--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাৰ্মিংহামত  চলি থকা কমনৱেলথ ২০২২ ত ভাৰতীয় খেলুৱৈসকলে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আছে। ভাৰতৰ খেলুৱৈৰ শিৰত এতিয়ালৈকে জিলিকিছে মুঠ ৪০ টা পদক ৷ আজিৰ দিনটোলৈ পজক  তালিকাৰ পঞ্চম স্থানত আছে ভাৰত। একে সময়তে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে পদকৰ ক্ষেত্ৰতো ভাৰতৰ কাষেই চাপিব পৰা নাই৷

বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ৰ নৱম দিনটোতে ভাৰতীয় খেলুৱৈসকল চৰ্চাত আছিল। বিশেষকৈ মল্লযুদ্ধত ভাৰতে তিনিটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলৰ চতুৰ্থ দিনা, ভাৰতে  মুঠ ১৪  টা পদক অৰ্জন কৰিছিল৷ পদক লাভৰ সংখ্যা পৰৱৰ্তী দিন কেইটাত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে৷ ফলত আজি  পদকৰ তালিকাত  পঞ্চম স্থানলৈ উধাব পাৰিছে ভাৰতে। 

এতিয়ালৈকে ভাৰতৰ খেলুৱৈসকলে লাভ কৰা  মুঠ ৪০  টা পদকৰ  ভিতৰত ১৩  টা সোণ, ১১ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক আছে। একে সময়তে, পদক তালিকাত ১৫৫ টা পদকেৰে  অষ্ট্ৰেলিয়া প্ৰথম স্থানত আছে৷ আয়োজক ইংলেণ্ডৰ খেলুৱৈ লাভ কৰিছে মুঠ ১৪৮ টা পদক । পদক তালিকাৰ তিনি নম্বৰত আছে কানাডা, কানাডাই  মুঠ৮৪  টা পদক অৰ্জন কৰিছে৷ চতুৰ্থ স্থানত থকা নিউজিলেণ্ডৰ হাতসৈ গৈছে  ৪৪  টা পদক ।

আশা কৰা হৈছে যে খেলৰ দশম দিনা ভাৰতে নিউজিলেণ্ডক অতিক্ৰম কৰিব আৰু পদকৰ সংখ্যা ৫দ টাৰ ওপৰত হ’ব৷ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানেও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে৷ কিন্তু পদক তালিকাত দেশ খন  যথেষ্ট পিছ পৰি আছে। পাকিস্তানে এতিয়ালৈকে মাত্ৰ ৭ টা পদক জিকিছে৷ যাৰ ভিতৰত আছে এটা সোণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।

ভাৰোত্তোলন প্ৰতিযোগিতাত পাকিস্তানৰ একমাত্ৰ সোণৰ পদকটো মহম্মদ নোহে লাভ কৰিছে৷  নোহে ১০৯ কিলোগ্ৰাম ওজন শ্ৰেণীত পাকিস্তানৰ হৈ সোণৰ পদক জিকিছে। ইয়াৰ উপৰি পাকিস্তানে কুস্তিত পাঁচটা পদক লাভ কৰিছে।
 কমনৱেলথ গেমছৰ দশম দিনা ভাৰতৰ খেলুৱৈসকলে এনেবোৰ প্ৰতিযোগিতাত ভাগ ল’ব-

পুৰুষৰ ট্ৰিপল জাম্প ফাইনেল: আব্দুল্লাহ আবুবাকাৰ, এলডোচ পল, প্ৰবীণ চিত্ৰাৱাল - আবেলি ২:৪৫ বজাত
পুৰুষৰ ১০,০০০ মিটাৰ খোজ কঢ়া ফাইনেল: অমিত, সন্দীপ কুমাৰ - আবেলি ৩.৫০ বজাত

মহিলাৰ জেভলিন থ্ৰো ফাইনেল: শিল্পা ৰাণী, অন্নু ৰাণী - আবেলি ৪.০৫ বজাত৷

মহিলাৰ ৪x ১০০ মিটাৰ ৰিলে ফাইনেল: সন্ধিয়া ৫.২৪ বজাত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ