--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাৰ্মিংহামত  চলি থকা কমনৱেলথ ২০২২ ত ভাৰতীয় খেলুৱৈসকলে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আছে। ভাৰতৰ খেলুৱৈৰ শিৰত এতিয়ালৈকে জিলিকিছে মুঠ ৪০ টা পদক ৷ আজিৰ দিনটোলৈ পজক  তালিকাৰ পঞ্চম স্থানত আছে ভাৰত। একে সময়তে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে পদকৰ ক্ষেত্ৰতো ভাৰতৰ কাষেই চাপিব পৰা নাই৷

বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ৰ নৱম দিনটোতে ভাৰতীয় খেলুৱৈসকল চৰ্চাত আছিল। বিশেষকৈ মল্লযুদ্ধত ভাৰতে তিনিটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলৰ চতুৰ্থ দিনা, ভাৰতে  মুঠ ১৪  টা পদক অৰ্জন কৰিছিল৷ পদক লাভৰ সংখ্যা পৰৱৰ্তী দিন কেইটাত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে৷ ফলত আজি  পদকৰ তালিকাত  পঞ্চম স্থানলৈ উধাব পাৰিছে ভাৰতে। 

এতিয়ালৈকে ভাৰতৰ খেলুৱৈসকলে লাভ কৰা  মুঠ ৪০  টা পদকৰ  ভিতৰত ১৩  টা সোণ, ১১ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক আছে। একে সময়তে, পদক তালিকাত ১৫৫ টা পদকেৰে  অষ্ট্ৰেলিয়া প্ৰথম স্থানত আছে৷ আয়োজক ইংলেণ্ডৰ খেলুৱৈ লাভ কৰিছে মুঠ ১৪৮ টা পদক । পদক তালিকাৰ তিনি নম্বৰত আছে কানাডা, কানাডাই  মুঠ৮৪  টা পদক অৰ্জন কৰিছে৷ চতুৰ্থ স্থানত থকা নিউজিলেণ্ডৰ হাতসৈ গৈছে  ৪৪  টা পদক ।

আশা কৰা হৈছে যে খেলৰ দশম দিনা ভাৰতে নিউজিলেণ্ডক অতিক্ৰম কৰিব আৰু পদকৰ সংখ্যা ৫দ টাৰ ওপৰত হ’ব৷ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানেও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে৷ কিন্তু পদক তালিকাত দেশ খন  যথেষ্ট পিছ পৰি আছে। পাকিস্তানে এতিয়ালৈকে মাত্ৰ ৭ টা পদক জিকিছে৷ যাৰ ভিতৰত আছে এটা সোণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।

ভাৰোত্তোলন প্ৰতিযোগিতাত পাকিস্তানৰ একমাত্ৰ সোণৰ পদকটো মহম্মদ নোহে লাভ কৰিছে৷  নোহে ১০৯ কিলোগ্ৰাম ওজন শ্ৰেণীত পাকিস্তানৰ হৈ সোণৰ পদক জিকিছে। ইয়াৰ উপৰি পাকিস্তানে কুস্তিত পাঁচটা পদক লাভ কৰিছে।
 কমনৱেলথ গেমছৰ দশম দিনা ভাৰতৰ খেলুৱৈসকলে এনেবোৰ প্ৰতিযোগিতাত ভাগ ল’ব-

পুৰুষৰ ট্ৰিপল জাম্প ফাইনেল: আব্দুল্লাহ আবুবাকাৰ, এলডোচ পল, প্ৰবীণ চিত্ৰাৱাল - আবেলি ২:৪৫ বজাত
পুৰুষৰ ১০,০০০ মিটাৰ খোজ কঢ়া ফাইনেল: অমিত, সন্দীপ কুমাৰ - আবেলি ৩.৫০ বজাত

মহিলাৰ জেভলিন থ্ৰো ফাইনেল: শিল্পা ৰাণী, অন্নু ৰাণী - আবেলি ৪.০৫ বজাত৷

মহিলাৰ ৪x ১০০ মিটাৰ ৰিলে ফাইনেল: সন্ধিয়া ৫.২৪ বজাত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু