে। সম্পূৰ্ণ বিবাহ অনুষ্ঠানত থকাৰ কথা নাই ভাইজানৰ। বিশেষ সূত্ৰৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, তাৰকা যুটিৰ বিয়াৰ বাবে ইতিমধ্যে ৪৫খন হোটেল বুক কৰা হৈছে। বলীউড আৰু টলীউডৰ বহুতো চেলিব্ৰিটী তেওঁলোকৰ পৰিয়ালৰ সৈতে কেটৰিনাৰ বিয়ালৈ অহাৰ কথা আছে, সেইবাবে ইমান কেইখন হোটেল বুক কৰিছে কেট সুন্দৰীয়ে। বিয়াৰ স্থানৰ পৰা আদি কৰি কেটৰিনাৰ লেহেংগাৰ খবৰেও ভাৰতীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছিল। এইবাৰ আকৌ কেটৰিনাৰ বিয়াত কেইখন হোটেল বুক কৰা হৈ তাকে লৈ চলিছে চৰ্চা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ