--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ'ল ভাৰতৰ গৌৰৱ লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। যাৰ কণ্ঠই ভাৰতক দিছিল বিশেষ মৰ্যাদা সেই কণ্ঠ আজি ৰুদ্ধ হ'ল। কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ আজি ৯২ বছৰ বয়সত মৃত্যু হয়। তেওঁক এই বছৰৰ জানুৱাৰীৰ আৰম্ভণিতে ক'ভিড-১৯ত আক্ৰান্ত হোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, তেওঁ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত নিউমোনিয়াত আক্ৰান্ত বুলিও ধৰা পৰিছিল। লতা মংগেশকাৰক আইচিইউত ভৰ্তি কৰোৱা হৈছিল আৰু লাহে লাহে তেওঁ আৰোগ্য হৈ উঠিছিল কিন্তু আজি কাল নিয়তিয়ে আমাৰ মাজৰ পৰা তেওঁক চিৰদিনলৈ কাঢ়ি লৈ গ'ল। লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী সুকণ্ঠী গায়িকাই এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ ঘৰত লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন পালন মহাৰাষ্ট্ৰত কৰা হয়।ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক 'ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী' আখ্যা দিছিল।১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে। গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ'ল। ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ 'আয়েগা আনেৱালা' শীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে। ইয়াৰ পিছত লতাজীয়ে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। লতা মংগেশকাৰে জীৱন কালত অলেখ বঁটা আৰু সন্মান লাভ কৰিলে। ইয়াৰ ভিতৰত অন্যতম- ফিল্ম ফেয়াৰ বঁটা (১৯৫৮,১৯৬২,১৯৬৫,১৯৬৯,১৯৯৩ আৰু ১৯৯৪) ৰাষ্ট্ৰীয় পুৰস্কাৰ (১৯৭২,১৯৭৫ আৰু ১৯৯০) মহাৰাষ্ট্ৰ চৰকাৰ পুৰস্কাৰ (১৯৬৬ আৰু ১৯৬৭) পদ্মভূষণ- ১৯৬৯ সৰ্বাধিক সংখ্যক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড- ১৯৭৪ দাদাচাহেব ফাল্কে বঁটা- ১৯৮৯ ফিল্ম ফেয়াৰৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৩ স্ক্ৰীনৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৬ ৰাজীৱ গান্ধী পুৰস্কাৰ- ১৯৯৭ এন.টি.আৰ. পুৰস্কাৰ- ১৯৯৯ পদ্মবিভূষণ বটা- ১৯৯৯ জী চিনে লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৯ আই.আই.এ.এফ লাইফটাইম এচিভমেণ্ট বটা- ২০০০ ষ্টাৰডাষ্ট লাইফটাইম এচিভমেণ্ট বটা- ২০০১ ভাৰতৰত্ন - ২০০১ নুৰজাহান বঁটা- ২০০১ মহাৰাষ্ট্ৰ ভূষণ- ২০০১ সময়ৰ নিয়ম মানি লতা মংগেশকাৰ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গল যদিও তেওঁ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। প্ৰাগ নিউজৰ ফালৰ পৰা তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি নিৱেদিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ