ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতে এই পৃথিৱী এৰি গুচি যোৱা আজি দুবছৰ সম্পূৰ্ণ হ’ল। নিজৰ অভিনয় দক্ষতাৰে সুদৰ্শন অভিনেতাজনে সকলোৰে হৃদয়ত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। অভিনেতা হিচাপেই নহয় এজন মানুহ হিচাপেও মানুহৰ মাজত সুশান্তৰ আছিল বিশাল সমাদৰ। সহজ-সৰল অভিনেতাজনে ছবি উদ্যোগটোত আৰু আপোনজনৰ জীৱনত এৰি থৈ যোৱা শূন্যতা কোনেও কেতিয়াও পূৰণ কৰিব নোৱাৰে।
২০২০ চনৰ ১৪ জুনত সুশান্তক তেওঁৰ ফ্লেটত মৃত অৱস্থাত কৰা উদ্ধাৰ হৈছিল। তেওঁৰ মৃত্যুক আত্মহত্যা বুলিয়েই ধাৰণা কৰা হৈছিল। কিন্তু তেওঁৰ পৰিয়াল আৰু আপোনজনে অনুভৱ কৰে যে সুশান্ত সিং ৰাজপুতে আত্মহত্যাৰ দৰে এটা পদক্ষেপ কেতিয়াও ল’ব নোৱাৰে। সুশান্তক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে বুলি বহুজনেই দাবী উত্থাপন কৰিলে। সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ পৰা আৰম্ভ কৰি বহুলোকৰ ওপৰত সন্দেহৰ আঙুলি উঠিল। কিছুদিনৰ পাছত সমষ্ট ঘটনা ড্ৰাগছকেন্দ্ৰিক হৈ পৰিল। দুবছৰ ধৰি ঘটনাটোৰ চলি আছে তদন্ত।
অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে তদন্তৰ প্ৰশ্ন উত্থাপন হয়
১৪ জুনত অভিনেতাগৰাকীৰ মৃত্যুৰ পাছত পিছদিনা অৰ্থাৎ ১৫ জুনত মুম্বাইৰ পৱনহংস শ্মশানত সুশান্তৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। মুম্বাই আৰক্ষীয়ে ইয়াক আত্মহত্যাৰ গোচৰ বুলি অভিহিত কৰিছিল যদিও সেই সময়ত বহু প্ৰশ্ন উত্থাপন হৈছিল যাৰ উত্তৰ আজিলৈকে পোৱা নাই। এফালে সুশান্তৰ পিতৃ কেকে সিঙে তদন্তৰ দাবী জনায়। ইয়াৰ উপৰিও বহু ৰাজনৈতিক ব্যক্তিয়েও এয়া এক হত্যাকাণ্ড বুলি কৈ তদন্তৰ দাবী জনাইছিল। এই কথা দেখি বলীউডৰ ভিতৰচৰাৰ পৰাও বহু প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। বলিউডত সুশান্তক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বহু প্ৰশ্ন উত্থাপন কৰিছিল অভিনেত্ৰী কংগনা ৰাণাৱটে। সুশান্তক বলীউডে অৱহেলা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল যাৰবাবে তেওঁ হতাশাত ভুগি আত্মহত্যাৰ পথ বাচি লোৱা বুলি বহু লোকেই দাবী কৰে। যাৰবাবে তীব্ৰ ভৰ্ৎসনাৰ বলি হয় কৰণ জোহৰ, ছলমান খান, আলিয়া ভাট আদিকে ধৰি বহু ডাঙৰ ডাঙৰ তাৰকা।
সুশান্তৰ পিতৃয়ে দাখিল কৰে FIR
ঘটনাৰ আঁৰত কিবা ষড়যন্ত্ৰৰ আশংকা কৰে সুশান্তৰ পিতৃকে ধৰি সমগ্ৰ পৰিয়ালে। ইফালে সুশান্তৰ ভিনিহিয়েক তথা উত্তৰ প্ৰদেশৰ আই পি এছ বিষয়া অ’ পি সিঙে বিষয়টোৰ ওপৰত গভীৰ তদন্তৰ দাবী জনায়। ঘটনাটোৱে নতুন ৰূপ ল’লে যেতিয়া ২০২০ চনৰ ২৯ জুলাইত সুশান্ত সিং ৰাজপুতৰ পিতৃ কেকে সিঙে পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী থানাত পুত্ৰৰ অভিযুক্ত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে আত্মহত্যাত সহায় কৰা বুলি গোচৰ তৰে। ইয়াৰ পিছত ২৯ জুলাইত তদন্তৰ বাবে পাটনা আৰক্ষীৰ দলটো মুম্বাইলৈ যায়। কিন্তু পাটনা আৰক্ষীৰ দলটোৱে মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা সহযোগিতা নাপালে। দুয়োখন ৰাজ্যৰ চৰকাৰো মুখামুখি হ’ল৷ উল্লেখ্য যে ১৮ জুনত তদন্ত আৰম্ভ হোৱাৰ আগতেই ৰিয়া চক্ৰৱৰ্তীয়ে মুম্বাইৰ বান্দ্ৰা থানাত নিজৰ বক্তব্য ৰেকৰ্ড কৰিছিল। ইয়াৰ পূৰ্বে ৰিয়াই সুশান্তৰ সৈতে জড়িত সকলো ছ’চিয়েল মিডিয়া পোষ্ট ডিলিট কৰিছিল।
চিবিআইয়ে দায়িত্ব লয়
২০২০ চনৰ ৪ জুলাইত এফ আই আৰ দাখিল কৰাৰ পূৰ্বে সুশান্তৰ পিতৃয়ে চি বি আইৰ তদন্তৰ দাবী জনাইছিল, যাৰ ভিত্তিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল। অভিযোগৰ আওতালৈ অহা ৰিয়া চক্ৰৱৰ্তীয়েও ১৬ জুলাই ২০২০ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এই বিষয়ত চিবিআইৰ তদন্তৰ দাবী জনায়। ইয়াৰ উপৰিও ২০২০ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰেও চিবিআইৰ তদন্তত অনুমোদন জনায়। উচ্চতম ন্যায়ালয়েও ১৯ আগষ্টত অনুমোদন জনাইছিল। ইয়াৰ পিছতে চিবিআইয়ে বিষয়টো নিজৰ হাতত লৈছিল।
ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে প্ৰমাণ পোৱা নগ'ল
এমাহৰ সোধা-পোছাৰ অন্তত ইডিৰ সূত্ৰই জনাইছিল যে ৰিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ধন সৰবৰাহৰ প্ৰমাণ পোৱা নাই। সুশান্তৰ ধন অপব্যৱহাৰ কৰি থকাৰো কোনো প্ৰমাণ পোৱা নাই। ইডিৰ বিষয়াসকলে জনোৱা মতে সুশান্তৰ বেংক একাউণ্টৰ পৰা ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ মাজত কোনো ধৰণৰ লেনদেন হোৱা নাই। অৱশ্যে ইডিয়ে এই খবৰসমূহ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ইয়াত এটা কথা জনাটো গুৰুত্বপূৰ্ণ যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত ড্ৰাগছৰ কোনো সম্পৰ্ক নাই, এতিয়ালৈকে কোনো তদন্তকাৰী সংস্থাই কোনো সম্পৰ্ক প্ৰমাণ কৰিব পৰা নাই। অভিযোগ উত্থাপন হৈছিল যে ৰিয়াই সুশান্তক ড্ৰাগছ দি বশ কৰিছিল। এনচিবিয়ে সুশান্তৰ মৃত্যুৰ গোচৰত ৰিয়া আৰু তেওঁৰ ভাতৃকে ধৰি মুঠ ১০ জন লোকক গ্ৰেপ্তাৰ কৰে। এই ১০ জনৰ ভিতৰত আছে ৰিয়া চক্ৰৱৰ্তী, ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী, সুশান্তৰ হাউচ মেনেজাৰ চেমুৱেল মিৰাণ্ডা, সুশান্তৰ কৰ্মচাৰী দীপেশ সাৱন্তৰ লগতে ড্ৰাগছ যোগানকাৰী জাইদ ভিলাত্ৰা, বাসিত পৰিহাৰ, অনুজ কেছোৱানী, কৈজান ইব্ৰাহিম, আব্বাছ আলী লখানী আৰু কৰণ আৰোৰা।
এইমছৰ পেনেলে কৰিলে আত্মহত্যা ঘোষণা
সুশান্ত সিঙৰ মৃত্যুৰ গোচৰত এইমছৰ পেনেলে নিশ্চিত কৰিছিল যে তেওঁৰ মৃত্যু আত্মহত্যাহে। তেওঁক হত্যা কৰা হোৱা নাই। এইমছৰ পেনেলৰ মূৰব্বী ডাঃ সুধীৰ গুপ্তাই কৈছিল যে সুশান্ত সিং ৰাজপুতক হত্যা কৰা হোৱা নাই, এয়া আত্মহত্যাৰ ঘটনা। সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হয় এইমছৰ দলটো। অৱশ্যে পৰিয়ালটোৱে হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰাৰ পিছত আৰম্ভ হোৱা তদন্ত এতিয়াও চলি আছে। সুশান্তৰ প্ৰিয় তাৰকাৰ মৃত্যুৰ সত্যতা ওলাই অহালৈ অপেক্ষা কৰি আছে সুশান্তৰ অনুৰাগীসকল। এই অপেক্ষাৰ কেতিয়া অন্ত পৰিব সেয়াহে হ’ব লক্ষ্যণীয়।