--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ'ল ভাৰতৰ গৌৰৱ লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। যাৰ কণ্ঠই ভাৰতক দিছিল বিশেষ মৰ্যাদা সেই কণ্ঠ আজি ৰুদ্ধ হ'ল। কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ আজি ৯২ বছৰ বয়সত মৃত্যু হয়। তেওঁক এই বছৰৰ জানুৱাৰীৰ আৰম্ভণিতে ক'ভিড-১৯ত আক্ৰান্ত হোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, তেওঁ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত নিউমোনিয়াত আক্ৰান্ত বুলিও ধৰা পৰিছিল। লতা মংগেশকাৰক আইচিইউত ভৰ্তি কৰোৱা হৈছিল আৰু লাহে লাহে তেওঁ আৰোগ্য হৈ উঠিছিল কিন্তু আজি কাল নিয়তিয়ে আমাৰ মাজৰ পৰা তেওঁক চিৰদিনলৈ কাঢ়ি লৈ গ'ল। লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী সুকণ্ঠী গায়িকাই এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ ঘৰত লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন পালন মহাৰাষ্ট্ৰত কৰা হয়।ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক 'ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী' আখ্যা দিছিল।১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে। গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ'ল। ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ 'আয়েগা আনেৱালা' শীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে। ইয়াৰ পিছত লতাজীয়ে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। লতা মংগেশকাৰে জীৱন কালত অলেখ বঁটা আৰু সন্মান লাভ কৰিলে। ইয়াৰ ভিতৰত অন্যতম- ফিল্ম ফেয়াৰ বঁটা (১৯৫৮,১৯৬২,১৯৬৫,১৯৬৯,১৯৯৩ আৰু ১৯৯৪) ৰাষ্ট্ৰীয় পুৰস্কাৰ (১৯৭২,১৯৭৫ আৰু ১৯৯০) মহাৰাষ্ট্ৰ চৰকাৰ পুৰস্কাৰ (১৯৬৬ আৰু ১৯৬৭) পদ্মভূষণ- ১৯৬৯ সৰ্বাধিক সংখ্যক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড- ১৯৭৪ দাদাচাহেব ফাল্কে বঁটা- ১৯৮৯ ফিল্ম ফেয়াৰৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৩ স্ক্ৰীনৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৬ ৰাজীৱ গান্ধী পুৰস্কাৰ- ১৯৯৭ এন.টি.আৰ. পুৰস্কাৰ- ১৯৯৯ পদ্মবিভূষণ বটা- ১৯৯৯ জী চিনে লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৯ আই.আই.এ.এফ লাইফটাইম এচিভমেণ্ট বটা- ২০০০ ষ্টাৰডাষ্ট লাইফটাইম এচিভমেণ্ট বটা- ২০০১ ভাৰতৰত্ন - ২০০১ নুৰজাহান বঁটা- ২০০১ মহাৰাষ্ট্ৰ ভূষণ- ২০০১ সময়ৰ নিয়ম মানি লতা মংগেশকাৰ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গল যদিও তেওঁ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। প্ৰাগ নিউজৰ ফালৰ পৰা তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি নিৱেদিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'